/asomiyapratidin/media/media_files/2025/11/02/gsjdegjsedh-2025-11-02-16-34-01.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত জাতীয় বিদ্যালয়ত শনিবাৰে এই বৰ্ষৰ "গীত-মাতৰ গধূলি'২৫" অনুষ্ঠিত হয়। ড⁰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ সোঁৱৰণী মঞ্চত পৰিৱেশিত গীত -নৃত্য- কবিতালেখ্যই অনুষ্ঠানটিক এক বিশেষ মাত্ৰা প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-2025-11-02-16-30-51.jpeg)
আনহাতে, বিদ্যালয়ৰ সহপাঠ্যক্ৰম অন্তৰ্গত শাস্ত্ৰীয় সংগীত বিভাগৰ কন্ঠ সংগীত, ভায়োলিন, তবলাৰ "ধ্ৰুপদী সমলয়" আৰু সত্ৰীয়া নৃত্যানুষ্ঠানে এক নতুন উজ্জ্বল সম্ভাৱনাৰ চানেকি বহন কৰে। এই অনুষ্ঠানৰ নেতৃত্ব বহন কৰিছিল প্ৰদীপ বৰুৱা,নীৰেন কাকতি,চিন্তু গগৈ ,উজ্জ্বল বৰ্মন,সনত্ ফুকনে। উক্ত অনুষ্ঠানৰ মাজতে এখণি শিশু নাট "বগী-মাখন"মঞ্চস্থ হয়। পৰিচালনা আছিল ৰাতুল ফুকন আৰু সহযোগী পৰিচালক চিমি গোস্বামীৰ। একেদৰে আবৃত্তি অনুষ্ঠানৰ নেতৃত্বত ইনজু আহমেদ আৰু আধুনিক নৃত্যৰ নেতৃত্বত আছিল পপী চেতিয়া হাজৰিকাৰ। এই হেঁপাহৰ অনুষ্ঠানত বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাৰ উমান পোৱা যায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-2025-11-02-16-31-09.jpeg)
শনিবাৰে বিয়লিৰ পৰা অনুষ্ঠিত এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভ আৰম্ভণি কৰে সাহিত্যিক তথা প্ৰয়াস অধ্যয়ন চক্ৰৰ সভাপতি নিজৰা বৰঠাকুৰে। মঞ্চ উদ্ধোধন কৰে বিশিষ্ট ঢুলীয়া ওজা ধনেশ্বৰ শইকীয়াই। উদ্ধোধনী ভাষণত বিশিষ্ট ঢুলীয়া ওজা গৰাকীয়ে কয়- " আনুষ্ঠানিক শিক্ষায়েই সকলোকে শিক্ষিত কৰি নোতোলে, প্ৰকৃত সামাজিক অধ্যয়নৰ লগতে জাতিটোৰ সাংস্কৃতিক অধ্যয়ন আৰু কৰ্ষণেহে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষিত কৰিব।" লগতে তেওঁ কয় " বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই কৰ্ষণ অব্যাহত ৰাখিলে জাতিটো সমৃদ্ধ হ'ব" ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-2025-11-02-16-31-24.jpeg)
লগতে বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা প্ৰকাশিত হাতেলিখা আলোচনী 'যাত্ৰা' উন্মোচন কৰে বিশিষ্ট কবি ঔপন্যাসিক দিলীপ ফুকনে। বিশিষ্ট কবি গৰাকীয়ে বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা লোৱা এই পদক্ষেপক ভূয়সী প্ৰসংশা কৰি কয় "ছাত্ৰ-ছাত্ৰীসকলে কিমান ভাল লিখিছে সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল ধাৰাবাহিক ভাৱে লিখি থাকিবলৈ গঢ় লোৱা প্ৰৱণতাহে"। লগতে তেওঁ কয় "মই আশাবাদী, বোকাখাত জাতীয় বিদ্যালয়ৰ পৰা এদিন উৎকৃষ্ট সাহিত্যৰ সৃষ্টি হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-2025-11-02-16-31-40.jpeg)
শনিবাৰৰ বিয়লিৰ অনুষ্ঠানটোত বোকাখাতৰেই কেইবাগৰাকীও ব্যক্তি ক্ৰমে বোকাখাতৰ সংগীত জগতৰ সু-গায়ক, গীতিকাৰ, সংগীত সংগঠক সুন্দৰ বৰা, The Life Behind the Life নামৰ চলচ্চিত্ৰৰ যোগেদি কেবাটিও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা চলচ্চিত্ৰ পৰিচালক অনুপম বৰদলৈ, লৌকিক খাউণ্ড আৰু নাট্যকৰ্মী তথা পৰিচালক ৰাহুল ফুকনক বোকাখাত জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটোৰ আদৰণি ভাষণ আগবঢ়াই বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষা ইনজু আহমেদে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-2025-11-02-16-32-13.jpeg)
অনুষ্ঠানৰ প্ৰাৰম্ভিকতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰে জাতীয় বিদ্যালৰ সংগীত পৰিৱেশনেৰে মূল সংগীত "আলোক সন্ধানী আশাৰ আলয় আমাৰ জাতীয় বিদ্যালয়"। অনুষ্ঠানত লক্ষ্মীনাথ বেজবৰুৱাৰ "অ' মোৰ আপোনাৰ দেশ" গীতটো সাতটি ভাষাত পৰিৱেশন কৰে। পৰবৰ্তী কাৰ্যসূচী অংকুৰৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰতি গৰাকী শ্ৰেণী শিক্ষক -শিক্ষয়ত্ৰীৰ সবল তত্বাৱধানত পৰিচালিত হোৱাৰ উপৰি প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সকলেও অনুষ্ঠান পৰিবেশন কৰে। ইয়াৰ উপৰিও দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা জুবিন গাৰ্গৰ "মায়াবিনী""গীতটোৰ লগত শ্ৰোতা দৰ্শকসকলে কৰা অভূতপূৰ্ব সহযোগ আছিল শনিবাৰৰ অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ। আনহাতে ২০২৪-২৫ বৰ্ষৰ বিদ্যালয়খনৰ শ্ৰেষ্ঠ গায়িকা ইমন কল্যাণে পৰিৱেশণ কৰে গণকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি " বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে" গীতটি। গীতটি আকৰ্ষণীয় শৈলীৰে পৰিৱেশণ কৰা উপৰিও গীতটিৰ সৃষ্টি সন্দৰ্ভতো বিশেষ ব্যাখ্যা আগবঢ়াই শ্ৰেষ্ঠ গায়িকা গৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-2025-11-02-16-32-38.jpeg)
উল্লেখ্য যে, অনুষ্ঠানত এন আৰ এলৰ মুখ্য প্ৰবন্ধক মিণ্টু সন্দিকৈ উপস্থিত থাকি জুবিন গাৰ্গৰ মানৱীয় সত্বাৰ সতে সংগতি ৰাখি ভবিষ্যতৰ দিনত বোকাখাত জাতীয় বিদ্যালয়ৰ শৈক্ষিক উন্নতিৰ ক্ষেত্ৰত নিজৰ অৱদান ৰাখি যোৱাৰ সামাজিক প্ৰতিশ্ৰুতি প্ৰদান কৰে।অনুষ্ঠানটোত সন্মানীয় অভিভাৱকৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নাট্যকৰ্মী চিমি গোস্বামী, আবৃত্তি ৰত্ন গায়ত্ৰী বৰা কাকতি, নিৱন্ধকাৰ অলকানন্দ কাকতি,জেষ্ঠ সাংবাদিক বুবুল দত্ত, শিল্পী বীৰেণ দাস, দিব্যজ্যোতি হাজৰিকা।
ইফালে সম্পূৰ্ণ "গীত মাতৰ আবেলি" অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষয়িত্ৰী প্ৰণিতা কুৰ্মী, ইপ্সিতা দত্ত আৰু , ছাত্ৰ-ছাত্ৰী মণিমালা চৰেন, মিগম মিলি, নিয়ৰ নিলীম দলে, লিৰিবিলি ভৰালী, প্ৰিয়াক্ষী বৰা, নিশিগন্ধা নিৰিবিলি গগৈ, মেহনাজ হুছেইন, জৈষ্ণৱ চৌখাম, দ্ৰিমলী শইকীয়া, লক্ষ্মীপ্ৰিয়া নাথ, নিকিতা কলিতা, সংযুক্তা সমৃদ্ধি শইকীয়াই।
উল্লেখ্য যে, বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰয়াস অধ্যয়ন চক্ৰৰ কৰ্মকৰ্তা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ গণকণ্ঠ ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে"ৰ সমজুৱা পৰিৱেশণেৰে অনুষ্ঠানটোৰ অন্ত পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us