/asomiyapratidin/media/media_files/2025/06/24/vdfgsfdg-2025-06-24-13-59-32.jpg)
ভাৰতীয় সনাতনী পৰম্পৰাত বৌদ্ধ দৰ্শন আৰু শিক্ষা
ডিজিটেল সংবাদ, গুৱাহাটীঃ ২২ জুনত ‘ভাৰতীয় সনাতনী পৰম্পৰাত বৌদ্ধ দৰ্শন আৰু শিক্ষা’ শীৰ্ষক এখন জ্ঞানগৰিমাপূৰ্ণ বক্তৃতা সভাৰ আয়োজনৰ মাজেৰে বৌদ্ধ দৰ্শন আৰু ভাৰতীয় সনাতনী পৰম্পৰাৰ মাজৰ গভীৰ যোগসূত্ৰ উন্মোচন কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা চলোৱা হ'ল। মহানগৰীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত প্ৰজ্ঞা আৰু বুদ্ধ চেতনা-ভাৰতৰ যৌথ উদ্যোগত অনুষ্ঠিত এই আলোচনা সভাই চিন্তাশীল ব্যক্তিসকল উপস্থিত থাকে।
অনুষ্ঠানটো অৰুপ বুজৰবৰুৱাৰ স্বাগত ভাষণ আৰু প্ৰদীপ প্ৰজ্বলনৰ সৈতে আৰম্ভ হয়। তাৰ পাছতে শৰৎ ৰাগৰ দ্বাৰা এক ভক্তিমূলক সংগীত প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত অসম গৌৰৱ সৌম্যদীপ দত্তই মুখ্য বক্তা হিচাপে দৰ্শনৰ ক্ষেত্ৰত বৌদ্ধ চিন্তাধাৰাৰ মূলমন্ত্ৰ — জীৱনৰ দুখ, মুক্তিৰ পথ আদি সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰি কয় যে, "বিগত ১২০-১৫০ বছৰত এক ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰা হৈছে যে, বৌদ্ধ ধৰ্ম সনাতন ধৰ্মৰ পৰা সম্পূৰ্ণ পৃথক।" তেওঁ লগতে এই কথাও উল্লেখ কৰে যে, "বৌদ্ধ ধৰ্মৰ পূজাৰ প্ৰথা, মূৰ্তি পূজা অথবা ভাৰতীয় সংস্কৃতিৰ অংশ স্বীকাৰ নকৰে বুলি যি অপপ্ৰচাৰ চলি আছে, সেয়া অর্ধসত্য।"
সৌম্যদীপ দত্তৰ মতে, “বৌদ্ধ আৰু সনাতন ধৰ্ম উভয়ে প্রাচীন ভাৰততে উৎপত্তি লাভ কৰা ধৰ্মবিশ্বাস। দুয়োটা পৰম্পৰাই কৰ্ম, ধৰ্ম আৰু আত্মিক মুক্তিৰ সন্ধানত বিশ্বাস কৰে, পথ আৰু ব্যাখ্যা পৃথক হ’লেও মূল উদ্দেশ্য একে।" এই অনুষ্ঠানত কাৰুণা শাস্ত্ৰী মহাথেৰক মুখ্য অতিথি হিচাপে সন্মান জনোৱা হয়। এই অনুষ্ঠানত গৱেষক, ছাত্ৰ আৰু সাধাৰণ দর্শকেও অংশ গ্ৰহণ কৰি ভাৰতৰ গৌৰৱময় সাংস্কৃতিক পৰম্পৰা সম্পৰ্কে মূল্যবান মন্তব্য প্ৰদান কৰে।
অনুষ্ঠানৰ শেষত কৃষ্ণ মৃগাঙ্ক বৰ্মনে কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত বশিষ্ঠ বুজৰবৰুৱা (ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক), হিতেশ্বৰ চক্রৱৰ্তী (প্ৰজ্ঞা), নৱনিতা শর্মা (বুদ্ধ চেতনা-ভাৰত) আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।