/asomiyapratidin/media/media_files/2025/08/25/ujjjddd-2025-08-25-23-01-51.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আজি বড়োলেণ্ড অতিথিশালাত বিটিচি চৰকাৰৰ বিগত ৫ বছৰৰ খতিয়ান এক সংবাদমেল যোগে দাঙি ধৰিছে । শান্তি , স্মাৰ্ট আৰু গ্ৰীণ বড়োলেণ্ডৰ খতিয়ান দাঙি ধৰি প্ৰমোদ বড়োৱে কয় যে যি বিটিচি প্ৰশাসনত বা কাম কাজত কোনো ধৰণৰ নিয়ম নীতি মনা হোৱা নাছিল সেয়া এতিয়া সম্পূৰ্ণৰূপে পৰিবৰ্তন কৰা হ'ল ।
গোটেই প্ৰশাসনিক ব্যৱস্থাটো এটা চিষ্টেমৰ ভিতৰত আনি এতিয়া কামবোৰ সুচাৰুৰূপে কৰা হ'ল বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে বিটিআৰ চৰকাৰৰ ২৫ টা উল্লেখনীয় সফলতা দাঙি ধৰে । ইয়াৰ ভিতৰত হেোীনেচ মিচন , ভাইব্ৰেণ্ট বিটিআৰ মিচন , বড়ো শান্তি চুক্তি ২০২০ ৰূপায়ন , গুণগত শিক্ষা প্ৰদান , ৰোগ নিৰ্মুল বিটিআৰ নিৰ্মান , বড়োলেণ্ড ৱমেন এমপাৱাৰমেণ্ট্ মিচন , বড়োলেণ্ড কমিউনিটি কান্সিলিং চেণ্টাৰ, শিশু অনুকুল বিটিআৰ নিৰ্মান , দিব্যাংগ অনুকুল বিটিআৰ নিৰ্মান , বিটিচিৰ মুখ্য কাৰ্যবাহীৰ বিশেষ আঁচনি ৰূপায়ন , বডোফা জীৱিকা অভিযান মিচন , বড়োলেণ্ড হেণ্ডলুম মিচন , বড়োলেণ্ড চেৰিকালচাৰ মিচন , বড়োলেণ্ড বীজ মিচন , জিআই টেগ মিচন , গ্ৰীন বড়োলে্ড মিচনকে ধৰি ২৫ টা মিচনৰ পুংখানুপংখ সংবাদমেলত দাঙি ধৰে প্ৰমোদ বড়োৱে।
তদুপৰি মিচন বৈসূমতীৰ দ্বাৰা মাটি -বাৰীৰ সমস্যা সমাধান কৰা হৈছে বুলি দাবী কৰি বিটিআৰত বসৱাস কৰা ২৬ টা জনগোষ্ঠীৰ ভাষা -সাহিত্য -সংস্কৃতি সুৰক্ষিত বুলি মন্তব্য কৰিছে। বিগত সময়ছোৱাত প্ৰায় তিনিলাখ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ নিৰ্মান, বিটিচিৰ ৪০ টা সমষ্টিত ৭০০ আসনযুক্ত ৫০ টা শ্বহীদ সুজিত নাৰ্জাৰী ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মান , ২০১ টা ভিচিডিচি ভৱন নিৰ্মান , ১১০ কোটি ব্যয় সাপেক্ষে ইএম , এমচিএলএৰ কোৱাৰ্টাৰ নিৰ্মান , ১৮০০ কিলোমিটাৰ ৰাস্তা নিৰ্মান, ২১ টা সামগ্ৰীত জিআই টেগ ,৯৮৬৫ টা আত্মসহায়ক গোটক ২৪.৬ কোটি প্ৰদান আদিকে ধৰি বহুসংখ্যক জনসেৱামুলক কাম কৰিছে।
বিপিএফৰ দিনত অকল মেলা আৰু জুৱা সংস্কৃতিৰে সমাজ জীৱন বিষাক্ত হৈ পৰিছিল আৰু এতিয়া বড়োলেণ্ডত তাৰ সম্পূৰ্ণ বিপৰীত স্থিতি বুলি সংবাদমেলত সদৰি কৰি মেলা-জুৱাৰ সলনি এতিয়া সাহিত্য উৎসক অনুষ্ঠিত হৈছে । বড়োলেণ্ডত ডুৰান্ত কাপ , আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল, সন্তোষ ট্ৰফী , চিইএম কাপ আদি অনুষ্ঠিত হৈছে আৰু যুৱচামে খেলৰ যোগেদিও সপোন ৰচিছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ।
শান্তি , সম্প্ৰীতি ,,উন্নয়নৰ ফলত বড়োলেণ্ড এতিয়া লেখত লবলগীয়া ঠাইত পৰুণত হৈছেচ আৰু এসময়ৰ অশান্ত বড়িলেণ্ডক আজিৰ শান্তিৰ চহৰ বুলি অভিহিত কৰা হৈছে । বিপিএফ চৰকাৰে ২৯০০ কোটি টকাৰ লায়েবিলিটি ৰাখি থৈ বিপদত পেলাইছিল বুলি উল্লেখ কৰি বিপিএফৰ দিনত সীমা সংখ্যাহীন দূৰ্নীতি হৈছিল বুলি মন্তব্য কৰে । শান্তি ঘূৰাই অনাৰ পিছত আজিৰ বড়োলেণ্ডত শিক্ষাৰ্থীসকলে সোণালী সপোন দেখা আৰম্ভ কৰিছে আৰু বহুসংখ্যক শিক্ষাৰ্থীক বিটিচি চৰকাৰে বিনামুলীয়া কোচিং দি ইউপিএচচি , এপিএচচি , জেইই ,এনইইটিত আদিত সফলতা লাভ কৰিছে।
তদুপৰি বিটিআৰ চৰকাৰে সচ্ছ আৰু নিকাভাৱে চাকৰি দি নিবনুৱাৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে আৰু শেহতীয়াভাৱে ভিচিডিচি সমুহত চেক্ৰটাৰী নিযুক্তি দিছে। তদুপৰি বহু আহিৱলগীয়া প্ৰকল্পৰ বিষয়েও সদৰি কৰি আগন্তুক সময়ছোৱাত বড়োলেণ্ডক এক লেখত লবলগীয়া ঠাই হিচাপে গঢ় দিয়া হ'ব বুলি সদৰি কৰিছে।
তদুপৰি বৰ্তমানৰ শান্তিৰ পৰিৱেশ ধৰি ৰাখিবলৈ হলে কৰণীয়খিনি কৰি যাব লাগিব বুলি মন্তব্য কৰি অনাগত সময়ছোৱাত সকলো জাতি জনগোষ্ঠীৰ সমস্যাৰ সমাধান , গুণগত শিক্ষা , জীৱিকাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে । আজিৰ সংবাদমেলত লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, ইউপিপিএলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী , ইউপিপিএলৰ মহিলা গোটৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্মও উপস্থিত আছিল।