/asomiyapratidin/media/media_files/2026/01/15/whatsapp-ima-2026-01-15-16-25-33.jpeg)
ডিজিটেল ডেস্কঃ মাঘ বিহুৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিল ঐতিহাসিক আহঁতগুৰিৰ পথাৰ । পৰম্পৰা আৰু সংস্কৃতিৰ ঐতিহ্য বহন কৰি তিনিদিনীয়াকৈ আয়োজন কৰে মাঘ বিহুৰ কাৰ্যসূচী। ইপিনে ম'হ যুঁজৰ বাবেই বিখ্যাত আঁহতগুৰিৰ মাঘ বিহু ।
/asomiyapratidin/media/post_attachments/6f0aa059-0b1.png)
বিগত ৫০ বছৰৰো অধিক সময় ধৰি আহঁতগুৰিৰ বিশাল পথাৰত মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হৈ আহিছে ম'হ যুঁজ কিন্তু বিগত ২০১৪ চনৰ পৰাই আহঁতগুৰিৰ পথাৰত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা নাই ম'হ যুঁজ।
উল্লেখ্য যে,উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা নেউচি পহিলা মাঘত অনুষ্ঠিত হ'ল ঐতিহ্যমণ্ডিত আঁহতগুৰি ম'হ যুঁজ। ৰহাৰ দেউবালিত অনুষ্ঠিত কৰিলে ম'হ যুঁজ ৷ আঁহতগুৰি ম’হ যুঁজ সমিতিয়ে আনুষ্ঠানিকভাৱে ম'হ যুঁজ বাতিল কৰিলেও নগাঁও আৰু মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ গোৱালসকলে নিজস্বভাৱে যুঁজালে নিজৰ নিজৰ গোনা ম'হ ৷
/asomiyapratidin/media/post_attachments/2d15c583-176.png)
আনফালে বৃহস্পতিবাৰে পুৱাৰে পৰা গোৱালসকলে ঢোল তাল বজাই আঁহতগুৰি আৰু দেউবালি ম'হ যুঁজস্থলীলৈ আনে নিজৰ নিজৰ গোনা ম'হ ৷ ইপিনে ম'হেও প্ৰচণ্ড যুঁজ দি শ শ দৰ্শকক আমোদ দিয়ে ৷ এয়াই মাঘবিহুৰ মাদকতা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us