/asomiyapratidin/media/media_files/2025/09/21/udalguri-21-2025-09-21-21-54-49.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ ঠাইভেদে নিৰ্বাচনী হিংসাৰ মাজতে কাইলৈ অনুষ্ঠিত হব পঞ্চম বিটিচি নিৰ্বাচন। এই নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহৰ লগতে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে।
ওদালগুৰি জিলাৰ ১০ টা পৰিষদীয় সমষ্টিৰ ৬৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য কাইলৈ বেলট বাকচত বন্দী হব। জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৩৯,১১৪ গৰাকী।
ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৩,৬৫,৪৯৩ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ৩,৭৩,৬১৫ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৬ গৰাকী। এই ভোটাৰৰ সংখ্যা ২০২০ চনৰ নিৰ্বাচনৰ পূৰ্বে আছিল ৬,২৩,২১৫ গৰাকী।
অৰ্থাৎ ২০২০ বৰ্ষৰ তুলনাত এইবাৰ ভোটাৰৰ সংখ্যা ১৮.৬ শতাংশ বৃদ্ধি পাইছে। জিলাখনৰ ১০ টা পৰিষদীয় সমষ্টিৰ ৩৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৩৭৪৮ গৰাকী প্ৰীজাইদিং আৰু পোলিং বিষয়াসকল ভোটগ্ৰহন কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে।
কাইলৈ ৰাতিপুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হব ভোটগ্ৰহণ। উল্লেখযোগ্য এইবাৰৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। নিৰ্বাচনত বিটিআৰৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিত হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে।
৩৭ নম্বৰ ধনশ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী ফ্ৰেছ মোছাহাৰীয়ে অভিযোগ কৰা মতে যোৱা নিশা বিপিএফৰ কাৰ্যালয়ত বিৰোধী দলৰ সমৰ্থকে আক্ৰমণ কৰি কেইবাখনো চাৰিচকীয়া বাহনৰ ক্ষতিসাধন কৰে।
প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে ওদালগুৰি আৰক্ষী আৰক্ষী থানাত নিৰ্দিষ্ট অপৰাধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও বাতৰি লিখা পৰলৈ কোনো অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰা নাই বুলি সাংবাদিকৰ আগত অভিযোগ কৰে। কাইলৈ সম্পূৰ্ণ নিকাভাৱে যাতে নিৰ্বাচন অনুষ্ঠিত হয় তাৰবাবে ব্যৱস্থা লবলৈও জিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে।
আনহাতে ৩৮ নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিটো বিজেপি দলৰ সমৰ্থকক ভয় ভাবুকি দিয়াৰ লগতে আক্ৰমন কৰি বাহনৰ ক্ষতি কৰা বুলি বিৰোধী দলৰ বিৰুদ্ধে অভিযোগ কৰে সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী মিনন মছাহাৰীয়ে। আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰাৰ্থীগৰাকীয়ে কৰা এজাহাৰৰ ভিত্তিত ২ গৰাকী লোকক আটক কৰা বুলিও জানিব পৰা গৈছে।