/asomiyapratidin/media/media_files/2025/10/30/82-2025-10-30-18-48-04.jpg)
ডিজিটেল সংবাদ, গহপুৰ : আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ ব্যৰ্থতা উদঙাই গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে সংঘটিত হ'বলৈ লৈছে চুৰিকাণ্ড। এইকেইদিনত ধাৰাবাহিকভাৱে সংঘটিত হোৱা চুৰিকাণ্ডই গভীৰ নিৰাপত্তাহীনতাত ভুগাইছে গহপুৰৰ ৰাইজক।
গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত ঘাঁহিগাঁও আৰক্ষী চকীৰ এলেকাধীন বৰঙাবাৰীত বৃহস্পতিবাৰে দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড। কৰ্মসূত্ৰে তেজুত থকা এচ এচ বি জোৱান লোহিত বৰদলৈৰ পত্নী মনিষা শইকীয়া বৰদলৈয়ে আজি পুৱা প্ৰায় ৮-৫০ বজাত দুই সন্তানক স্থানীয় স্কুলত থবলৈ গৈছিল।
দুয়োকে স্কুলত থোৱাৰ পিছত বজাৰ সমাৰ কৰি স্কুল ছুটি হোৱাৰ পিছত ১১-৪০ বজাত পুনৰ দুয়োকে ঘৰলৈ লৈ আহে তেওঁ।ঘৰত সোমাই দেখে যে শোৱনি কোঠাৰ ভিতৰৰ সকলো বস্তু লণ্ড ভণ্ড হৈ আছে।
আলমিৰা, বিচনাৰ হেড বক্স আদি খোলা অৱস্থাত থকাৰ লগতে কাপোৰ কানি আদি লণ্ডভণ্ড হৈ থকা দেখা পায় তেওঁ।তদুপৰি পিছফালৰ দুৱাৰখনৰ হুক ভঙাৰ লগতে দুৱাৰখন খোলা অৱস্থাত দেখা পোৱাৰ পিছত এয়া এক চুৰিকাণ্ড বুলি নিশ্চিত হয় ।
পিছত কোঠাটোৰ ভিতৰত চোৱাচিতা কৰাত আলমিৰা আৰু হেড বক্সৰ ভিতৰৰ পৰা নগদ প্ৰায় ৪ হাজাৰ টকা আৰু প্ৰায় ৩/৪ লাখ টকাৰ সোণৰ আ অলংকাৰ চুৰি কৰি নিয়া বুলি নিশ্চিত হয় তেওঁ। এইক্ষেত্ৰত মণিষা শইকীয়া বৰদলৈয়ে প্ৰকাশ কৰা মতে তেওঁ অহাৰ উমান পোৱাৰ লগে লগে ক'লা চাৰ্ট পৰিহিত এজন যুৱকে দেৱাল বগাই পাৰ হৈ গৈছিল।
সেই যুৱকজনেই এই চুৰি কাৰ্য্য সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ পিছত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us