/asomiyapratidin/media/media_files/2025/08/25/hbs-25-2025-08-25-19-31-07.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। জিলাখনৰ কালিপুখুৰীৰ খেলপথাৰত আজি আয়োজিত হোৱা বিজেপিৰ বিশাল বিজয় সংকল্প সমাৱেশ লোকে লোকাৰণ্য হৈ পৰে।
দুপৰীয়া ১২:১৫ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰেৰে বিজয় সংকল্প সভাৰ কাষতে অৱতৰণ কৰে আৰু পোনে পোনে মঞ্চত উঠি জনতাক সম্বোধন কৰে। ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে আৰম্ভ হোৱা বিজয় সংকল্প সমাৱেশৰ ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ দুৰ্নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে।
ভাষণত মুখ্যমন্ত্ৰীয়ে কয় -আমি ইউপিপিএল বা বিপিএফ দলক সমালোচনা নকৰো। কিন্তু বিটিচিৰ ভিচিডিচি ব্যৱস্থাটোৰ দালালি বন্ধ কৰিব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰণোদয় আঁচনি আদি দিয়াৰ নামতো ভিচিডিচিয়ে ঘোচ লয় আৰু একমাত্ৰ বিজেপিয়ে হে ভিচিডিচি ব্যৱস্থা ভাঙিব পাৰিব।
তদুপৰি দিছপুৰত যেনেকৈ দুৰ্নীতিমুক্তভাৱে চাকৰি দিয়া হৈছে ঠিক তেনেকৈ কোকৰাঝাৰতো দুৰ্নীতিমুক্তভাৱে চাকৰি পাব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিজেপিক বিটিচি চৰকাৰ চলোৱাৰ দায়িত্ব দিয়ক ভিচিডিচিৰ দালালি বন্ধ কৰি চৰকাৰী আঁচনি আৰু চাকৰি দিয়াৰ দায়িত্ব মোৰ বুলি উল্লেখ কৰে।
বিটিচিত বিজেপিৰ চৰকাৰ হলে বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব আৰু সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব বুলি মন্তব্য কৰি সকলোৱে সম অধিকাৰ পাব বুলিও বিজয় সংকল্প সভাত পুনৰবাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰেপৰা বিটিচিত এটাও গুলী ফুটা নাই, এটাও বন্দুক নাই, বন্দুক চলোৱা ল’ৰাই আজি খেতি কৰিছে, ৰাজনীতি কৰিছে বুলি ভাষণত উল্লেখ কৰি পূৰ্বতে ভোটাৰে ভোট দিব নোৱাৰিছিল কিন্তু এতিয়া ৰাইজক আমি গণতান্ত্ৰিক অধিকাৰ ওভতাই দিলো বুলিও কয়৷
আগতে বন্দুক দেখুৱাই ভোট খুজিছিল আৰু এতিয়া হাতযোৰ কৰি ভোট খোজে আৰু এয়াই হ'ল পৰিবৰ্তন বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপি হলে শক্তিশালি হ'ব বুলি মন্তব্য কৰি উপস্থিত জনতাক বিজেপিৰ হৈ ভোট দি বিজেপিক চৰকাৰ গঠন কৰাৰ বাবে সুযোগ দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়৷
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে আজি ভিচিডিচিৰ দালালিৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰে আৰু ভাষণৰ মাজতে এটা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পাবলৈ হলে বা অৰুণোদয় আঁচনি পাবলৈ হলে ভিচিডিচিক কিমান টকা ঘোচ দিব লাগে বুলি জনতাৰ পৰা উত্তৰ বিচাৰে। উপস্থিত জনতাই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পাবলৈ হলে ১০ হাজাৰ আৰু অৰুণোদয় আঁচনি পাবলৈ হলে ভিচিডিচিক এহেজাৰ টকা ঘোচ দিব লাগে বুলি চিঞৰি চিঞৰি অৱগত কৰে।
মুখ্যমন্ত্ৰীয়ে অতি নগন্যসংখ্যক লোকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত এটি গৃহ আৰু অতি নগন্য সংখ্যকে অৰুণোদয় আঁচনি পোৱাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি বিটিচিৰ বাহিৰৰ জিলাত যিমান সংখ্যক চৰকাৰী আঁচনি দিয়া হয় কোকৰাঝাৰতো সম পৰিমানৰ দিয়া হয় বুলি উল্লেখ কৰে। ভিচিডিচিক বৰালি মাছৰ সতে তুলনা কৰি মুখ্যমন্ত্ৰীয়ে ভিচিডিচিৰ দালালি আৰু ঘোচ লোৱা বন্ধ কৰিবলৈ হলে বিজেপিক এবাৰ ভোট দিবলৈ আহ্বান জনায়।
আনহাতে ছালাকাটি এলেকাৰ বিভিন্ন সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এনটিপিচিত চতুৰ্থ শ্ৰেণীৰ চাকৰি স্থানীয় যুৱকে যাতে পায় তাৰ ব্যৱস্থা নিশ্চিতভাৱে কৰা হ'ব বুলি উল্লেখ কৰি ৰাস্তা-ঘাট, দলং, মন্দিৰ নিৰ্মাণ কৰি দিয়া হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰণিধানযোগ্য যে প্ৰচণ্ড গৰমৰ মাজতে মুখ্যমন্ত্ৰীয়ে প্ৰায় এঘণ্টা সময় ৰ'দত থিয় দি ভাষণ আগবঢ়ায় আৰু ছালাকাটি সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব বুলি ইংগিত দিয়ে।
উল্লেখ্য যে আজিৰ ছালাকাটিৰ বিজয় সংকল্প সমাবেশত মন্ত্ৰী অশোক সিংঘল, কে এ চিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, আদিবাসী কল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দূৰ্গা হাসদা, বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, পাৰিষদ ৰাজীৱ কুমাৰ ব্ৰহ্ম, সমাজকৰ্মী মনোৰঞ্জন ব্ৰক্ষ, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ,বিধায়ক দ্বীপ্লু ৰঞ্জন শৰ্মা,জিলা বিজেপিৰ সভাপতি গোসাঁই বসুমতাৰী প্ৰমুখ্যে বহু নেতা-কৰ্মী উপস্থিত আছিল৷