/asomiyapratidin/media/media_files/2025/09/26/438-2025-09-26-12-25-39.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে বি টি আৰ নিৰ্বাচনৰ ভোটগণনা। কেইবাটাও কেন্দ্ৰত শান্তিপূৰ্ণভাৱে পুৱাৰে পৰা চলি আছে ভোটগণনা।
ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে। আৰম্ভ হৈছে দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা। দ্বিতীয় ৰাউণ্ডৰ শেহতীয়া খবৰ অনুসৰি ৩১ নং খৈৰাবাৰী সমষ্টিত বি পি এফে এতিয়ালৈকে ১৬৯৫টা ভোট লাভ কৰি অগ্ৰগতি লাভ কৰিছে। ইউ পি পি এলে ১৫১৭ ভোটত পাইছে। অৱশ্যে এই সমষ্টিটোত বিজেপিয়ে ১৩২৯টা ভোটত পিছ পৰি আছে।
ইয়াৰ উপৰি ৩৭ নং ধনশ্ৰী সমষ্টিত বিপিএফে ৩৩০১ ভোটত আগবাঢ়ি আছে। তাৰ পাছতে আছে ইউ পি পি এল। দলটোৱে ৩১৯৩ ভোট লাভ কৰি আছে। দুয়োটা দলৰ মাজৰ ভোট ব্যৱধানৰ সংখ্যা হৈছে ১৯৪৩টা।
৩৬ নং হৰিশিঙাত বিপিএফ আগবাঢ়ি আছে। বাতৰি লিখা পৰ্যন্ত দলটোৱে ৩৬৮৯টা ভোট লাভ কৰিছে। একেদৰে ইউ পি পি এলে ২৭৩১টা ভোট লাভ কৰিছে। আনহাতে অঞ্জলী দৈমাৰীৰ এ পি বিয়ে ৬৩১টা ভোট লাভ কৰিছে।