ইউপিপিলক সমৰ্থন বিটিআৰ গোৰ্খা সমাজৰ...

গোৰ্খা সকলৰ দীৰ্ঘদিনীয়া দাবী সমূহ দ্বিতীয়বাৰ পৰিষদীয় চৰকাৰ গঠন কৰাৰ লগে লগে সমস্যাবোৰ সমাধান কৰা হ’ব বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি দিয়াৰ বাবে বিটিআৰ গোৰ্খা সমাজে ইউপিপিল দলকে পূৰ্ণ সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ বিটিআৰৰ গোৰ্খা সমাজে চৰ্ত সাপেক্ষে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিল দলক আগন্তুক বিটিচি পৰিষদৰ নিৰ্বাচনত সমৰ্থন আগবঢ়োৱা বুলি আজি ঘোষণা কৰিছে। আজি কোকৰাঝাৰ প্ৰেছক্লাৱত আয়োজিত সংবাদমেলত বিটিআৰ গোৰ্খা সমাজৰ সভাপতি উত্তম প্ৰধানে কয় যে, গোৰ্খা সকলৰ দীৰ্ঘদিনীয়া দাবী সমূহ দ্বিতীয়বাৰ পৰিষদীয় চৰকাৰ গঠন কৰাৰ লগে লগে সমস্যাবোৰ সমাধান কৰা হ’ব বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি দিয়াৰ বাবে বিটিআৰ গোৰ্খা সমাজে ইউপিপিল দলকে পূৰ্ণ সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ 

গোৰ্খা সমাজৰ সভাপতি উত্তম প্ৰধানে কয় যে তেওঁলোকৰ মূল সমস্যা সমূহ হ’ল ভূমিৰ অধিকাৰ দিয়া, বিটিচি পৰিষদৰ পৰিষদীয়  কাৰ্যনিৰ্বাহক সভাত ২০২১ত বিটিচিৰ পাঁচখন জিলাত গোৰ্খা সংৰক্ষিত বুলি এটা জাননী প্ৰকাশ পাইছিল যদিও জাননীখন আজিলৈকে গৃহীত হোৱা নাই।

দ্বিতীয়বাৰ পৰিষদ অহাৰ পাছতেই এই জাননীখন গৃহীত কৰা হ’ব বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে দিয়া প্ৰতিশ্ৰুতিৰ স্বাৰ্থত, দ্বিতীয়তে পৰিষদ গঠন হোৱাৰ পাছত গোৰ্খা সম্প্ৰদায়ৰ পৰা মনোনীত কৰি কাৰ্যবাহী সদস্য পদ দিয়া, চৰকাৰ গঠন কৰাৰ পিছত গোৰ্খা উন্নয়ন পৰিষদ বুলি এখন বোৰ্ড গঠন কৰা , বড়োলেণ্ড বিশ্ববিদ্যালয়ত নেপালী বিভাগ অন্তৰ্ভুক্ত কৰা আদি দাবী সমূহ পূৰণ কৰিব বুলি প্ৰমোদ বড়োই দিয়া প্ৰতিশ্ৰুতি মৰ্মে ইউপিপিল দলক সমৰ্থন দিয়াৰ সিদ্ধান্ত লোৱা বুলি জনায় উত্তম প্ৰধানে ৷

ইয়াৰোপৰি ওডালগুৰি জিলাৰ পাঁচনৈ সেৰফাঙত গোৰ্খা সম্প্ৰদায়ৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰাজু ঢাকালক বিনাচৰ্তে সমৰ্থন দিয়া বুলি ঘোষণা কৰাৰ লগতে বাকী ৩৯ টা সমষ্টিত ইউপিপিএল দলকে সমৰ্থন দিয়া বুলি কয় ৷ আজিৰ সংবাদ মেলত সম্পাদক অশোক শৰ্মা, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি সিদ্ধাৰ্থ সাপকোটা,সাধাৰণ সম্পাদক ৰিকু খানাল,উপদেষ্টা দেৱ নেৱাৰকে ধৰি কেবাগৰাকী নেতা- কৰ্মী উপস্থিত আছিল ৷ 

ইউপিপিএল বিটিচি