Advertisment

BTCত পুনৰ উচ্ছেদ! ওলাই আহিল শ শ ৰাইজ...

পুনৰ উচ্ছেদৰ আতংকই খেদিছে BTC বাসী ৰাইজক। ওদালগুৰিৰ  অসম- অৰুণাচল সীমান্তৰ লামাবাৰীত উচ্ছেদৰ বিৰোধিতাৰে ওলাই আহিল শ শ ৰাইজ, স্থানীয় দল সংগঠন।

author-image
Asomiya Pratidin
New Update
okokি

ডিজিটেল সংবাদ, চিৰাংঃ  পুনৰ উচ্ছেদৰ আতংকই খেদিছে BTC বাসী ৰাইজক। ওদালগুৰিৰ  অসম- অৰুণাচল সীমান্তৰ লামাবাৰীত উচ্ছেদৰ বিৰোধিতাৰে ওলাই আহিল শ শ ৰাইজ, স্থানীয় দল সংগঠন। BTR, BJP চৰকাৰে লামাবাৰী চাহ বাগিচাৰ চিলিং অধীগৃহিত আদিবাসী ৰাইজৰ মাটি উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ পাছতেই এনেদৰেই ৰাজপথলৈ ওলাই আহি পথ অৱৰোধ কাৰ্যসূচীৰে উত্তাল প্রতিবাদ জনতাৰ।

Advertisment

বৃটিছৰ কালৰে পৰা ভোগদখল কৰি সাধাৰণ জীৱন যাপন কৰি অহা এই সকল আদিবাসী ৰাইজক উচ্ছেদ কৰি সেই ঠাইত BTR চৰকাৰে bamboo processing unit স্থাপনৰ পোষকতাক তীব্র বিৰোধিতা আছা, আটছা, BPF কে আদি কৰি শ শ ৰাইজৰ। শ শ বছৰ ধৰি বসবাস কৰি থকা এই সকল লোকৰ ভূমি উচ্ছদ কোতিয়াও হবলৈ দিয়া নহব বুলি হুংকাৰ স্থানীয় দল- সংগঠন, ৰাইজৰ। bamboo processing unit স্থাপনৰ নামত এক ইঞ্চি মাটিও এৰি নিদিয়ে ৰাইজে। যাৰবাবে চৰকাৰে এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে এনেদৰে পথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে শ শ ৰাইজে।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ১৯ চেপ্টেম্বৰত BODOLAND TERRITORIAL COUNCIL ৰ যুতীয়া সচিবৰ স্বাক্ষৰিত এখন জাননীত পোহৰলৈ আহিছে সকলো তথ্য। জাননী অনুসৰি অকল লামবাৰীতেই bamboo processing unit স্থাপন নহয়,  সমগ্র BTR অঞ্চলৰ ১২ টা এলেকাত উদ্যোগ স্থাপনৰ বাবে উদ্দ্যোগ হাতত লৈছে BTR চৰকাৰে। চিৰাং জিলাৰ ছিদলী ৰাজহ চক্ৰৰ পদ্মপুৰত আন এটা Bamboo Processing Unit, বিজনী ৰাজহ চক্ৰত SMALL BAMBOO NURSERY, তামুলপুৰৰ এন. কে আনগাৰকাটাত SMALL BAMBOO NURSERY, ওদালগুৰিৰ মাজবাটৰ লামাবাৰীত BAMBOO PROCESSING UNIT, ওদালগুৰিৰ ভেৰগাঁৱত SMALL BAMBOO NURSERY, কোকৰাঝাৰৰ দতমাত SMALL BAMBOO NURSERY, বাক্সাৰ বাগানপাৰাত  ORGANIC MANURE SETELLITE UNIT, ওদালগুৰিৰ হৰিশিঙাৰ ভূটীয়াচাঙত ORGANIC MANURE SETELLITE UNIT, কোকৰাঝাৰৰ দতমাত আন এটা BAMBOO PROCESSING UNIT, বাক্সাৰ জলাহত BAMBOO PROCESSING UNIT, তামুলপুৰৰ গোৰেশ্বৰত আন এটা bamboo processing unit , বাক্সাৰ বাগানপাৰাত SMALL BAMBOO NURSERY, তামুলপুৰৰ গোৰেশ্বৰত bamboo processing unit স্থাপনৰ পোষকতা চৰকাৰৰ।

বিটিচি