/asomiyapratidin/media/media_files/2025/09/06/6c66fa1b-b858-450b-afee-5926bd26aab0-2025-09-06-23-27-40.jpeg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ সমাগত পঞ্চম বিটিচি নিৰ্বাচনলৈ মাজত মাথো এপষেক বাকী। সেই সময়তে বিটিআৰৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে। ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্ততো দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ওদালগুৰি সদৰস্থিত ৩৮ নম্বৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিটো।
সমষ্টিটোত মূলত বিজেপি-বিপিএফ-ইউপিপিএলৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। সমষ্টিটোৰ পৰা বিপিএফ দলৰ হৈ নিৰ্বাচনত নিমিছে অসমৰ এসময়ৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰী। ২০০১ চনৰ পৰাই ওদালগুৰি সমষ্টি দখল কৰি থকা দৈমাৰীয়ে বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ইউপিপিএল প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছিল।
ফলস্বৰূপে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এইবেলি বিটিচি পৰিষদীয় নিৰ্বাচনত ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এইবাৰ তেখেতে জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰিছে। ইফালে সমষ্টিটোৰ আন এগৰাকী প্ৰাৰ্থী হৈছে ইউপিপিএল দলৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী। বসুমতাৰীয়ে বিগত ২০২০ চনৰ বিটিআৰ নিৰ্বাচনত ভৈৰৱকুণ্ড সমষ্টিৰ পৰা জয়ী হৈ বৰ্তমানৰ বিটিচি পৰিষদীয় চৰকাৰখনৰ উপমূখ্য কাৰ্যবাহী সদস্যৰ লগতে ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক হৈ আছে।
স্বাভাৱিকভাৱে তেখেতৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে যদিও বিগত দিনবোৰত কৰি অহা উন্নয়নমূলক কামৰ বাবেই জনসাধাৰণে তেখেতক ভোট দি জয়যুক্ত কৰিব বুলি তেখেতে দাবী কৰিছে। আনহাতে সমষ্টিটোৰ আন এগৰাকী চৰ্চিত প্ৰাৰ্থী হৈছে বিজেপি দলৰ মিনন মোছাহাৰী। তেখেতে ইতিমধ্যে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰ লগতে অঞ্চলটোৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী বুলি সুকীয়া নাম আছে।
চলিত বৰ্ষত বিজেপি দলৰ যোগদান কৰা মোছাহাৰীয়ে দশকধৰি সাধাৰণ ৰাইজৰ হৈ কাম কৰি আহিছে। নিজৰ পকেটৰ ধনেৰে দৰিদ্ৰ লোকক সহায় কৰা, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, মঠ-মন্দিৰ নিৰ্মাণ কৰাকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক বিভিন্ন সময়ত আৰ্থিকভাৱে সহায় কৰি আহিছে। তেখেতে জানিবলৈ দি কয়, ৰাইজৰ হৈ সেৱা কৰাৰ ইচ্ছা মোৰ আগৰে পৰাই আছিল। ৰাজনৈতিক দলত নথকাৰ সময়তো এগৰাকী ৰাইজৰ প্ৰতিনিধি হিচাপে কাম কৰি আহিছো। নেদেখাজনে মোক যি দিছে সেয়া যথেষ্ট।
মোৰ লক্ষ্য হৈছে সমাজৰ লোকসকলৰ বাবে কাম কৰি তেওঁলোকক আগুৱাই নিয়া। ৰাজনীতিৰ ক্ষেত্ৰখনত থাকিলে এনে কাম কৰাৰ যথেষ্ট সুযোগ থাকে বাবে মই নিৰ্বাচনত অৱতীৰ্ণ হৈছো। মই বিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰা, চিকিৎসাৰ বাবে ধন নথকা লোকক সহায় কৰাৰ লগতে বিয়াৰ বাবে আৰ্থিক ক্ষমতা নথকা বহু যুৱক যুৱতীক ৰাজহুৱাভাৱে বিৱাহ সম্পন্ন কৰি আহিছো। এনেধৰণে ৰাইজে মোক আকোৱালি লৈছে। ভৈৰৱকুণ্ড সমষ্টি লগতে বাহিৰৰ অঞ্চলৰ চুকে কোনে গৈ মই ৰাইজৰ লগত থাকি ৰাইজক সহায় কৰিছো। গতিকে ৰাইজে মোক আকৌ কাম কৰাৰ সুযোগ দিব।
উল্লেখযোগ্য যে এইবাৰ ভৈৰৱকুণ্ড সমষ্টিৰ পৰা ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰা হৈছে। আগন্তুক নিৰ্বাচনত সমষ্টিটোৰ মুঠ ৭২,২৩৩ গৰাকী ভোটাৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে ভিতৰত সমষ্টিটোত আছে ৩৫,৭২৪ গৰাকী পুৰুষ আৰু ৩৬,৫০৯ গৰাকী মহিলা ভোটাৰ। সমষ্টিটোৰ ৯১ টা ভোটগ্ৰহণ কেন্দ্ৰত ৰাইজে সাব্যস্ত কৰিব ভোটাধিকাৰ। অহা ২২ চেপ্টেম্বৰত হবলগীয়া নিৰ্বাচনৰ পাছত ২৬ চেপ্টেম্বৰতহে ৩৮ নম্বৰ ভৈৰৱকুণ্ড সমষ্টিটোৰ পৰা কোন দলৰ প্ৰাৰ্থী জয়ী হয় সেয়া লক্ষণীয় হব।