/asomiyapratidin/media/media_files/2025/09/15/dfdfdfdff-2025-09-15-21-43-12.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ ব্যক্তিগত সুবিধা-অসুবিধাক একষৰীয়া কৰি থৈ আৰ্তজনৰ ওচৰত সদায় থিয় হোৱা, গোলাঘাট জিলাখনৰে নহয় সমগ্ৰ অসমৰেই যেতিয়াই কোনো ৰোগীৰ জৰুৰীভাৱে তেজৰ প্ৰয়োজন হৈছিল তেতিয়াই নিজৰ শৰীৰৰ তেজ দি নাইবা কোনো বন্ধু বান্ধৱৰ পৰা তেজ সংগ্ৰহ কৰি দিয়া বোকাখাত ৰজাবাৰীৰ ৰাজু দাসে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে।
দীৰ্ঘদিন যকৃৎ আৰু হাওফাওঁৰ ৰোগত আক্ৰান্ত হৈ থকা ৰাজু দাসে সোমবাৰে পুৱাৰ ভাগত বোকাখাতস্থিত শ্বহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ৰক্তদাতা ৰাজু দাসৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগেই ৰজাবাৰী চাৰিআলিত আৰু বাসগৃহত স্বতঃস্ফূৰ্ত ভাৱেই ভালেসংখ্যক গুণমুগ্ধ সমাৱেত হয় আৰু ৰাজু দাসলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, নিজৰ চুটি জীৱনকালত প্ৰায় প্ৰতিদিনেই দুৰ্দশাগ্ৰস্ত লোকৰ সহায়ৰ বাবে উদগ্ৰীৱ হৈ থকা ৰাজু দাসে কিন্তু অসুস্থ অৱস্থাত লাভ নকৰিলে উপযুক্ত চিকিৎসা। উন্নত চিকিৎসা কৰাবলৈ প্ৰয়োজনীয় ধনৰ বাবে হাহাকাৰ কৰি থাকিব লগীয়া হ'ল ৰাজু দাসৰ পৰিয়ালে। একাংশ বন্ধু-বান্ধৱ আৰু শুভাকাংক্ষীয়ে কিছু পৰিমানে ধনৰ ব্যৱস্থা কৰি দিছিল যদিও সেয়া উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত নাছিল।
আনকি অসুস্থ অৱস্থাৰেই প্ৰয়াত ৰাজু দাসে বোকাখাতৰ বিধায়ক-মন্ত্ৰী অতুল বৰালৈও কিছু আৰ্থিক সহযোগিতাৰ বাবে আহ্বান জনাইছিল যদিও সমষ্টিবাসীক বিপদৰ সময়ত ২৪ ঘণ্টায়ে সংগ দিয়া বুলি অহংকাৰ কৰা মন্ত্ৰী গৰাকীৰ ৩৯ বাৰকৈ আৰ্তজনৰ বাবে ৰক্তদান কৰা ৰাজু দাসৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰাতো দায়িত্বৰ ভিতৰত নপৰিল। ফলত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈয়েই জীৱন সামৰিলে ৰাজু দাসে।
উল্লেখযোগ্য যে, শেষ সময়ত অৰ্থাৎ বিগত ১২ চেপ্তেম্বৰত উপায়ন্তৰ হৈ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালৈ সামাজিক মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও এখন মুকলি চিঠি লিখিছিল ৰাজু দাসে। চিঠিখনত নিজৰ দুৰৱস্থাৰ কথা প্ৰকাশ কৰাৰ উপৰিও বিধায়ক-মন্ত্ৰী অতুল বৰাক তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ বহুবাৰ অনুনয়-বিনয় কৰাৰ কথাও আক্ষেপেৰে উল্লেখ কৰিছিল ৰাজু দাসে। কিন্তু দুৰ্ভাগ্য, তেতিয়ালৈ হয়তো ৰাজু দাসৰ সময় শেষ হৈ আহিছিল।