/asomiyapratidin/media/media_files/2026/01/28/gfrgtertfewse-2026-01-28-19-57-16.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচি চৰকাৰৰ সহযোগত আৰু সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা তথা কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ যৌথ উদ্যোগত কোকৰাঝাৰত অহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয়ভাৱে ৫১৬ তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে বিশ্ব মহাবীৰ চিলাৰায় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে।
আজি চিলাৰায় দিৱস উদযাপন কমিটিৰ সভাপতি তথা বিটিচিৰ পাৰিষদ কৰ্মেশ্বৰ ৰায়ে কোকৰাঝাৰত এক সংবাদমেল আয়োজন কৰি উক্ত তথ্য সদৰি কৰি কয় যে, অহা ১ ফেব্ৰুৱাৰীৰ দিনা দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কোকৰাঝাৰ চহৰৰ ডিমলগাঁও খেলপথাৰত চিলাৰায় দিৱস উদযাপন কৰা হ'বষ ইতিমধ্যে ইয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। চিলাৰায় দিৱসৰ সৈতে সংগতি ৰাখি উক্ত দিনাই বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বিশ্ব মহাবীৰ চিলাৰায় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷ প্ৰথম পৰ্যায়ত প্ৰকল্প ব্যয় ১৪ কোটি ধাৰ্য কৰা হৈছে যদিও এই ব্যয় ৩৫ কোটি পৰ্যন্ত হ'ব পাৰে।
উল্লেখ্য যে, চিলাৰায় দিৱস উদযাপন উপলক্ষে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণৰ লগতে মুকলি সভা, কোচ-ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হ'ব ৷ উদযাপন কমিটিৰ সভাপতি তথা বিটিচিৰ পাৰিষদ কৰ্মেশ্বৰ ৰায়ে জাতি-ধৰ্ম,বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজক চিলাৰায় দিৱসৰ সমূহ কাৰ্যসূচীত দলে-বলে অংশ গ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে ৷
তদুপৰি সংবাদমেলত তেওঁ বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ প্ৰশংসা কৰি কয় যে কোচ ৰাজবংশীৰ জাতীয় আবেগক সন্মান দি বিটিচি চৰকাৰে চৰকাৰীভাৱে "বিশ্ব মহাবীৰ চিলাৰায় দিৱস" উদযাপন কৰিবলৈ লোৱাটো অতি শুভ লক্ষণ আৰু ইয়ে ভাতৃত্ববোধ- ঐকত্যাৰ এনাজৰিডাল কটকটীয়া কৰি তুলিব। কোচ-ৰাজবংশীৰ সামাজিক, আৰ্থ-সামাজিক দিশৰ উন্নতিকল্পে হাগ্ৰামা মহিলাৰী নেৰ্তৃত্বাধীন বিটিচি চৰকাৰে কাম কৰি আছে আৰু কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি দেখুওৱা সদ্ভাৱ-মৰমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কৰ্মেশ্বৰ ৰায়ে অহা ১ ফেব্ৰুৱাৰীত উদযাপিত হ'বলগীয়া বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীত জাতি-বৰ্ণ-ধৰ্ম-নিৰ্বিশেষে যোগদান কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে।
আজিৰ সংবাদমেলত কোচ-ৰাজবংশী জাতীয় কোষৰ সভাপতি যতীন ৰাজবংশী, সম্পাদক জীৱন অধিকাৰী, ছালাকাটি সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ নৃপেন ৰায় আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us