অসন্তুষ্ট বোকাখাতৰ কৃষক

ৰবি শস্যৰ পথাৰত কৃষি মন্ত্ৰী অতুল বৰাক লৈ সন্তুষ্ট নহয় বোকাখাতৰ কৃষক। বীজ, সাৰৰ অধিক মূল্যই জুৰুলা কৰিছে কৃষকসকলক।

author-image
Asomiya Pratidin
New Update
fild

ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাত সমজিলাৰ ভিতৰত ৰবি শস্যৰ ক্ষেত্ৰত নুমলীগড়, কুৰুৱাবাহী, ধোদাং, বৰাই খোৱা, এলেংমাৰী, ধনশিৰি চাপৰি, যোগনীয়া আদি অঞ্চলৰ বিশেষ সুনাম আছে। এই অঞ্চলসমূহৰ পৰা উৎপাদিত শস্যই বিগত সময়চোৱাত বহিঃৰাজ্যৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে। 

উল্লেখ্য যে বিগত তিনিটাকৈ বছৰত এই অঞ্চলসমূহৰ পৰা উৎপাদিত বৃহৎ পৰিমানৰ ৰঙালাও সমূহে বহিঃৰাজ্যৰ বেপাৰীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও সৰিয়হ, কবি, বেঙেনা, মূলা, বিভিন্ন প্ৰকাৰৰ শাক প্ৰচুৰ পৰিমানে উৎপাদন হৈ আহিছে এই অঞ্চলসমূহৰ পৰা।

কিন্তু ৰাজ্যৰ কৃষি বিভাগ আৰু বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাৰ পৰা এই অঞ্চলৰ কৃষকসকলে উপযুক্ত সহযোগিতা লাভ কৰিছে নে? তাক লৈ কিন্তু প্ৰশ্নৰ অৱতাৰণা হোৱা  পৰিলক্ষিত হৈছে। ৰবি শস্যৰ বীজ, সাৰ, জলসিঞ্চনৰ ব্যৱস্থা আদি চৰকাৰী ভাৱে লাভ কৰিছে নে বা উৎপাদিত শস্যৰ বজাৰৰ ক্ষেত্ৰত কৃষি বিভাগ আৰু বিধায়ক অতুল বৰাৰ ভূমিকা কেনেধৰণৰ এই সন্দৰ্ভত উক্ত অঞ্চলসমূহত এই প্ৰতিবেদকৰ দ্বাৰা এক ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰা হৈছিল। কিন্তু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ সময়ত কৃষি বিভাগ আৰু বিধায়ক অতুল বৰাৰ ভূমিকা সন্দৰ্ভত বিশেষ আশাব্যঞ্জক ফলাফল লাভ কৰা নহ'ল।

 তাৰোপৰি এই সন্দৰ্ভত নুমলীগড়ৰ সমীপৰ বৰাইখোৱা অঞ্চলৰ কৃষকে আধুনিক সা-সজুলী আৰু ব্যৱস্থাৰে ৰবি শস্যৰ পথাৰত নামিছে যদিও অধিকাংশ কৃষকেই পৰম্পৰাগত ভাৱেই এতিয়াও কৃষি কাৰ্য সম্পাদন কৰি আহিছে। " চৰকাৰী ভাৱে ট্ৰেক্টৰ, পাৱাৰ ট্ৰেইলাৰ আদি আমাৰ কৃষকে লাভ কৰিছে যদিও শাসকীয় দলৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাসকলহে উপকৃত হৈছে। প্ৰকৃত কৃষক সদাই বঞ্চিত হৈ আহিছে।

আনফালে বৰাইখোৱা চাপৰিৰ এজন যুৱ কৃষকে এইদৰে কয় যে   প্ৰতিবছৰে ৰবি শস্যৰ বীজ, সাৰ আদি কৃষি বিভাগৰ পৰা লাভ কৰি আহিছে যদিও সেয়া কৃষি ভূমি অনুপাতে পৰ্যাপ্ত নহয় আনহাতে এই ক্ষেত্ৰত প্ৰতি বছৰেই ব্যাপক স্বজন তোষণৰ বলি হৈ আহিছে প্ৰকৃত কৃষকসকল।

প্ৰাণিধানযোগ্য যে ধনশিৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ বানপানীৰ বাবে ধান খেতিৰ পৰা বিশেষ ফলাফল লাভ নকৰা ধনশিৰি চাপৰি, এলেংমাৰি আদিৰ কৃষকেও ৰবিশস্যৰ ক্ষেত্ৰত বিভাগীয় সহযোগিতাৰ ক্ষেত্ৰত বিশেষ উৎসাহ নেদেখুৱালে। একেদৰেই বীজ, সাৰ আদিৰ ক্ষেত্ৰত ব্যাপক স্বজন তোষণৰ কথা উল্লেখ কৰিলে এই অঞ্চলৰ কৃষকসকলেও। 

আনপিনে কৃষি বিভাগৰ পৰা প্ৰদান কৰা বীজ, সাৰ আদিৰ গুণগত মানদণ্ড ক্ষেত্ৰটো প্ৰশ্নৰ অৱতাৰণা কৰে ধনশিৰি চাপৰি আৰু এলেংমাৰীৰ কৃষকসকলে। "চৰকাৰীভাৱে যিবোৰ বীজ কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা হয় সেইবোৰ উন্নত নহয় আৰু সেইবোৰৰ পৰা ভবা ধৰণে উৎপাদন নহয়, কেতিয়াবা অধিক ভিটামিন প্ৰয়োগ কৰিব লগীয়া হয় যদিও উৎপাদন আশানুৰূপ নহয়। বহুসময়ত কিছুমান বীজ নগজেই।  সেইবাবে বেছিভাগ সময়ত সকলোৱে বজাৰৰ পৰাহে ক্ৰয় কৰা বীজৰ পৰাহে লাভান্বিত হৈছো। কিন্তু বজাৰৰ বীজ বহু কৃষকে অধিক মূল্যৰ বাবে ক্ৰয় কৰিব নোৱাৰে" - ধনশিৰি চাপৰিৰ এজন কৃষকে ক'লে এনেদৰে। 

ইফালে ধোদাং, কুৰুৱাবাহী অঞ্চলৰ কৃষকেও বোকাখাতস্থিত কৃষি বিভাগৰ কাৰ্যালয় আৰু বিধায়ক-মন্ত্ৰী অতুল বৰাৰ পৰা ৰবি শস্যৰ ক্ষেত্ৰত বিশেষ সহযোগিতা লাভ নকৰাৰ কথা উল্লেখ কৰে। একেদৰে চৰকাৰী ভাৱে প্ৰদান কৰা বীজৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত সন্তুষ্ট নহয় কৃষকসকল ।অধিক মূল্য হ'লেও চৰকাৰী বীজতকৈও ব্যক্তিগত ভাৱে ক্ৰয় কৰা বীজৰ ওপৰতহে অধিক বিশ্বাসী কৃষকসকল।

উল্লেখ্য যে  উপৰোক্ত অঞ্চলসমূহত এই প্ৰতিবেদকে বিশেষভাৱে লক্ষ কৰা এটা বিষয় হ'ল যে পূৰ্বৰ দৰে এই অঞ্চলসমূহৰ কৃষক সৰিয়হৰ খেতি কৰাৰ প্ৰতি উৎসাহী নহয়। ইয়াৰ কাৰণ হিচাপে কৃষকসকলে উল্লেখ কৰে যে বিগত সময়চোৱাত ব্যয় আৰু পৰিশ্ৰমৰ তুলনাত সৰিয়হৰ খেতিৰ পৰা অধিক লাভান্বিত হ'ব পৰা নাই কৃষকসকল। তাৰ পৰিৱৰ্তে ৰঙালাও খেতিৰ প্ৰতিহে অধিক আগ্ৰহী কৃষকসকল।  অৱশ্যে যোৱাটো বছৰত বহিঃৰাজ্যৰ গ্ৰাহকে ভবাৰ দৰে ৰঙালাওৰ মূল্য প্ৰদান নকৰিলে যদিও এই বৰ্ষত আশা কৰাৰ দৰে বিক্ৰী মূল্য লাভ কৰিব বুলি আশা কৰিছে কৃষকসকলে।

ইয়াৰ উপৰিও ৰবিশস্যৰ পথাৰত জলসিঞ্চনৰ বিষয়টো  প্ৰধান সমস্যা হিচাপে পৰিগণিত হৈ আহিছে উক্ত নুমলীগড়, কুৰুৱাবাহী, ধোদাং, বৰাই খোৱা, এলেংমাৰী, ধনশিৰি চাপৰি আদি অঞ্চলত। কাৰণ একাংশ কৃষকে কৃষি বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা বৈদ্যুতিক মটৰ লাভ কৰিছে যদিও অধিকাংশ কৃষকেই এই সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছে। ইফালে বহু ছদ্মৱেশী কৃষকে এই বৈদ্যুতিক মটৰ কৃষিৰ পৰিৱৰ্তে আন কাৰ্যত ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে কৃষকসকলে।

আনহাতে ২০১৬ চনত বোকাখাতৰ বিধান সভা সমষ্টিত বিধায়ক হিছাপে নিৰ্বাচিত হোৱা বিধায়ক অতুল বৰাক প্ৰথম অৱস্থাৰ পৰাই বোকাখাতৰ কৃষি পথাৰত স্থায়ী জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ কৃষকসকলে দাবী কৰি আহিছে যদিও এই ক্ষেত্ৰত আজিলৈকৈ কোনোধৰণৰ কাৰ্যপন্থা হাতত নল'লে বিধায়ক গৰাকীয়ে। ফলত অধিকাংশ কৃষিৰ পথাৰত জলসিঞ্চনৰ অভাৱৰ বাবেই কৃষকে আশা কৰাৰ দৰে কৃষিকাৰ্য সম্পাদিত কৰিব পৰা। একাংশ কৃষকে ব্যক্তিগত ভাৱে বৈদ্যুতিক বা সৌৰশক্তি চালিত পানী মটৰৰ ব্যৱস্থা কৰিছে যদিও অধিকাংশ কৃষকেই ধনৰ অভাৱত এনে ব্যৱস্থা কৰিব পৰা নাই।

উল্লেখ্য যে  উৎপাদিত শস্যৰ বজাৰৰ প্ৰসংগতো উক্ত অঞ্চলৰ কৃষকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে উৎপাদিত ফচলৰ বজাৰৰ ক্ষেত্ৰত বিধায়ক-মন্ত্ৰী অতুল বৰাই ২০১৬ চনৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ পদ্ধতিগত কৰ্মসূচী যুগুত নকৰিলে। বহিঃৰাজ্যৰ গ্ৰাহকে বোকাখাত কৃষকৰ পৰা যি উৎপাদিত ফচল ক্ৰয় কৰিছে সেয়াও একাংশ কৃষকৰ ব্যক্তিগত যোগাযোগতহে সম্ভৱ হৈছে। স্থানীয় বজাৰতো কৃষকে উৎপাদিত ফচল মধ্যভোগীৰ হাতত এৰি দিব লগীয়া হৈছে। লগতে বিগত সময়চোৱাত উপযুক্ত বজাৰ মূল্যৰ অভাৱত কুইণ্টলে কুইণ্টলে উৎপাদিত বিলাহি পথাৰতে নষ্ট হৈ যোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত। 

বোকাখাত