কুৰুৱাবাহীত ধনশিৰি নদীৰ মথাউৰিৰ দুৰৱস্থা

বোকাখাত বিধান সভা সমষ্টিৰ কুৰুৱাবাহী অঞ্চলৰ এটা পথে জ্বলাকলা খুৱাইছে গাঁওবাসীক। কুৰুৱাবাহী চিনাকান চাৰিআলিৰ পৰা নিকৰিঘাট সংযোগী ধনশিৰি নদীৰ মথাউৰিটোৰ কেইবাটাও অংশত সৃষ্টি বৃহৎ বৃহৎ গাঁতৰ ।

author-image
Asomiya Pratidin
New Update
new ap web 7 (7)

ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাত বিধান সভা সমষ্টিৰ কুৰুৱাবাহী অঞ্চলৰ এটা পথে জ্বলাকলা খুৱাইছে গাঁওবাসীক। কুৰুৱাবাহী চিনাকান চাৰিআলিৰ পৰা নিকৰিঘাট সংযোগী ধনশিৰি নদীৰ মথাউৰিটোৰ কেইবাটাও অংশত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতৰ । তাৰোপৰি ওখোৰা-মোখোৰা অৱস্থাৰ বাবে চাৰিচকীয়া, দুচকীয়া যানবাহন বাদেই পদযাত্ৰা কৰাও প্ৰায় অসম্ভৱ হৈ উঠিছে অঞ্চলবাসীৰ বাবে। 

উল্লেখ্য যে, এই ক্ষেত্ৰত অঞ্চলবাসীৰ বাৰম্বাৰ আবেদনৰ পাছতো মথাউৰিটোৰ মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই বোকাখাতস্থিত জলসম্পদ বিভাগৰ কাৰ্যাল‌য়ে। সময়ে সময়ে মাত্ৰ দুগাড়ীমান শিলগুটি পেলায়েই দায় সাৰি আহিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। অঞ্চলবাসীৰ অভিযোগ অনুসৰি মথাউৰিটোৰ মেৰামতিৰ প্ৰসংগত ইতিমধ্যে কুৰুৱাবাহী পঞ্চায়ত, জলসম্পদ বিভাগত অবগত কৰা হৈছে যদিও কানসাৰ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই।

এই লৈ গাঁওবাসীয়ে এই প্ৰতিবেদকৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে-অঞ্চলটোৰ প্ৰধান ব্যৱসায়িক কেন্দ্ৰ নিকৰি ঘাটৰ পৰা দৈনিক জিলাখনৰ বিভিন্ন বজাৰ আদিলৈ এই পথচোৱাদিয়েই যাতায়ত কৰিব লগীয়া হয় স্থানীয় ব্যৱসায়ীসকল কিন্তু পথৰ দুৰৱস্থাৰ বাবে যানবাহন চলাচলাচলত অসুবিধাৰ সৃষ্টি হৈ আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

উল্লেখ্য যে এটা সময়ৰ অবিভক্ত শিৱসাগৰৰ এটা উল্লেখযোগ্য ব্যৱসায়ীক কেন্দ্ৰ নিকৰিঘাটৰ বৰ্তমানো ব্যৱসায়ীক গুৰুত্ব ম্লান হোৱা নাই। ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ মাছ আৰু ইয়াৰ চাপৰিসমূহত উৎপাদিত শস্য, গৰু আৰু ম'হৰ খুটিবোৰৰ পৰা উৎপাদিত গাখীৰ আদি এই নিকৰিঘাটৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ পঠোৱা হয় কিন্তু উক্ত বিধ্বস্ত পথচোৱাৰ বাবে সীমাহীন যন্ত্ৰণা ভোগী থাকিব লগীয়া হৈছে অঞ্চলবাসীয়ে।

তাৰোপৰি কেইবাখনো বিদ্যালয়, মহাবিদ্যায়লৈ এই পথচোৱাদিয়েই ছাত্ৰ ছাত্ৰীসকল অহাযোৱা কৰিব লাগে কিন্তু পথচোৱা যাতায়তৰ উপযোগীকৈ মেৰামতি বা পুনৰ নিৰ্মাণ নকৰাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰটো অসুবিধাৰ সৃষ্টি হৈ আহিছে।এইক্ষেত্ৰত শীঘ্ৰেই জলসম্পদ বিভাগ, কুৰুৱাবাহী গাঁও পঞ্চায়তৰ তৰফৰ পৰা যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

বোকাখাত