বিটিআৰত আৰম্ভ নিৰ্বাচনী হিংসা

বিটিচি নিৰ্বাচনৰ ভোটদানলৈ আৰু মাথো ১২ টা দিন বাকী থকা অৱস্থাত বিটিআৰৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে নিৰ্বাচনকেন্দ্ৰিক হিংসা

author-image
Asomiya Pratidin
New Update
306

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বিটিচি নিৰ্বাচনৰ ভোটদানলৈ আৰু মাথো ১২ টা দিন বাকী থকা অৱস্থাত বিটিআৰৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে নিৰ্বাচনকেন্দ্ৰিক হিংসা । প্ৰতিবাৰে বিটিচি নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত হিংসা এক গতানুগতিক প্ৰক্ৰিয়া হোৱাৰ দৰে এইবাৰো নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হৈছে নিৰ্বাচনকেন্দ্ৰিক হিংসা ।

বিটিআৰৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে নিশা কোকৰাঝাৰৰ বাওখুংগ্ৰী সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। মাজনিশা ইউপিপিএল আৰু বিপিএফ দলৰ কৰ্মী- সমৰ্থকৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংঘাতৰ ফলত দুয়োপক্ষৰ কেবাখনো বিলাসী গাড়ী , মটৰচাইকেল , চকী-মেজৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে দুয়োদলৰ কেবাজনো কৰ্মী আহত হয় ।

ইয়াৰে প্ৰথমটো ঘটনা সংঘটিত হয় কোকৰাঝাৰ জিলাৰ বাওঁখুংগ্ৰী পৰিষদীয় সমষ্টিৰ তিনিটিলাত। উল্লেখ্য যে বাওখুংগ্ৰী পৰিষদীয় সমষ্টিত বিপিএফৰ দলৰ পৰা ধনেশ্বৰ গয়াৰী আৰু ইউপিপিএল দলৰ পৰা ৰঞ্জিত বসুমতাৰী থিয় হৈছে।

দুয়োগৰাকী হেভিৱেইট প্ৰাৰ্থী আৰু ইয়াৰে ধনেশ্বৰ গয়াৰী বিটিচি গঠন হোৱাৰ পিছৰে পৰা নিৰৱচ্ছিন্নভাৱে বাওখুংগ্ৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছে। আনহাতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী যোৱাবাৰ ১৪ নং চিৰাংদুৱাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছিল যদিও এইবেলি সমষ্টিটোত ইউপিপিএলে খাম্ফা বৰগয়াৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ৰঞ্জিত বসুমতাৰীয়ে বাওখুংগ্ৰী সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে থিয় হৈছে ।

বিপিএফৰ ধনেশ্বৰ গয়াৰীয়ে সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ আৰু ইউপিপিএলৰ ৰঞ্জিত বসুমতাৰীয়ে সমষ্টিটোৰ পৰা জয়ী হবলৈ আপ্ৰাণ চেষ্টা কৰি থকাৰ বাবেই দুইপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছে । ইয়াৰে পৰিণতিতে কালি নিশা একাংশ দুৰ্ষ্কৃতিকাৰীয়ে তিনটিলা নামৰ ঠাইত ইউপিপিএল সমৰ্থকৰ তিনিখন বলেৰো বাহনৰ ক্ষতি সাধন কৰাৰ লগতে দুৰ্ষ্কৃতিকাৰীয়ে ইউপিপিএলৰ কেবাজনো কৰ্মী- সমৰ্থকক মাৰপিট কৰি আহত কৰে ।

উক্ত বাতৰিটো তৰিৎগতিত বিয়পি পৰাৰ লগে লগেই চাঞ্চল্যৰ সৃষ্টি হয় আৰু তাপপৰ্যপূৰ্ণভাৱে নিশা প্ৰায় ১:৩০ মান বজাত একাংশ দুৰ্ষ্কৃতিকাৰীয়ে সমষ্টিটোৰে নায়েকগাঁও যুৱ বিপিএফৰ কাৰ্যালয়ত আক্ৰমন চলায় । আক্ৰমনৰ কালছোৱাত দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে যুৱ বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে দুখন স্ক’ৰপিঅ' এখন বলেৰো আৰু কেবাখনো মটৰচাইকেলৰ ক্ষতিসাধন কৰাৰ লগতে চকী -মেজ ভাঙি লণ্ডভণ্ড কৰে ।

ইপিনে উক্ত ঘটনাক লৈ ইউপিপিএল আৰু বিপিএফে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে । তিনটিলাত ইউপিপিএলৰ কৰ্মী -সমৰ্থকক মাৰধৰ আৰু গাড়ী ভঙা ঘটনাৰ সতে ৩০ জনীয়া এটা যুৱ বিপিএফৰ দল এটা জড়িত থকা বুলি অভিযোগ কৰিছে সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে ।

ৰঞ্জিত বসুমতাৰীয়ে বুধবাৰে সংবাদমাধ্যমৰ আগত কয় যে বিপিএফৰ ধনেশ্বৰ গয়াৰীৰ প্ৰত্যক্ষ নিৰ্দেশতে তিনটিলাত ইউপিপিএল কৰ্মীসকলৰ ওপৰত আক্ৰমন সংঘটিত হৈছে। ৩০ জন মান যুৱ বিপিএফৰ লৰাই তিনটিলাত থকা মুছলমান সম্প্ৰদায়ৰ ইউপিপিএলৰ সমৰ্থক সকলক মাৰধৰ কৰিছে আৰু মাৰধৰৰ ঘটনাত কেবাজনো বড়ো আৰু ৰাভা সম্প্ৰদায়ৰ লোক জড়িত আছে।

অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰজু কৰা হৈছে বুলি মন্তব্য কৰি ধনেশ্বৰ গয়াৰী হাৰিব বুলি গম পাই ভয় খুয়াবলৈকে উক্ত ঘটনা সংঘটিত কৰা বুলি দাবী কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে। তদুপৰি আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফৰ হাগ্ৰামা মহিলাৰী, দেৰহাছাৎ বসুমতাৰী আৰু ধনেশ্বৰ গয়াৰী পৰাজয়বৰণ কৰিব বুলি দাবী কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে।

ইপিনে নায়েকগাঁও যুৱ বিপিএফৰ কাৰ্যালয়ত আক্ৰমন চলাই যুৱ বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে দুখন স্ক’ৰপিঅ' এখন বলেৰো ,কেবাখনো মটৰচাইকেল  আৰু চকী-মেজ ক্ষতিসাধন কৰা ঘটনাৰ আঁৰত ইউপিপিএল দলৰ কৰ্মী জড়িত আছে বুলি অভিযোগ কৰিছে সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী ধনেশ্বৰ গয়াৰীয়ে।

সংবাদমাধ্যমৰ আগত তেওঁ কয় যে ইউপিপিএলৰ ভেৰোণিয়া গুণ্ডাবাহিনীয়ে উক্ত কাম সংঘটিত কৰিছে আৰু বিষয়টো সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে। ইউপিপিএলে নিশা হলেই গাঁৱে গাঁৱে গৈ ভাবুকি আৰু টকা বিলায় বুলিও অভিযোগ কৰে বিপিএফৰ প্ৰাৰ্থী ধনেশ্বৰ গয়াৰীয়ে।

জনতাক আতংকিত নহবলৈ আহ্বান জনাই বিপিএফৰ প্ৰাৰ্থী ধনেশ্বৰ গয়াৰীয়ে ইউপিপিএলৰ পৰাজয় নিশ্চিত বুলি দাবী কৰিছে। আনহাতে  যুৱ বিপিএফৰ উপ সভাপতি প্ৰহ্লাদ ব্ৰহ্মই সদৰি কৰা মতে নিশা ডেৰ মান বজাত ইউপিপিএলৰ প্ৰায় ২০০ জনীয়া কৰ্মী সমৰ্থকৰ দলে নায়েকগাঁও যুৱ বিপিএফৰ কাৰ্যালয়ত লাঠি , ৰোডেৰে আক্ৰমন কৰি বিস্তৰ ক্ষতিসাধন কৰে । বহুদিনৰ পৰা ইউপিপিএল দলে বিপিএফৰ পতাকা পৰ্যন্ত জ্বলাই দিছে । ইউপিপিএলৰ হৈ এবছু নামি গৈছে ।

এবছু আৰু ইউপিপিএল একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি মন্তব্য কৰি প্ৰহ্লাদ ব্ৰহ্মই ইউপিপিএল দলক ৰাইজে বিচৰা নাই বুলি মন্তব্য কৰি বিপিএফৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে । আনহাতে কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ আজি এক সংবাদমেল  আয়োজন কৰি চিৰাং আৰু কোকৰাঝাৰৰ নিৰ্বাচনী হিংসাক গৰিহণা প্ৰকাশ কৰিছে।

কালি নিশা ইউপিপিএলৰ গুণ্ডাবাহিনীয়ে কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰীত আৰু চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ সমষ্টিত বিপিএফ কৰ্মীক মাৰধৰ আৰু গাড়ী ভাঙচুৰৰ অভিযোগ উত্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে প্ৰশাসনক দায়িত্ব লৈ কাম কৰাৰ উপদেশ দিছে। যিসকল ঘটনাৰ সতে জড়িত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰি দ্বিতীয়বাৰৰ বাবে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰিছে।

প্ৰমোদ বড়োৱে নিজ কৰ্মীক নিয়ন্ত্ৰণ কৰাৰ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে কয় যে আমি বিপিএফ দলে আমাৰ কৰ্মীক আৱেগিক হৈ কাম কৰিবলৈ দিয়া নাই।সকলোৱে যাতে শান্তিপূৰ্ণ ভাৱে ভোটদান কৰিব পাৰে সেই পৰিৱেশ বিপিএফে বিচাৰে বুলিও মন্তব্য কৰিছে মহিলাৰীয়ে । ইপিনে হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ নিৰ্বাচন পৰিচালনা সমিতি গঠন আৰু মুখ্য কাৰ্যালয় মুকলি কৰাৰ তথ্য সদৰি কৰি কয় যে প্ৰাক্তন আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ ব্ৰহ্মক সভাপতি , প্ৰবীন বড়োক মুখ্য আহ্বায়ক হিচাপে লৈ ৬০ জনীয়া বিপিএফৰ নিৰ্বাচনী পৰিচালনা কমিটিখন গঠন কৰা হৈছে। সদস্যসকলে ৪০ টা সমষ্টিত নিষ্ঠা সহকাৰে কাম কৰিব বুলি আশা কৰি বিপিএফক সকলো জাতি জনগোষ্ঠীয়ে সহায় সহযোগ কৰি আছে বুলি উল্লেখ কৰে মহিলাৰীয়ে।

বিপিএফে চৰকাৰ গঠন কৰিলে সকলো জাতি জনগোষ্ঠীৰ জাতীয় সমস্যা সমাধান কৰা হ'ব আৰু প্ৰতিটো বিভাগতে পূৰ্বতকৈ দুগুন কাম কৰা হ'ব বুলি মন্তব্য কৰি বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰত সকলো কথা উল্লেখ আছে বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। 

বিটিআৰ