হাগ্ৰামাই প্ৰেৰণ কৰা ১২কাৰ্যবাহী সদস্যৰ তালিকাত ৰাজভৱনৰ অনুমোদন...

বি টি চিৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ ১২গৰাকী কাৰ্যবাহী সদস্যৰ নাম ইতিমধ্যে চূড়ান্ত হৈছে। যোৱা ৫ অক্টোবৰত চতুৰ্থবাৰৰ বাবে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে হাগ্ৰামাই শপত লোৱাৰ পাছতে যোৱা ১০অক্টোবৰত বি টি

author-image
Asomiya Pratidin
New Update
rrrrrrrrrr

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ  কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বডোফা নগৰস্থিত বিটিচি বিধান পৰিষদীয় ভৱনত কাইলৈ অৰ্থাৎ ১৪ অক্টোবৰত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচিৰ পঞ্চম কাৰ্যবাহী পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। কাইলৈ অনুষ্ঠিত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত ১২ গৰাকী পাৰিষদে কাৰ্যবাহী সদস্য হিচাপে শপত ল'ব।

ইতিমধ্যে ৰাজভৱনে ১২ কাৰ্যবাহী সদস্যৰ নাম তালিকাত অনুমোদন জনাইছে। এই সন্দৰ্ভত ৰাজ্যপালৰ সচিব তথা আয়ুক্ত এচ এচ মীনাক্ষী সুন্দৰমে অসম চৰকাৰৰ মুখ্য সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্যৰ সম্প্ৰসাৰণত অনুমোদনৰ কথা সদৰি কৰি কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যপাললৈ বিটিচিৰ ১২ জনীয়া পাৰিষদৰ তালিকা  কাৰ্যবাহী সদস্য হিচাপে অনুমোদন দিবলৈ প্ৰেৰণ কৰিছিল। সেইমৰ্মে হাগ্ৰামা মহিলাৰীয়ে প্ৰেৰণ কৰা তালিকাত ৰাজভৱনে অনুমোদন জনাইছে। কাইলৈ অতিৰিক্ত মুখ্য সচিব মুকেশ চাহুৱে ১২ গৰাকী পাৰিষদক কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰাব বুলি জানিব পৰা গৈছে।

কাইলৈ বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত লবলগীয়া ১২ জনীয়া কাৰ্যবাহী সদস্যসকল হ'ল ক্ৰমে ৫ নং চৰাইবিল সমষ্টিৰ মৃত্যুঞ্জয় নাৰ্জাৰী, ১ নং পৰ্বতঝোৰাৰ সমষ্টিৰ মুনমুন ব্ৰহ্ম, ৬ নং কচুগাঁও সমষ্টিৰ ৰবিৰাম নাৰ্জাৰী, ১২ নং ছালাকাটি সমষ্টিৰ দেৰহাছাৎ বসুমতাৰী, ৮ নং দোতমা সমষ্টিৰ প্ৰকাশ বসুমতাৰী, ১৫ নং কাজলগাঁও সমষ্টিৰ পানীৰাম ব্ৰহ্ম, ১৭ নং সুভাইঝাৰ সমষ্টিৰ ধীৰাজ বৰগয়াৰী, ২০ নং মথনগুৰী সমষ্টিৰ বেগম আখতাৰা আহমেদ , ২৩ নং দিহিৰা সমষ্টিৰ আগষ্টিছ টিগ্গা, ২৯ নং সুকলাই -চেৰফাং সমষ্টিৰ গণেশ কছাৰী , ৩১ নং খৈৰাবাৰী সমষ্টিৰ লৌমশ্ৰাও দৈমাৰী আৰু ৩৭ নং ধনশ্ৰী সমষ্টিৰ ফ্ৰেছ মুছাহাৰী ।

ইতিমধ্যে সামাজিক মাধ্যমত ১২ জনীয়া কাৰ্যবাহী সদস্যৰ তালিকা ভাইৰেল হৈছে। উল্লেখ্য যে প্ৰমোদ বড়োৰ কাৰ্যকালত বিটিচি বিধান পৰিষদৰ কাৰ্যবাহী পৰিষদখন আছিল১৭ জনীয়া । অধ্যক্ষ আৰু উপাধ্যক্ষক বাদ দি ১৭ জনীয়া কাৰ্যবাহী সদস্যৰ ভিতৰত ইতিমধ্যে মুখ্য কাৰ্যবাহী , উপ-মুখ্য কাৰ্যবাহীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছে।

যদিহে পূৰ্বৰ দৰেই কাৰ্যবাহী সদস্যৰ পদসমুহ অক্ষুণ্ণ থাকে তেনেহলে সেই হিচাপে আৰু তিনিটা কাৰ্যবাহী সদস্যৰ পদ খালি থাকিল । আনহাতে উপাধ্যক্ষৰ পদটোও অদ্যপি খালি হৈ আছে। চৰ্চা অনুসৰি হাগ্ৰামা মহিলাৰীৰ চৰ্ত পুৰণ হলে উক্ত চাৰিটা পদৰ দুই -তিনিটা পদত বিজেপিৰ পাৰিষদক স্থান দিব পাৰে যদিও এতিয়ালৈ কোনো কথা স্পষ্ট হোৱা নাই। ইপিনে বিপিএফৰ জেষ্ঠ্য নেতা তথা বাওখুংগ্ৰী সমষ্টিৰ পাৰিষদ ধনেশ্বৰ গয়াৰীৰ নামটো ১২ জনীয়া কাৰ্যবাহী সদস্য তালিকাত নথকাত চৰ্চাৰ বিষয় হৈ পৰিছে ।

হাগ্ৰামা মহিলাৰী