/asomiyapratidin/media/media_files/2025/03/10/UIWJUcNgNTXaFucZmjRs.png)
১. ২০২৫-২৬বৰ্ষৰ বাজেটত অসমত অৰণোদয় আচঁনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.০২লাখলৈ বৃদ্ধিৰ সিদ্ধান্ত।এই আঁচনিখনৰ বাবে ৫হাজাৰ কোটি টকা আছুতীয়াকৈ ধাৰ্য কৰা হৈছে।
৮. ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে খাদ্য যোগানৰ নিশ্চিতি প্ৰদান কৰিবলৈ বাজেটত ৩৭০কোটি টকা আৱন্টন।
৯. চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২০২৫-২৬বাজেটত ৩৪২কোটি টকাৰ আৱন্টন কৰিছে অসম চৰকাৰে।
১০. শৈক্ষিক ক্ষেত্ৰত লিখা মেলা কৰা ১হাজাৰ যুৱ লেখকলৈ ২৫হাজাৰ টকাৰ আৰ্থিক সাহায্য। কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে ১হাজাৰ টকাকৈ এককালীন অনুদান।
১১. অসম দৰ্শনৰ অধীনত ধৰ্মীয় অনুষ্ঠানৰ উন্নতকৰণ বাবে এই বাজেটত ধাৰ্য কৰা হৈছে ৪২০কোটি টকা। ২০২৫ৰ ৩১মাৰ্চৰ পূৰ্বে ইয়াৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰাৰ কথা ঘোষণা।
১২. প্ৰতি মাহত ১২০ ইউনিট বিদ্যুত খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলক প্ৰতিটো ইউনিটত ১টাকৈ হ্ৰাস পাব। ইয়াৰ বাবে ৩০০কোটি টকাৰ ৰাজ সাহায্য ঘোষণা এই বাজেটত।
১৩. মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত ৫০০টা কৃষক উৎপাদক সংস্থাক ১০লাখকৈ টকা প্ৰদান কৰা হব। ইয়াৰোপৰি প্ৰতি কুইন্টল ধানত ২৫০টকা, প্ৰতি কুইন্টল সৰিয়হত ৫০০টকা চৰকাৰী সাহায্য প্ৰদান কৰা হব।
১৪. এক জিলা এক পথ আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাতে ২৫কিলোমিটাৰ পথ নিৰ্মাণ কৰা হব। শিলচৰত এখন উৰণ সেতু। ডিব্ৰুগড়ত নিৰ্মাণ কৰা হব বিধায়কৰ হোষ্টেল। দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হব ডিব্ৰুগড়ক।
১৫. দশম আৰক্ষী বেটলিয়নৰ চাউনী গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হব। কাৰ্বি আংলঙত সৈনিক স্কুল, কৃষি মহাবিদ্যালয়, পশু চিকিতসা মহাবিদ্যালয়। ৰং মহলত নিৰ্মাণ কৰা হব নতুন উচ্চ ন্যায়ালয়ৰ ভ্ৰমণ। ইয়াৰ বাবে ৪০৫কোটি টকা ধাৰ্য।