/asomiyapratidin/media/media_files/2026/01/07/new-ap-web-11-11-24-new-2-2026-01-07-13-25-44.jpg)
ডিজিটেল ডেস্কঃ শোণিতপুৰৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ এলেকাত চলোৱা বৃহৎ উচ্ছেদ অভিযান মঙলবাৰে সফলতাৰে সমাপ্ত হয়। এই অভিযানৰ জৰিয়তে প্ৰায় ৬,২০০ বিঘা চৰকাৰী বনভূমি বেদখলমুক্ত কৰা হৈছে। যাৰ ফলত ৭১০টা পৰিয়ালক উচ্ছেদ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2-2026-01-07-13-22-32.jpeg)
উল্লেখযোগ্য যে, এই উচ্ছেদ অভিযানত ৩৬খন জেচিবিৰ লগতে ৩০ খন ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। জিলা উপায়ুক্ত আনন্দ কুমাৰ দাস আৰু আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তত্বাৱধানত ৩০০ৰো অধিক আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ মোতায়ন কৰে। ইপিনে এই অভিযানত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষতে অৱস্থিত অঞ্চলৰ ভিতৰত অবৈধ বেদখলক লক্ষ্য কৰি লোৱা হৈছিল। সামৰি লোৱা অঞ্চলসমূহ হৈছে - জামুকতল, আৰিমাৰী, চিয়ালীচৰ, বাঘেটাপু, গলটিডুবি, লাঠিমাৰী, কুন্ডুলীচৰ, পূব ডুব্ৰামাৰী আৰু চুইচ গেটত অবৈধভাৱে বসবাস কৰা ৭১০টা পৰিয়ালক উচ্ছেদ কৰি ৬,২০০বিঘা মাটি বেদখলমুক্ত কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2026-2026-01-07-13-22-51.jpeg)
এই উচ্ছেদ অভিযান সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা হয়। ইপিনে পুনৰুদ্ধাৰ কৰা ভূমিৰ দীৰ্ঘম্যাদী সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু ভৱিষ্যতে পুনৰ বেদখল ৰোধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। সেয়া হৈছেঃ
১. বন বিষয়াসকলক তাৎক্ষণিক সীমা নিৰ্ধাৰণ আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা।
২.অভয়াৰণ্য আৰু চি এৰ সীমা স্পষ্টভাৱে নিৰ্ধাৰণ কৰিবলৈ পৰিধিৰ কাষে কাষে স্থায়ী কংক্ৰিটৰ খুঁটা স্থাপন কৰাৰ নিৰ্দেশ।
৩. বন বিভাগৰ বিষয়াসকলক এলেকাৰ ভিতৰতে শীঘ্ৰে বাগিচা কাৰ্যসূচী আৰম্ভ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে।
প্ৰণিধানযোগ্য যে, এই উচ্ছেদ অভিযানৰ দ্বিতীয়তো দিনত উচ্ছেদৰ সময়ত একাংশ লোকে আৰক্ষীৰ ওপৰত খড়্গহস্ত হৈ লাঠীৰ লগতে বিভিন্ন সামগ্ৰীৰ আক্ৰমণ চলাবলৈ চেষ্টা কৰে যদিও প্ৰশাসনে নিয়ন্ত্ৰণ কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2026-0-2026-01-07-13-23-07.jpeg)
আনপিনে বিগত ২০২১ বৰ্ষৰ পৰা বিভিন্ন জিলাত বৃহৎ সংখ্যক উচ্ছেদ অভিযান চলি আহিছে । তিনিদিন পূৰ্বে হোজাই জিলাত প্ৰায় ৬০০০ বিঘা চৰকাৰী ভূমিত উচ্ছেদ সম্পন্ন কৰা হয় । ২০২৪ চনৰ ১৮ জুলাইত বুঢ়াচাপৰিত মুঠ ১,৮৯২ হেক্টৰ ভূমিত ২,৫৫৩ টা পৰিয়ালক উচ্ছেদ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2-2026-01-07-13-23-23.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us