বিটিচি নিৰ্বাচনঃ কোকৰাঝাৰৰ ১২ টা পৰিষয়দী সমষ্টিত ১০০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭০৭৭৫২ গৰাকী  ভোটাৰে

কাইলৈ অৰ্থাত সোমবাৰে বিটিচি পৰিষদীয় নিৰ্বাচন ৷ কোকৰাঝাৰ জিলাৰ ১২ টা পৰিষদীয় সমষ্টিৰ ১০০ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷

author-image
Asomiya Pratidin
New Update
বিটিচি নিৰ্বাচনঃ কোকৰাঝাৰৰ ১২ টা পৰিষয়দী সমষ্টিত ১০০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭০৭৭৫২ গৰাকী  ভোটাৰে

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কাইলৈ বিটিচি পৰিষদীয় নিৰ্বাচন ৷ কোকৰাঝাৰ জিলাৰ ১২ টা পৰিষদীয় সমষ্টিৰ ১০০ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷ আজি পোলিং বিষয়া, প্ৰিজাইদিং বিষয়া সকলে বেলট বাকচ সংগ্ৰহ কৰি নিজ নিজ গন্তব্যস্থলীলৈ ৰাওনা হৈছে ৷

জিলাখনৰ ১২ টা পৰিষদীয় সমষ্টিৰ মুঠ ভোট গ্ৰহন কেন্দ্ৰ ৯৪২ টা ৷ জিলাখনৰ সৰ্বমুঠ ভোটাৰ ৭,০৭,৭৫২ জন ৷ ইয়াৰে পুৰুষ ৩,৫০,৪০৭ জন, মহিলা ৩,৫০,৩৪০ গৰাকী আৰু তৃতীয় লিংগৰ ৫ জন আছে ৷ ইপিনে ১ নং পৰ্বতঝোৰা সমষ্টিত এইবাৰ ৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ৷

একেদৰে ২ নং গুমা সমষ্টিত ১৪ গৰাকী, ৩ নং শ্ৰীৰামপুৰ সমষ্টিত  ৮ গৰাকী, ৪ নং গুমা সমষ্টিত ৯ গৰাকী, ৫ নং শৰাইবিল সমষ্টিত ৯ গৰাকী, ৬ নং কচুগাওঁ সমষ্টিত ৮ গৰাকী, ৭ নং ফকিৰাগ্ৰাম সমষ্টিত ১৩ গৰাকী, ৮ নং দোতমা  সমষ্টিটোত ৭ গৰাকী, ৯ নং বনৰগাওঁ সমষ্টিত ৬ গৰাকী, ১০ নং দেৱৰগাওঁ সমষ্টিত ৫ গৰাকী, ১১ নং বাওখুংগ্ৰী সমষ্টিত ৭ গৰাকী আৰু ১২ নং ছালাকাটি সমষ্টিত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্ব্বিতা কৰিছে৷

উল্লেখ্য যে  কোকৰাঝাৰ জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং  বিষয়া মাছান্দা এম পাৰ্টিনে কাইলৈ হ’বলগীয়া ভোট গ্ৰহণৰ বাবে  সকলো ব্যৱস্থা সম্পূৰ্ণ হৈছে বুলি সদৰি কৰি শান্তিপূৰ্ণভাৱে ভোটদানৰ বাবে সকলো ভোটাৰ ৰাইজক আহ্বান জনাইছে ৷ ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে কোকৰাঝাৰ মহকুমাৰ ছয়টা সমষ্টিত ৪৭৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰত্যেকটোতে এজন প্ৰিজাইডিং বিষয়া আৰু তিনিজনকৈ পোলিং সহ মুঠ ১,৯১৬ প্ৰিজাইডিং আৰু পোলিং বিষয়া নিয়োগ কৰা হৈছে ৷

কোকৰাঝাৰ মহকুমাৰ ৬ টা পৰিষদীয় সমষ্টিৰ ১৭৮টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত ১৭৮ জনেই মাইক্ৰো পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছে আৰু ৭৩ গৰাকী ছেক্টৰ, জনেল বিষয়া মহকুমাটোৰ ৬ টা সমষ্টিৰ দায়িত্ব দিয়া  হৈছে বুলি জনায় ৷ কাইলৈ অৰ্থাৎ সোমবাৰে পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভোট গ্ৰহণ বিয়লি ৪ বজালৈকে চলিব। সকলো ৰাইজক ভোটদান কৰিবলৈ জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া মাছান্দা এম পাৰ্টিনে আহ্বান জনাইছে ।

কোকৰাঝাৰ নিৰ্বাচন বি টি চি