মুছলপুৰ পৰিষদীয় সমষ্টিত কোনে মাৰিব শেষ হাঁহি ?

২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত মুছলপুৰ পৰিষদীয় সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। প্ৰাৰ্থী প্ৰক্ষেপৰ পৰিবৰ্তে বিজেপিয়ে ইউপিপিএলক সমৰ্থন আগবঢ়াইছিল।

author-image
Asomiya Pratidin
New Update
musalpur 17

ডিজিটেল সংবাদ গুৱাহাটীঃ বি টি আৰত সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী বতাহ বলিছে। সংখ্যাগৰিষ্ঠ আসন লাভৰ লক্ষ্য ৰাখি আগবাঢ়িছে প্ৰতিটো ৰাজনৈতিক দল। বিগ ব্ৰাডাৰ হিচাপে চলিত বৰ্ষলৈ ইউপিপিএলৰ সৈতে মিত্ৰতা অক্ষুণ্ণ ৰখা বিজেপিয়ে আগন্তুক নিৰ্বাচনত নাৰাখে কোনো দলৰ লগতে কোনো ধৰণৰ প্ৰাক নিৰ্বাচনী মিত্ৰতা। 

সেইদৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা চলি থাকিলেও মিত্ৰতাই নাপালে চূড়ান্ত পৰ্য্যায়। তেনে ক্ষেত্ৰত বি টি আৰৰ তিনিটা প্ৰধান ৰাজনৈতিক দল বিজেপি, ইউপিপিএল আৰু বিপিএফে নিজাববীয়াকৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। 

আনফালে নতুনকৈ গঠিত অঞ্জলি দৈমাৰীৰ এপিবি আৰু নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়েও কেইটামান সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আন-আন দল, সংগঠনেও কেবাটাও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰিছে। সম্প্ৰতি প্ৰতিটো সমষ্টিৰ দৰে নিৰ্বাচনী বতাহ বলিছে ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিতো। 

বাক্সা জিলাৰ সদৰ মুছলপুৰক সাঙুৰি লোৱা এই সমষ্টিটো ইতিমধ্যে বিটিচিৰ এক উল্লেখযোগ্য সমষ্টি হিচাপে বিবেচিত হৈছে। ২০০৫ চনৰ পৰিষদীয় নিৰ্বাচনৰ পৰা একেৰাহে তিনিবাৰকৈ এই সমষ্টিটো বিপিএফে দখল কৰিছিল। এই সমষ্টিটোৰ পৰা কাৰ্যবাহী সদস্যৰ পদো লাভ কৰিছিল অনচুমৈ খুংগুৰ বড়োৱে। 

কিন্তু ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত অনচুমৈ খুংগুৰ বড়োক হৰুৱাই ইউপিপিএলৰ ৰাকেশ ব্ৰহ্মই সমষ্টিটো দখল কৰে। ইফালে সেই বৰ্ষতে বিজেপিৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন হয় আৰু কাৰ্যবাহী সদস্য পদ লাভ কৰে ৰাকেশ ব্ৰহ্মই। 

উল্লেখ্য যে ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত মুছলপুৰ পৰিষদীয় সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। প্ৰাৰ্থী প্ৰক্ষেপৰ পৰিবৰ্তে বিজেপিয়ে ইউপিপিএলক ভিতৰুৱা সমৰ্থন আগবঢ়াইছিল। এই ক্ষেত্ৰত সেই বছৰৰ নিৰ্বাচনত ইউপিপিএলৰ ৰাকেশ ব্ৰহ্ম জয়ী হোৱাৰ ক্ষেত্ৰত বিজেপিৰ যে অৰিহণা আছিল সেই কথা নুই কৰিব নোৱাৰি। 

অৱশ্যে এইবাৰৰ পৰিৱেশ সলনি হৈছে। বিজেপিয়ে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যুৱ নেতা ৰিদীপ কুমাৰ ডেকাক। এইগৰাকী ৰিদীপ কুমাৰ ডেকাই ২০১৫ চনৰ নিৰ্বাচনতো অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও শোচনীয় পৰাজয় লাভ কৰিছিল। 

সমষ্টিটোৰ ক্ষেত্ৰত জনগোষ্ঠীয়, জাতিগত আৰু ভাষিক যুঁজখন মন কৰিবলগীয়া। অজনজাতীয় সমষ্টিটোত পূৰ্বে নিৰ্বাচিত পাৰিষদসকল আছিল বড়ো মূলৰ। সেই একেই ধাৰাবাহিকতা যদি ভোটাৰ ৰাইজে অক্ষুণ্ণ ৰাখে তেন্তে ২০২৫ চনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হ'বলগীয়া গৰাকী বড়ো মূলৰ হোৱাটো স্বাভাৱিক। 

এইক্ষেত্ৰত সম অধিকাৰ, সম উন্নয়ন, সম বিকাশৰ কথা কৈ বিজেপিয়ে সমষ্টিটো নিজৰ হাতলৈ আনিবলৈ আপ্ৰাণ চেষ্টা কৰাও পৰিলক্ষিত হৈছে যদিও সমষ্টিটোত বড়ো ভোটাৰেই কিন্তু সৰ্বাধিক। লগতে বৰ্তমানৰ এগৰাকী জনপ্ৰিয় কাৰ্যবাহী সদস্য হিচাপে বিবেচিত ৰাকেশ ব্ৰহ্মৰ বিপৰীতে বিজেপিয়ে দিয়া যুঁজখন হৈছে মন কৰিবলগীয়া। 

ইফালে তিনিটা শাসনকাল বিপিএফক আৰু এটা শাসনকাল বিজেপি-ইউপিপিএল মিত্ৰজোঁটক দিয়া ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভোটাৰ ৰাইজে এইবাৰ বিজেপিক আগস্থান দিব বুলি ক'ব নোৱাৰি। সকলো দিশ সামৰি মুছলপুৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচন কেন্দ্ৰিক বতাহত বড়ো সকলৰ আধিপত্য দেখিবলৈ পোৱা গৈছে। 

তেনে ক্ষেত্ৰত মূল যুদ্ধখন বিজেপি-ইউপিপিএলৰ মাজত নহৈ বিপিএফ-ইউপিপিএলৰ মাজত হোৱাটো স্বাভাৱিক। তাতে বিপিএফে পুনৰবাৰ দিছে অনচুমৈ খুংগুৰ বড়োক প্ৰাৰ্থিত্ব। যোৱা পাঁচটা বছৰ শাসনত নাথাকিলেও সমষ্টিটোৰ ৰাইজৰ সুখে-দুখে সমভাগি হৈ আছে অনচুমৈ খুংগুৰ বড়ো। 

ইফালে মুছলপুৰ সমষ্টিত বিপিএফৰ আন টিকট প্ৰত্যাশী আছিল যদিও সৃষ্টি হোৱা নাই বিসম্বাদ। সকলোৱে অনচুমৈ খুংগুৰ বড়োক জয়ী কৰাবলৈ উঠি-পৰি লাগিছে। কিন্তু তাৰ বিপৰীতে ইউপিপিএলৰ পৰা টিকট নোপোৱাৰ ক্ষোভত ইউপিপিএল দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে মুছলপুৰ পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ বিদ্যুৎ বসুমতাৰীয়ে। 

মুছলপুৰ পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ হিচাপে সমষ্টিটোত আছে বিদ্যুৎ বসুমতাৰীৰ প্ৰভাৱ। তেনে ক্ষেত্ৰত ইউপিপিএলৰ ভোট বিভাজন হোৱাৰ আশংকাই সৰ্বাধিক। আনফালে প্ৰাক্তন এনডিএফবি নেতা তথা ইউপিপিএলৰ কৰ্মী, বৰমা বিধান সভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ একেবাৰে ঘনিষ্ঠ কৰ্মী নিৰেন দেউৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মুছলপুৰ পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 

এইফালৰ পৰাও ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ ভোট ভাগ হ'ব। মুঠতে সাতে পাঁচে বাৰ হোৱাদি জয়ৰ পথ সুগম হৈছে অনচুমৈ খুংগুৰ বড়োৰ। কোনো ডাঙৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত নকৰি দিনে-নিশাই গাঁৱে-গাঁৱে চুবুৰীয়ে-চুবুৰীয়ে সোমাই পৰিছে প্ৰাৰ্থীগৰকী।

প্ৰকাশ্য যে অনাবড়ো লোকেও ভালপায় অনচুমৈ খুংগুৰ বড়োক। অতিকৈ ভদ্ৰ, নম্ৰ স্বভাৱৰ হোৱা বাবে সকলো স্তৰৰ ৰাইজৰ প্ৰিয় অনচুমৈ খুংগুৰ বড়ো। এতিয়া নিৰ্বাচনৰ ফলাফলত হে লক্ষণীয় হ'ব মুছলপুৰ সমষ্টি দখল কৰিবলৈ কোন হ'ব সক্ষম!

মুছলপুৰ নিৰ্বাচন বি টি আৰ