বহু লেহেমীয়া হৈছে বিটিচিৰ ভোটগণনা...

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱা মুঠ ৪০ টা সমষ্টিৰ ভোটগণনা বহু লেহেমীয়াকৈ হৈছে। ৪ বজাপৰ্যন্ত কোনো কোনো ঠাইত হৈছে ৩ টা ৰাউণ্ডৰহে ভোটগণনা।

author-image
Tushar Pratim
New Update
BTC 26 NEWS

ডিজিটেল ডেস্কঃ চলি আছে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা। মুঠ ৪০ টা সমষ্টিত অনুষ্ঠিত হোৱা ভোটগণনা অব্যাহত আছে যদিও বহু লেহেমীয়াকৈ হৈছে ভোটগণনা। বিয়লি ৪ বজা পৰ্যন্ত ৪০ টা সমষ্টিতৰ ক'ৰবাত ক'ৰবাত ৩ ৰ পৰা ৪ টা ৰাউণ্ডৰহে ভোটগণনা সম্পন্ন হৈছে। 

এই পৰ্যন্ত হোৱা ভোটগণনা অনুসৰি পৰিষদখনৰ ২০ খন আসনত আগবাঢ়ি আছে বি পি এফ দলটো। ইউ পি পি এল ৮ খনত আৰু বিজেপি ১২ খন আসনত আগবাঢ়ি আছে। এই ট্ৰেণ্ডল অনুসৰি যদিও বিপিএফ আগবাঢ়ি আছে তথাপিও কিন্তু ফলাফল কি হ'বগৈ সেয়া এতিয়াও নিশ্চিতকৈ ক'ব পৰা অৱস্থাত নাই। 

এই মুহূৰ্তত প্ৰয়োজনীয় ২১ খন আসন দখলেৰে বিপিএফে ক্ষমতালৈ আহিব বুলিয়েই আশা কৰি আছে যদিও পৰৱৰ্তী ৰাউণ্ড কেইটাৰ ভোটগণনা সম্পন্ন নোহোৱালৈকে একো ক'ব নোৱাৰি। কিয়নো বি পি এফ আগবাঢ়ি থকা বহু কেইটা সমষ্টিত বিজেপি অথবা ইউ পি পি এৰ প্ৰাৰ্থী অতি কম ভোটৰ ব্যৱধানতহে পিছ পৰি আছে। 

সেয়ে  কোনো কোনো সমষ্টিত অতি কমেও ৮ টা ৰাউণ্ডৰ আৰু তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা সমষ্টিত ১০ টা ৰাউণ্ডৰ ভোটগণনালৈ অপেক্ষা কৰিব লাগিব। স্মৰ্তব্য, ২০২০ ৰ নিৰ্বাচনত ইউ পি পি এলে ১২ খন বিজেপিয়ে ৯ খন  আৰু জি এছ পিয়ে এখন আসন লাভ কৰিছিল। সেইবাৰ বি পি এফে সৰ্বাধিক ১৭ খন আসন লাভ কৰিছিল যদিও অৱশ্যে বিজেপি, ইউ পি পি এলে মিত্ৰতাৰেহে পৰিষদখনৰ ক্ষমতা দখল কৰে। 

এইবাৰো একক সংখ্যাগৰিষ্ঠতা কোনো দলে লাভ কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সেয়ে অন্ততঃ ৮ টা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হোৱালৈ অপেক্ষা কৰিব লাগিব।  

নিৰ্বাচন বি টি চি