সাংবাদিক বুবুল হাজৰিকালৈ ২০২৫ বৰ্ষৰ 'জন কণ্ঠ’ বঁটা

প্ৰতিদিন টাইমৰ উত্তৰ অসমৰ ব্যুৰ বুবুল হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ’জন কণ্ঠ’ বঁটা। অসম ভীম সেনাৰ কেন্দ্ৰীয় সমিতিয়ে আগবঢ়োৱা এই বঁটা অহা  ৮ ছেপ্তেম্বৰত প্ৰদান কৰিব।

author-image
Asomiya Pratidin
New Update
সাংবাদিক বুবুল হাজৰিকালৈ ২০২৫ বৰ্ষৰ 'জন কণ্ঠ’ বঁটা

ডিজিটেল ডেস্কঃ প্ৰতিদিন টাইমৰ উত্তৰ অসমৰ ব্যুৰ বুবুল হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ’জন কণ্ঠ’ বঁটা। এই বঁটা আগবঢ়াইছে অসম ভীম সেনাৰ কেন্দ্ৰীয় সমিতিয়ে৷ 

ভীম সেনাৰ কেন্দ্ৰীয় সমিতিয়ে জনোৱা মতে অহা ৮ ছেপ্তেম্বৰত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত লখিমপুৰত বুবুল হাজৰিকাক এই বঁটা প্ৰদান কৰিব। উল্লেখ্য যে, প্ৰতিবছৰে একোগৰাকী সাংবাদিকক এই বঁটা প্ৰদান কৰি আহিছে ভীম সেনা অসমে৷

স্মৰ্তব্য, অনুসুচীত জাতি আৰু জনজাতি লোকৰ অনগ্ৰসৰতা আৰু আৰ্থসামাজিক উন্নয়নক আলোকপাত কৰি আগবঢ়োৱা সাংবাদিকতাৰ বাবে বুবুল হাজৰিকালৈ এই বঁটা আগবঢ়াইছে সংগঠনটোৱে৷ 

লখিমপুৰ সাংবাদিক