৭.৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ

আজি বিন্নাকান্দি সমষ্টিৰ বিধায়ক মহম্মদ চিৰাজুদ্দিন আজমলৰ প্ৰচেষ্টাত ৭.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰা হয়। 

author-image
Asomiya Pratidin
New Update
GHDGSJHDSJIK

ডিজিটেল সংবাদ, ডবকাঃ মোৰাঝাৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ তথা আন্তঃগাঁথনিৰ অভাৱে অঞ্চলটোৰ সচেতন মহলক উদ্বিগ্ন কৰি ৰাখিছিল। অৱশেষত আজি বিন্নাকান্দি সমষ্টিৰ বিধায়ক মহম্মদ চিৰাজুদ্দিন আজমলৰ প্ৰচেষ্টাত ৭.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰা হয়। 

৬২ নং বিন্নাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক মহাম্মদ ছিৰাজুদ্দিন আজমলে গ্রামীণ আন্তঃ গাঁথনি উন্নীতকৰণ আঁচনি (RIDF-XXX) ২০২৪-২৫ বৰ্ষৰ অন্তৰ্গত “মোৰাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়”ৰ গৃহ নিৰ্মাণ কাৰ্য্যৰ বাবে চৰকাৰক প্ৰস্তাৱ দিছিল আৰু এই প্ৰস্তাৱ ৰাজ্য চৰকাৰে গ্ৰহণ কৰে।

আজি আধাৰশিলা অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ ফখৰ উদ্দিন চৌধুৰীয়ে কয়- যে, আজি বিধায়কে আধাৰশিলা স্থাপন কৰা এই স্কুলৰ গৃহৰ কাম অহা দুবছৰৰ  ভিতৰত সম্পূৰ্ণ হৈ উঠিব আৰু আন্তৰ্জাতিক মানৰ ৰূপত বিদ্যালয়খন জিলিকি উঠিব। অধ্যক্ষজনে মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক অগ্ৰাধিকাৰ দিয়াৰ বাবে বিধায়ক চিৰাজুদ্দিন আজমল আৰু অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। লগতে বিধায়ক আজমলৰ নেতৃত্বত সমষ্টিৰ শিক্ষাৰ এক আমোল পৰিৱৰ্তন হোৱাৰ কথাও বিধায়ক নমিনি বিলাল উদ্দিন বৰভূঞাই ভাষণ প্ৰসংগত কয়৷

ছিৰাজুদ্দিন আজমল