প্ৰমোদ বড়োকে ধৰি তামুলপুৰৰ ৪ খন আসনৰ বাবে UPPLৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

আজি তামুলপুৰ সমষ্টিৰ চাৰিটা সমষ্টিৰত ইউ পি পি এলৰ নেতা প্ৰমোদ বড়ো, জলেন দৈমাৰী, ৰবীন্দ্ৰ বালা বিশ্বাস আৰু প্ৰদীপ নাৰ্জাৰীয়ে বিশাল ৰেলীৰ মাজেৰে গৈ মনোনয়ন দাখিল কৰে।

author-image
Asomiya Pratidin
New Update
প্ৰমোদ বড়োকে ধৰি তামুলপুৰৰ ৪ খন আসনৰ বাবে UPPLৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ডিজিটেল সংবাদ তামুলপুৰঃ আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ অন্তৰ্গত ক্ৰমে ২৪ নং গয়বাৰী সমষ্টিত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ২৬ নং দাৰাঙগাজুলি সমষ্টিত বিধায়ক জলেন দৈমাৰী, ২৭ নং নাগ্ৰীজুলি সমষ্টিত ৰবীন্দ্ৰ বালা বিশ্বাস আৰু ২৯ নং সুক্লাই চেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰী আদিয়ে ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন পত্ৰ দাখিল কৰে। 

মনোনয়ন দাখিলৰ এই সময়ছোৱাত তামুলপুৰৰ আকাশ ইউপিপিএল দলৰ বিভিন্ন শ্লোগানেৰে জীপাল হৈ পৰে। দলটোৰ কৰ্মীসকলে প্ৰমোদ বড়ো জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ, জৈ বড়ো হাৰিনি, জৈ জলেন দৈমাৰীনি জৈ আদি শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰে। 

তাৰোপৰি হাজাৰ হাজাৰ ইউপিপিএল দলৰ নেতা-কৰ্মী আৰু ৰাইজৰ সহযোগত এটি ৰেলীও বাহিৰ কৰে। এই ৰেলীৰে গৈয়ে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰে।

ইউ পি পি এল তামুলপুৰ প্ৰমোদ বড়ো