বি টি চি সচিবালয় আক্ৰমণৰ আঁৰত কোন! জানে হাগ্ৰামাই...

খঙত টিঙিৰি তুলা হৈ আছে হাগ্ৰামা। শনিবাৰে ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱক লৈ উত্তাল প্ৰতিবাদ হৈছিল কোকৰাঝাৰত। প্ৰতিবাদকাৰীয়ে বি টি চিৰ সচিবালয়ত প্ৰৱেশ কৰি লংকা কাণ্ড সংঘটিত কৰিছিল। ভাঙি

author-image
Asomiya Pratidin
New Update
new ap web 6 (1)

ডিজিটেল ডেস্কঃ খঙত টিঙিৰি তুলা হৈ আছে হাগ্ৰামা। শনিবাৰে ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱক লৈ উত্তাল প্ৰতিবাদ হৈছিল কোকৰাঝাৰত। প্ৰতিবাদকাৰীয়ে বি টি চিৰ সচিবালয়ত প্ৰৱেশ কৰি লংকা কাণ্ড সংঘটিত কৰিছিল। ভাঙি পেলাইছিল সচিবালয়ৰ আচবাব, চকী-মেজ।

তাৰ পাছতেই দেওবাৰে এই ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামাই কয়- শনিবাৰে সংঘটিত সচিবালয়ৰ আক্ৰমণৰ আঁৰত আছে ইউ পি পি এল আৰু এবছু।

বিটিচিৰ নিৰ্বাচনত পৰাজয় হৈ এনে নাটক কৰা বুলি তেওঁ মন্তব্য কৰে। লগতে তেওঁ অভিযোগ কৰে যে, তেওঁক হত্যা কৰিব বিচাৰি আছে একাংশই। জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনৰ ওপৰতো মন্তব্য কৰি হাগ্ৰামাই কয়- এই সন্দৰ্ভত তেওঁৰ সৈতে কোনো আলোচনা কৰা হোৱা নাছিল।

কোনে কেতিয়া আন্দোলন কিয় কৰে, মোৰ জনা আছে বুলি কৈ হাগ্ৰামাৰ দাবী- সকলো তথ্য সময়ত ফাদিল হ’ব। স্বভাৱসুলভ ভাষাৰে হাগ্ৰামাই লগতে কয়- কৰ, হাল্লা কৰ।

হাগ্ৰামা মহিলাৰী