বিজেপিক ভোট দিলে অহা ৫ বছৰত বিটিআৰত কোনো সমস্যাই নাথাকিবঃ মুখ্যমন্ত্ৰী

তৃতীয় বাৰৰ বাবে বিটিআৰৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ওৰাঙত আৰু ওদালগুৰি চহৰত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-18 at 4.48.14 PM

ডিজিটেল সংবাদ, ওৰাংঃ তৃতীয়বাৰৰ বাবে বিটিআৰৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ওৰাঙত আৰু ওদালগুৰি চহৰত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

Advertisment

এই সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ৩৯ নং পাচনৈ চেৰফাং আৰু ৪০ নং ৰৌতা সমষ্টি দুয়োটাতে বিজেপিয়ে প্রার্থী নিক্ষেপ কৰিব বুলি সভাত স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে, "বিজেপিৰ চৰকাৰ আহিলে বিটিআৰত সকলো প্রথম শ্ৰেণীৰ নাগৰিক হ'ব। কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব" বুলি উল্লখ কৰে হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, "বিজেপি চৰকাৰ অহাৰ লগে লগেই বিটিআৰত মাটিৰ সমস্যা সমাধান হ'ব" বুলি মন্তব্য কৰে মুখ্য়মন্ত্ৰীয়ে। তেওঁ লগতে কয়, "অহা ২২ আগষ্টত ৫০ হাজাৰ লাখপতি বাইদেউক  ১০ হাজাৰকৈ টকা দিয়া হব। ৩৮ লাখ মহিলাই একেদিনাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ভিচিডিচি ব্যৱস্থাক লৈ সোচ্চাৰ মুখ্যমন্ত্রী বিটিআৰত ভিচিডিচিৰ মুৰত তেল দিলেহে কাম সমাধান হয়। বিজেপি আহিলেই উঠি যাব ভিচিডিচি ব্যৱস্থা" বুলিও সদৰি কৰে হিমন্ত বিশ্ব শৰ্মাই। 

একেদৰে, "বিজেপিক ভোট দিলে অহা ৫ বছৰত বিটিআৰত কোনো সমস্যাই নাথাকিব" বুলি গেৰাণ্টী দিয়ে মুখ্যমন্ত্ৰীয়ে। ইফালে, নিৰ্বাচনৰ দিন ঘোষণা কৰা পাছতহে বিজেপিয়ে কেইখনত খেলিব সেইকথা ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।

ৰাহুল গান্ধীক লৈ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। "ৰাহুল গান্ধী বোলা ব্যক্তিজনে ভাৰতত কিবা নহয় কিবা গণ্ডগোল লগাব চেষ্টা কৰি থাকে। ৰাহুল গান্ধীৰ মুখেৰে কেতিয়াও পজিটিভ কথা নোলায়। ব্যক্তিত্ব ভাল থকা মানুহে থাকিব নোৱাৰে কংগ্ৰেছ দলত। মইও আগতে গান্ধী পৰিয়ালৰ নেগুৰত ধৰি আছিলো। ভুল বুজি মই ওলাই আহিলো" বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীৰ হাতত ৪ টা ফোন থকা বুলি কৰা কটাক্ষৰ প্রতিক্রিয়া প্ৰকাশ কৰে মুখ্যমন্ত্রীয়ে। "মই যদি একেবাৰতে অমিত শ্বাহকো ফোন কৰিব পাৰো, হাগ্রামা-প্ৰমোদ বড়োকো ফোন কৰিব পাৰো, কংগ্ৰেছকো যদি ফোন কৰিব পাৰো তেনে মোৰ সমান শক্তিশালী মানুহ ভাৰততে নাই। গতিকে মোৰ লগত যুঁজ বাগৰ নকৰাই ভাল" বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী