শৰাইবিল সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰীক উষ্ম আদৰণি

বৃহস্পতিবাৰে প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে বিটিচিৰ ৫ নং শৰাইবিল পৰিষদীয় সমষ্টিৰ ইউ পি পি এলৰ মনোনিত প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰীক দলীয় কৰ্মী, সমৰ্থকসকলে উষ্ম আদৰণি জনায় ৷

author-image
Asomiya Pratidin
New Update
শৰাইবিল সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰীক উষ্ম আদৰনণি

ডিজিটেল সংবাদ গোসাইগাঁওঃ বিটিচিৰ ৫ নং শৰাইবিল পৰিষদীয় সমষ্টিৰ ইউ পি পি এলৰ মনোনিত প্ৰাৰ্থী ৰাজু কুমাৰ  নাৰ্জাৰীক আজি দলীয় কৰ্মী, সমৰ্থকসকলে উষ্ম আদৰণি জনায়৷ উল্লেখ্য যে সমাগত পৰিষদীয় নিৰ্বাচনৰ বাবে ইউ পি পি এলৰ  হাই কামাণ্ডে বৃহস্পতিবাৰে ১৮  সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ৷

Advertisment

ইয়াৰে শৰাইবিল সমষ্টিত ইউ পি পি এল প্ৰাৰ্থী হিচাপে দলৰ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীৰ নাম ঘোষণা কৰিছে ৷ ইয়াৰ পাছতেই দলীয় কৰ্মী, সমৰ্থকৰ মাজত আনন্দ উল্লাসৰ সৃষ্টি হয় ৷

মনোনিত প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰীয়ে আজি পুৱা নিজ গাঁৱত উপস্থিত হোৱাৰ লগে লগে বাদ্য, বাজনাৰে তেওঁক আদৰণি জনোৱা হয় ৷ কৰ্মী, সমৰ্থকসকলে নাৰ্জাৰীক আৰোনাই,পাঞ্চি আৰু ফুলাম গামোচাৰে আদৰণি জনায় ।

ইপিনে প্ৰাৰ্থিত্ব লাভ কৰি নাৰ্জাৰীয়ে ইউ পি পি এলৰ সভাপতিৰ লগতে প্ৰাৰ্থী নিৰ্বাচন সমিতিক ধন্যবাদ জ্ঞাপন কৰে ৷ তেও কয় যে শৰাইবিল পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ জয় নিশ্চিত৷ তাৰোপৰি তেওঁ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত কাম কৰিম বুলিও উল্লেখ কৰে।

নিৰ্বাচন বি টি চি ইউ পি পি এল