/asomiyapratidin/media/media_files/2025/08/19/ujjddd-2025-08-19-11-13-07.jpg)
ডিজিটেল ডেস্কঃ বড়োভূমিত এতিয়া বলিছে নিৰ্বাচনী বতাহ। বি পি এফ, ইউ পি পি এলৰ লগতে বিজেপি, কংগ্ৰেছ আৰু আন আঞ্চলিক দলসমূহেও চলাইছে তীব্ৰ প্ৰচাৰ অভিযান। এনে সময়তে, মুছলপুৰত বিপিএফৰ আশীৰ্বাদ সমদলত অংশ লয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ।
সমদলৰ অন্তত কেবা সহস্ৰাধিক বিপিএফ কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হয় বিশাল জনসভা । সভাৰ অন্তত সাংবাদিকৰ আগত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । তেওঁ কয় যে, মুছলপুৰ জিলা বিপিএফৰ অন্তৰ্গত বাগানপাৰা, মুছলপুৰ, দিহিৰা, ক'কলাবাৰী পৰিষদীয় সমষ্টিত নিশ্চিতভাৱে জয়ী হ'ব বিপিএফ ।
তেওঁ কয়- ইউপিপিএল আৰু এবছু একেই । এইবাৰ এবছুৰ কাৰ্যালয় বিলাকতে ইউপিপিএলে কাৰ্যালয় পাতিব । ভিচিডিচি সন্দৰ্ভতো মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মোৰ কবলগীয়া নাই । কোকৰাঝাৰত চৰকাৰ চলাই আছে প্ৰমোদ বড়োৱে, গতিকে দিশপুৰ বা দিল্লীৰ লগত কাজিয়া কৰি কি হ'ব । মোৰ কোনো চিক্ৰেট মোবাইল নাই । এটাই আছে সেইটো Samsung.
তেওঁ লগত কয়- মই হিমন্ত বিশ্ব শৰ্মাৰ সৰু ভাই নহয় । বিটিচিত ময়েই ডাঙৰ ভাই । আগন্তুক পৰিষদীয় নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰি জয়ী হ'ম । কেবা সহস্ৰাধিক বিপিএফ কৰ্মীৰ উপস্থিতিৰে আজিৰ আশীৰ্বাদ সমদল প্ৰায় পাঁচ কিলোমিটাৰ পথ অতিক্ৰম কৰে । সমদলত প্ৰদৰ্শিত হয় বিপিএফৰ এখন বিশালাকাৰ পতাকা ।