চিৰাঙত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনাঃ দুটা ফৈদৰ মাজত হতাহতি...

চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত ইউপিপিএল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত তীব্ৰ হতাহতি। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দুটা ফৈদৰ হতাহতিৰ ভিডিঅ’।

author-image
Asomiya Pratidin
New Update
চিৰাঙত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনাঃ দুটা ফৈদৰ মাজত হতাহতি...

ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত ইউপিপিএল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত তীব্ৰ হতাহতি। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দুটা ফৈদৰ তীব্ৰ বাক বিতণ্ডা আৰু হতাহতিৰ ভিডিঅ’।

জানিব পৰা মতে ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ মনোনয়ন পত্ৰ খাৰিজ হোৱা নিৰ্দলীয় প্ৰাৰ্থী ড০ ছাংগ্ৰাং ব্ৰহ্মৰ সমৰ্থকৰ এটা দলে মঙলবাৰে নিশা ৩ নং দেউশ্ৰী গাঁৱত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল। কেইদিনমানৰ আগলৈকে ইউ পি পি এল দলৰ হৈ কাম কৰি থকা ড০ ছাংগ্ৰাং ব্ৰহ্মৰ সমৰ্থক তথা নেতাসকলে কিয় বিপিএফ দলৰ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰীৰ সমৰ্থনত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব বুলি প্ৰশ্ন উত্থাপন কৰি স্থানীয় ইউপিপিএল দলৰ সমৰ্থকসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ইউপিপিএল দলৰ সমৰ্থকসকলে বিপিএফ দলৰ সমৰ্থনত সভা অনুষ্ঠিত কৰা দলটোৰ নেতাসকলৰ সৈতে প্ৰথমে তৰ্কাতৰ্কি আৰম্ভ কৰে তাৰ পিছত হতাহতিত লিপ্ত হয়। পিছত পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আগতেই বিপিএফ দলৰ সমৰ্থনত সভা অনুষ্ঠিত কৰা দলটো তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয়।

উক্ত ঘটনাক কেন্দ্ৰ কৰি ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ দেউশ্ৰীত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নিৰ্বাচন চিৰাং