প্ৰমোদ নে হাগ্ৰামা? শুকুৰবাৰে বি টি চি নিৰ্বাচনৰ ফলাফল...

মাজত মাত্ৰ কেইটামান ঘন্টা। ২৬ছেপ্টেম্বৰ, ২০২৫ত বি টি চি নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে বি টি চিত ফলাফল ঘোষণাক লৈ কেইবা তৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে। কোনো যাত্ৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ

author-image
Asomiya Pratidin
New Update
bt cccc

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান ঘন্টা। ২৬ছেপ্টেম্বৰ, ২০২৫ত বি টি চি নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে বি টি চিত ফলাফল ঘোষণাক লৈ কেইবা তৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে। কোনো যাত্ৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখিছে প্ৰশাসনে।

উল্লেখ্য যে, যোৱা ২২ছেপ্টম্বৰত বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিত সম্পন্ন হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।  নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বি টি আৰ নিৰ্বাচনত মুঠ ৩১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত বাক্সা জিলাৰ পৰা ৫২ গৰাকী প্ৰাৰ্থী, চিৰাঙৰ পৰা ৫৬ গৰাকী, কোকৰাঝাৰত ১০০ গৰাকী, তামুলপুৰত ৪০ গৰাকী আৰু ওদালগুৰিত ৬৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

বি টি আৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬ লাখ ৫৭ হাজাৰ ৯৩৭ গৰাকী। তাৰ ভিতৰত পুৰুষ ভোটাৰ ১৩ লাখ ২৩ হাজাৰ ৩৯৯ গৰাকী, মহিলা ভোটাৰ হৈছে ১৩ লাখ ৩৪ হাজাৰ ৫২১ গৰাকী আৰু তৃতীয় লিংগৰ ১৭ গৰাকী। উল্লেখ্য যে, ল২০২০ চনৰ বি টি আৰ নিৰ্বাচনত ৪০ টা পৰিষদীয় সমষ্টিত বি পি এফ দলে ১৭ খন, ইউ পি পি এল দলে ১২ খন, বিজেপিয়ে ৯ খন, কংগ্ৰেছে ১ খন আৰু গণ সুৰক্ষা পাৰ্টীয়ে ১ খন আসন লাভ কৰিছিল৷
এইবাৰ বিটিচি নিৰ্বাচনত মুঠ ভোটকেন্দ্ৰ আছিল ৩,২৭৯ টা । শুকুৰবাৰে পুৱা ৮বজাৰ পৰা আৰম্ভ হ'ব এই ভোটগণনা প্ৰক্ৰিয়া। 
জুবিন গাৰ্গ