বি টি আৰ চুক্তি অনুসৰি বড়ো অধ্যুষিত গাঁও অন্তভূৰ্ক্তি আৰু অবড়ো গাওঁ কৰ্তন কৰাৰ উদ্দেশ্য আয়োগ গঠন…

বি টি আৰ চুক্তি অনুসৰি বড়ো অধ্যুষিত গাঁও অন্তভূৰ্ক্তি আৰু অবড়ো গাওঁ কৰ্তন কৰাৰ উদ্দেশ্য আয়োগ গঠন…

author-image
asomiyapratidin
New Update
সূৰ্যগ্ৰহণৰ দিনাই ৰাজ্য জোঁকাৰি গ’ল ভূমিকম্পই…

ডিজিটেল ডেস্কঃ বি টি আৰ গঠনৰ বাবে আৰু এটা খোজ আগবাঢ়িল। কেন্দ্ৰীয় চৰকাৰৰ সৈতে সদৌ বড়ো ছাত্ৰ সন্থা আৰু এন ডি এফ বিৰ মাজত ২৭জানুৱাৰী ২০২০ত হৈছিল ঐতিহাসিক বি টি আৰ চুক্তি। সেই চুক্তি অনুসৰি বি টি এ ডি সীমাত সংলগ্ন হৈ থকা ৫০শতাংশ বা তাতোধিক বড়ো তথা জনজাতীয় লোক বাস কৰা গাঁৱসমূহ বি টি আৰত অন্তভূক্ত আৰু ৫০ শতাংশতকৈ অধিক অজনজাতীয় লোক বাস কৰা বি টি আৰত অন্তভূক্ত গাঁৱসমূহৰ নামত কৰ্তন অৰ্থে ৰাজ্যপালে এখন আয়োগ গঠন কৰি দিছে।

Advertisment

সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত গঠন কৰা এই আয়োগৰ অধ্যক্ষ হব, প্ৰাক্তন আই এছ বিষয়া পি পি বাৰ্মা, বি টি চি প্ৰশাসনৰ প্ৰায় এজন সদস্যৰ উপৰিও এই আয়োগত সদস্যৰূপে থাকিব সদৌ বড়ো ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত বসুমতাৰী, ৰেড ক্ৰছৰ ডালিম বায়ন আৰু অসম চৰকাৰৰ এগৰাকী যুটীয়া সচিব।

এই আয়োগৰ সচিব হিচাপে থাকিব গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিবগৰাকী। কোনো দল-সংগঠন বা ব্যক্তি বিশেষৰ এই সন্জৰ্ভত ওজৰ আপত্তি থাকিলে ৬মাহৰ ভিতত এই আয়োগক জনাব পাৰিব।