ঢুলীয়া ওজা গোলাপ দাসৰ খবৰ ল'বলৈ আহৰি নাই ৰজাঘৰ-প্ৰজাঘৰৰ

সত্তৰ-আশীৰ দশকত উজনি অসমৰ গাঁৱে ভূঞে বিয়াৰ ৰভাঘৰসমূহত প্ৰচলিত অতি হেঁপাহৰ "ওজা খেল" অনুষ্ঠানবোৰৰ এগৰাকী পৰিচিত তথা জনপ্ৰিয় ওজা গোলাপ দাস।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-25 at 1.18.47 PM

ডিজিটেল সংবাদ, বোকাখাতঃ সত্তৰ-আশীৰ দশকত উজনি অসমৰ গাঁৱে ভূঞে বিয়াৰ ৰভাঘৰসমূহত প্ৰচলিত অতি হেঁপাহৰ "ওজা খেল" অনুষ্ঠানবোৰৰ এগৰাকী পৰিচিত তথা জনপ্ৰিয় ওজা গোলাপ দাস। বোকাখাত কুৰুৱাবাহীৰ ধনশিৰিপৰীয়া গাঁও চিনাকানৰ বাসিন্দা বৰ্তমান ৭০ উৰ্দ্ধৰ এই গৰাকী ঢুলীয়া ওজা গোলাপ দাসে বিয়াঘৰৰ "ওজা খেল"বোৰত এজন ঢুলীয়া ওজা হিচাপেই নহয় গাঁৱে গাঁৱে এজন বিহু ঢুলীয়া হিচাপে সমানেই পৰিচিত আছিল।

কিন্তু আজি কিছু বছৰৰ পূৰ্বৰ পৰা শাৰিৰীক অসুস্থতাৰ বাবে বিহুৰ হুচৰী বা আন অনুষ্ঠানবোৰত অংশ ল'ব নোৱাৰা ঢুলীয়া ওজা গোলাপ দাসে কিন্তু ৰজাঘৰৰ পৰায়েই হওক বা প্ৰজাঘৰৰ পৰাই হওক লাভ নকৰিলে বিশেষ স্বীকৃতি। আনকি নিজ জন্মস্থান কুৰুৱাবাহীৰ কোনো সামাজিক সংগঠন-প্ৰতিষ্ঠানৰ পৰাও লাভ নকৰিলে সামান্য সন্মান। অতি উৎলাস-উদ্দিপনাৰে পতা বিহুৰ অনুষ্ঠানবোৰতো নিমন্ত্ৰণ কৰি এখন গামোছাৰে বিহুৰ ওলগো জনোৱা নহ‌য় ঢুলীয়া ওজা গৰাকীক।

সম্প্ৰতি চিনাকানৰ নিজ বাসগৃহত ৰোগীয়া পত্নীৰ সৈতে একপ্ৰকাৰ নিসংগ জীৱন যাপন কৰিছে বিশিষ্ট ঢুলীয়া ওজা গৰাকীয়ে। প্ৰতিবছৰেই ধনশিৰিৰ বান পানীত জুৰুলা হোৱা সামান্য খেতি মাটিৰ অধিকাৰী গোলাপ ওজাই আৰ্থিক দুৰ্বলতাৰ বাবে চৰকাৰী ভাৱে লাভ কৰা বাসগৃহটিও সম্পূৰ্ণ কৰিব নোৱাৰিলে। কিছু বছৰ পূৰ্বে উচ্চ ৰক্তচাপ ৰোগৰ বাবে প্ৰায় একাংগী হৈ পৰা শৰীৰটোৰে ৰোগীয়া জীৱন যাপন কৰা ওজাগৰাকী আনকি চিকিৎসকে পৰামৰ্শ দিয়া ঔষধ ক্ৰয় কৰিবলৈও অসমৰ্থ। তেনে সময়ত কিন্তু এই গৰাকী বিশিষ্ট ঢুলীয়া ওজাক সহায় কৰিবলৈ সময় নাই জাতীয় দল-সংগঠনৰ।

এটা সময়ত অসমীয়া সংস্কৃতিৰ অন্যতম উপাদান বিহুৰ ঢোলটোৰ চৰ্চা আৰু ইয়াৰ প্ৰশিক্ষণৰ বাবে উজনি অসমৰ বহু গাঁৱলৈ পেটৰ ভাত-মুঠিৰ বাবেও চিন্তা নকৰি ঢাপলি মেলা এই গৰাকী সাংস্কৃতিক যোদ্ধাৰ স্বীকৃতি-সন্মান জ্ঞাপন অথবা কিছু আৰ্থিক সকাহ আগবঢ়াবোৰ দায়িত্ব আজিলৈকে গ্ৰহণ নকৰিলে তথাকথিত জাতীয়তাবাদী নেতা, জেষ্ঠ কেবিনেট মন্ত্ৰী বোকাখাতৰ বিধায়ক অতুল বৰাই।

উল্লেখ্য যে, এই প্ৰতিবেদক ঢুলীয়া ওজা গৰাকীয়ে জানিবলৈ দিয়া মতে স্বাস্থ্যৰ কিছু উন্নতি হ'লে এতিয়াও গাঁৱৰ কিশোৰ কিশোৰীসকলক ওজা শিল্পটোৰ লগতে হেৰাই যাব খোজা বিহু নামসমূহৰ প্ৰশিক্ষণ দিবলৈ আগ্ৰহী বিশিষ্ট ঢুলীয়া ওজা গোলাপ দাস।

বোকাখাত