/asomiyapratidin/media/media_files/2025/09/26/btc-26-2025-09-26-15-04-33.jpg)
ডিজিটেল ডেস্কঃ কাৰ দখললৈ যাব বি টি চি? ৪০ খন পৰিষদীয় সমষ্টিৰ বি টি চি নিৰ্বাচনৰ ভোটগণনা অনুসৰি দ্বিতীয় ৰাউণ্ডলৈকে বি পি এফ দলটো ১৭ খন আসনত আগবাঢ়ি আছে। বিজেপি ১২ খনত আৰু ইউ পি পি এল ১১ খনত আগবাঢ়ি আছে।
যদিও বি পি এফ দলটো ১৭ খন আসনত আগবাঢ়ি আছে তথাপিও বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দিতা কৰা দুয়োটা সমষ্টিতে পিছ পৰি থকা বিষয়টো লক্ষ্যণীয়।
প্ৰমোদ বড়োৱেও দুটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল যদিও তেৱোঁ এটা সমষ্টিত পিছ পৰি আছে। বি টি চিৰ ডেপুটি চি এম গোবিন্দ বসুমতাৰীও পিছ পৰি আছে ভৈৰৱকুণ্ড সমষ্টিত।
হেভিৱেইট প্ৰাৰ্থীসকলৰ ভিতৰত খাম্পা বৰগয়াৰী, চৰন বড়ো ৰিহণ দৈমাৰী আগবাঢ়ি আহে। চন্দন ব্ৰহ্মৰ দৰে নেতাও পিছ পৰি আছে।
ওদালগুৰি জিলাৰ ৩১ খৈৰাবাৰী এছ টি সমষ্টিত চতুৰ্থ ৰাউণ্ডলৈকে বি পি এফৰ লৌমশ্ৰাও দৈমাৰী আগবাঢ়ি আছে। ভেৰগাওঁ এছ টি সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত ইউ পি পি এলৰ প্ৰাৰ্থী দাওবইছা বড়ো আগবাঢ়ি আছে।
৩৯ নং পাচনৈ চেৰফাং সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ ভোট গণনাৰ অন্তত বিজেপি প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে।