LIVE UPDATE: নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে বিপিএফ...

২৬ছেপ্টেম্বৰ, ২০২৫ৰ পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে বি টি চি নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে বি টি চিত ফলাফল ঘোষণাক লৈ কেইবা তৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে। কোনো যাত্ৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখিছে প্ৰশাসনে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
LIVE UPDATE AP (1)

ডিজিটেল ডেস্ক : আজি বিটিচি নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে বি টি চিত ফলাফল ঘোষণাক লৈ কেইবা তৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে। কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখিছে প্ৰশাসনে।

উল্লেখ্য যে, যোৱা ২২ছেপ্টম্বৰত বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিত সম্পন্ন হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।  নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বি টি আৰ নিৰ্বাচনত মুঠ ৩১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। 

তাৰ ভিতৰত বাক্সা জিলাৰ পৰা ৫২ গৰাকী প্ৰাৰ্থী, চিৰাঙৰ পৰা ৫৬ গৰাকী, কোকৰাঝাৰত ১০০ গৰাকী, তামুলপুৰত ৪০ গৰাকী আৰু ওদালগুৰিত ৬৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। বি টি আৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬ লাখ ৫৭ হাজাৰ ৯৩৭ গৰাকী।  তাৰ ভিতৰত পুৰুষ ভোটাৰ ১৩ লাখ ২৩ হাজাৰ ৩৯৯ গৰাকী, মহিলা ভোটাৰ হৈছে ১৩ লাখ ৩৪ হাজাৰ ৫২১ গৰাকী আৰু তৃতীয় লিংগৰ ১৭ গৰাকী ।

  • ২৬ছেপ্টেম্বৰ, ২০২৫ৰ পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হ'ব লগা বি টি চি নিৰ্বাচনৰ ভোটগণনা কিছু পলমকৈ আৰম্ভ হৈছে। 
  • সম্প্ৰতি চলি আছে পোষ্টেল বেলটৰ ভোটগণনা।
  • এতিয়াও নিৰ্বাচনৰ ছবিখন ধূসৰ হৈ আছে।
  • কিন্তু বিগত নিৰ্বাচনতকৈ ইউ পি পি এল দলে কমকৈ আসন লাভ কৰাৰ সম্ভাৱনাৰ বিপৰীতে বিজেপিয়ে কিছু বেছি আসন পাব।
  • ত্ৰিকোণ তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে বি টি আৰ নিৰ্বাচনত।
  • বিপিএফৰ স্থিতি পূৰ্বতকৈ সবল।
  • অঞ্জলি দৈমাৰীৰ নেতৃত্বত গঠিত অলটাৰনেটিভ পলিটিকেল পাৰ্টী অৱ বড়োলেণ্ড (এ পি বি)য়ে আসন লাভ কৰা সম্ভাৱনা ক্ষীণ।
  • অৱশ্যে ওদালগুৰি জিলাত তেওঁলোকে ভোটৰ বিভাজনত কিছু সহায় কৰিব। ফলত বিজেপি দলৰ প্ৰাৰ্থীৰ লাভ হ'ব।
  • কোকৰাঝাৰ, চিৰাং আৰু বাক্সাত ইউ পি পি এল আৰু বি পি এফৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা প্ৰবল।
  • ইউ পি পি এল বা বি পি এফে ১৫খনতকৈ অধিক আসন লাভ নকৰে।
  • গতিকে এইবাৰ নিৰ্বাচনত কোনোটো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিব।
  • বি টি আৰত এইবাৰ সন্মিলিত চৰকাৰৰ সম্ভাৱনা প্ৰবল।
  • এই অভিমত ভোটৰ ৰাইজ আৰু দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ।
  • Sep 26, 2025 23:23 IST

    পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত BPF দলৰ প্ৰাৰ্থী

    • ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত BPF দলৰ প্ৰাৰ্থী মুন মুন ব্ৰহ্মৰ জয়। 
    • মুন মুন ব্ৰহ্মই পৰাস্ত কৰে UPPL দলৰ প্ৰসেন কুমাৰ ব্ৰহ্মক।



  • Sep 26, 2025 23:22 IST

    আৰু কোনে কোনে মাৰিলে শেষ হাঁহি...

    • BTCৰ পৰিষদীয় নিৰ্বাচনৰ ফলাফল
    • ৰৌতা সমষ্টিত BPFৰ প্রাৰ্থী চৰণ বড়োৰ জয়লাভ
    • গয়বাৰী সমষ্টিত প্রমোদ বড়োৰ জয় লাভ
    • গোৰেশ্বৰত BPFৰ মহেশ বসুমতাৰীৰ জয়লাভ
    • দৰঙাজুলি সমষ্টিত BJPৰ প্রাৰ্থী বিজিৎগৌৰৰা নাৰ্জাৰীৰ জয়লাভ
    • শুক্লাই চেৰফাং সমষ্টিত BPFৰ গণেশ কছাৰীৰ জয়লাভ
    • নাগ্রীজুলি সমষ্টিত বিজেপিৰ লক্ষী দাসৰ জয়লাভ
    • ২২নং ককলাবাৰী সমষ্টিত UPPLৰ প্রাৰ্থী মণ্টু বড়োৰ জয়লাভ



  • Sep 26, 2025 23:16 IST

    ৩৩ নং ননৈ ছেৰফাং পৰিষদীয় সমষ্টিত BPF প্ৰাৰ্থীৰ জয়লাভ

    • ৩৩ নং ননৈ ছেৰফাং পৰিষদীয় সমষ্টিত BPF প্ৰাৰ্থীৰ জয়লাভ। 
    • দলটোৰ প্ৰাৰ্থী পল তপ্পই জয়লাভ কৰে ৩৬৮ ভোটৰ ব্যৱধানত। 



  • Sep 26, 2025 21:31 IST

    ৩১ নং খৈৰাবাৰী সমষ্টিত বিপিএফৰ জয়

    • ৩১ নং খৈৰাবাৰী সমষ্টিত বিপিএফৰ প্ৰাৰ্থীৰ জয়।
    • দলটোৰ প্ৰাৰ্থী লৌমাশ্ৰী দৈমাৰী জয়ী হয় ১০৩ টা ভোটত। 
    • তেওঁ লাভ কৰে ১৫৪৮১ টা ভোট। 
    • তেওঁ পৰাস্ত কৰা বিজেপি প্ৰাৰ্থীজনে লাভ কৰে ১৫৩৭৮ টা ভোট। 



  • Sep 26, 2025 21:15 IST

    শালবাৰী সমষ্টিৰ পৰা বিজয়ী দিগন্ত গয়াৰী

    • ২১ নং শালবাৰী সমষ্টিৰ পৰা বিজয়ী দিগন্ত গয়াৰী। 
    • তেওঁ বিপিএফৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। 



  • Sep 26, 2025 21:11 IST

    মানস ছেৰফাং ছেৰফাং সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিজয়ী ধনঞ্জয় বসুমতাৰী

    • ১৮ নং মানস ছেৰফাং ছেৰফাং সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিজয়ী ধনঞ্জয় বসুমতাৰী। 
    • ধনঞ্জয় বসুমতাৰী ইউ পি পি এলৰ প্ৰাৰ্থী তথা ই এম। 
    • ২০২০ চনত তেওঁ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল। 



  • Sep 26, 2025 21:04 IST

    BTC Election: মেজিক নম্বৰ ২১ঃ ২২ খন আসনত আগবাঢ়ি আছে বিপিএফ...

     বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে। এই পৰ্যন্ত বিপিএফৰ ৪ গৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ লগতে ইউ পি পি এলৰ দুজন আৰু বিজেপিৰ এজন প্ৰাৰ্থী জয়ী হৈছে।

    এই মুহূৰ্তলৈকে লাভ কৰা তথ্য অনুসৰি বি পি এফ হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাওঁ সমষ্টিৰ পৰা বিজয়ী হৈছে।অৱশ্যে তেওঁ চিৰাং দুৱাৰ সমষ্টিত পৰাস্ত হৈছে। 

    চিৰাং দুৱাৰ সমষ্টিত জয়ী হৈছে একালৰ বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন ডেপুটি চি ই এম খাম্পা বৰগয়াৰী। তেওঁ ইউ পি পি এলৰ পৰা সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈছে।  

    সেইদৰে নিচিমা সমষ্টিৰ পৰা বি পি এফৰ প্ৰাৰ্থী জেমছ বসুমতাৰী, কচুগাওঁ সমষ্টিৰ পৰা বিধায়ক ৰবিৰাম নাৰ্জাৰী, পানীৰাম ব্ৰহ্ম  আৰু বাওখুংগ্ৰী সমষ্টিৰ পৰা ধনেশ্বৰ গয়াৰীয়ে বিজয় সাব্যস্ত কৰিছে।

    গৈবাৰী সমষ্টিৰ পৰা বিজয়ী হৈছে প্ৰমোদ বড়ো। বাতৰি লিখাৰ সময়লৈকে দতোমাত প্ৰমোদ বড়ো বি পি এফৰ প্ৰাৰ্থীগৰাকীৰ সৈতে তীব্ৰ যুঁজ চলি আছে। দৰংগাজুলিৰ পৰা আকৌ বিজেপিৰ প্ৰাৰ্থী বিজিত গোৰাই জয় লাভ কৰিছে। 

    ইতিমধ্যে বহু কেইটা সমষ্টিত অষ্টম ৰাউণ্ডৰ ভোটগণনা চলি আছে। প্ৰাপ্ত তথ্য অনুসৰি এই পৰ্যন্ত বিপিএফ ২২ খন আসনত আগবাঢ়ি আছে। ইউ পি পি এল আগবাঢ়ি আছে ৭ খন আসনত। বিজেপি আগবাঢ়ি আছে ১১ খন আসনত। 

    ইয়াৰে কেইবাখনো আসনৰ ফলাফল যিকোনো সময়তে ইফাল-সিফাল হোৱাৰ সম্ভাৱনা প্ৰৱল। ইতিমধ্যে বিপিএফে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। অৱশ্যে দলটোৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নে নাই সেয়া আৰু কিছু সময়ৰ পাছতে স্পষ্ট হৈ পৰিব। 



  • Sep 26, 2025 21:02 IST

    ৩৭ নং ধনশ্ৰী সমষ্টিও গ'ল বিপিএফৰ হাতলৈ

    • ৩৭ নং ধনশ্ৰী সমষ্টিত বিজয়ী বিপিএফ প্ৰাৰ্থীৰ। 
    • সমষ্টিটোৰ বিপিএফ প্ৰাৰ্থী আছিল ফ্ৰেছ মুছাহাৰী। 
    • তেওঁ পৰাস্ত কৰে ইউ পি পি এলৰ ৰুজুগ্ৰা মুছাহাৰীক। 



  • Sep 26, 2025 20:54 IST

    চিৰাংত শেষ হাঁহি মাৰিলে শুকুৰসিং মুছাহাৰীয়ে

    • চিৰাং সমষ্টিৰ ফলাফল ঘোষণা। 
    • সমষ্টিটোত শেষ হাঁহি মাৰিলে শুকুৰসিং মুছাহাৰীয়ে। 
    • বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে পৰাস্ত কৰে ইএম ছাইকং বসুমতাৰী। 
    • ছাইকং বসুমতাৰী আছিল প্ৰাক্তন এন ডি এফ বি সংবিজিত গোটৰ সভাপতি। 



  • Sep 26, 2025 20:11 IST

    চিৰাং দুৱাৰ সমষ্টিত বিজয়ী খাম্পা বৰগয়াৰী

    • চিৰাং দুৱাৰ সমষ্টিত বিজয়ী খাম্পা বৰগয়াৰী।
    • তেওঁ পৰাস্ত কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক। 
    • খাম্পা বৰগয়াৰী আছিল বি পি এফৰ প্ৰাক্তন উপ-সভাপতি।
    • বৰ্তমান তেওঁ ইউ পি পি এলৰ নেতা তথা বিটিচিৰ প্ৰাক্তন ডেপুটি চি ই এম। 



  • Sep 26, 2025 20:02 IST

    দেৱৰগাওঁ সমষ্টিৰ পৰা বিজয়ি হাগ্ৰামা মহিলাৰী

    • ১০ নং দেৱৰগাওঁ সমষ্টিৰ পৰা বিজয়ি হাগ্ৰামা মহিলাৰী।
    • বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী। 
    • অৱশ্যে তেওঁ পৰাস্ত হয় চিৰাং দুৱাৰ সমষ্টিত। 
    • চিৰাং দুৱাৰ সমষ্টিত জয়ী হয় খাম্পা বৰগয়াৰী। 



  • Sep 26, 2025 19:25 IST

    ১২ নং ছালাকাটি সমষ্টিত দেৰহাছাট বসুমতাৰীৰ বৃহৎ অগ্ৰগতি

    • ১২ নং ছালাকাটি সমষ্টিত দেৰহাছাট বসুমতাৰীৰ বৃহৎ অগ্ৰগতি। 
    • ষষ্ঠ ৰাউণ্ডলৈকে তেওঁ লাভ কৰিছে ১১২০৩ টা ভোট। 
    • ইউ পি পি এলৰ প্ৰাৰ্থী তথা বিধায়ক লৰেন্স ইছলাৰীয়ে লাভ কৰিছে ৯৩৭৩ টা ভোট। 
    • বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৪০০৫ টা ভোট। 



  • Sep 26, 2025 19:22 IST

    নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভৰ দিশে বিপিএফ

    •  অব্যাহত আছে বিটিচি পৰিষদীয়া নিৰ্বাচনৰ ভোটগণনা।
    • সন্ধিয়া ৭ বজালৈকে লাভ কৰা তথ্য অনুসৰি বিপিএফে অগ্ৰগতি লাভ কৰিছে ২৩ খন আসনত। 
    • ইয়াৰে ৪ খন আসনত ইতিমধ্যে দলটোৰ প্ৰাৰ্থী জয়লাভ কৰিছে। 
    • বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে ১০ খন আসনত। 
    • আনহাতে ইউ পি পি এলে অগ্ৰগতিলাভ কৰিছে মাত্ৰ ৭  খন আসনত। 



  • Sep 26, 2025 19:19 IST

    মথনগুৰিত বিপিএফৰ প্ৰাৰ্থীৰ জয় লাভ

    • মথনগুৰিত বিপিএফৰ প্ৰাৰ্থীৰ জয় লাভ।
    • সমষ্টিটোত বি পি এফৰ প্ৰাৰ্থী আছিল বেগম আকতাৰা আহমেদ।



  • Sep 26, 2025 19:05 IST

    ১৫ নং কাজলগাওঁ সমষ্টিত চন্দন ব্ৰহ্ম পৰাস্ত...

    • ইউ পি পি এলৰ হেভিৱেইট প্ৰাৰ্থী চন্দন ব্ৰহ্ম পৰাস্ত।
    • ১৫ নং কাজলগাওঁ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল চন্দন ব্ৰহ্মই। 
    • বিপিএফৰ প্ৰাক্তন নেতা চন্দন ব্ৰহ্ম আছিল তৰুণ গগৈৰ মন্ত্ৰীসভাৰ মন্ত্ৰী। 
    • তেওঁক পৰাস্ত কৰে ফণীৰাম ব্ৰহ্মই।
    • ফণীৰাম ব্ৰহ্ম বিপিএফৰ প্ৰাৰ্থী। 



  • Sep 26, 2025 19:02 IST

    ১০ নং দেৱৰগাওঁ সমষ্টিত সপ্তম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন

    • ১০ নং দেৱৰগাওঁ সমষ্টিত সপ্তম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন।
    • সমষ্টিটোত আগবাঢ়ি আছে বি পি এফৰ প্ৰাৰ্থীগৰাকী। 
    • তেওঁ লাভ কৰিছে ১৮৫৭৬ টা ভোট। 
    • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৬৮১১ টা ভোট।



  • Sep 26, 2025 18:56 IST

    ৪ নং বাগানপাৰা সমষ্টিত বিজেপিৰ অগ্ৰগতি

    • ৪ নং বাগানপাৰা সমষ্টিত বিজেপিৰ অগ্ৰগতি। 
    • সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১১৮০২ টা ভোট। 
    • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১১৭৪৮ টা ভোট। 
    • বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৮৪২১ টা ভোট। 



  • Sep 26, 2025 18:53 IST

    ৬ নং কচুগাওঁ সমষ্টিত ৰবিৰাম নাৰ্জাৰীৰ জয়লাভ

    • কচুগাওঁ সমষ্টিত বিপিএফৰ জয়লাভ।
    • ৬ নং কচুগাওঁ সমষ্টিৰ পৰা দলটোৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে। 



  • Sep 26, 2025 18:40 IST

    চিৰাং দুৱাৰ সমসষ্টিত পঞ্চম ৰাউণ্ডৰ ভোটগণনা সম্পন্নঃ আগবাঢ়ি আছে খাম্পা বৰগয়াৰী

    • চিৰাং দুৱাৰ সমসষ্টিত পঞ্চম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন। 
    • সমষ্টিটোত আগবাঢ়ি আছে ইউ পি পি এলৰ খাম্পা বৰগয়াৰী।
    • তেওঁ লাভ কৰিছে ১৪৫৫০ টা ভোট। 
    • বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে ১৩৪৩১ টা ভোট। 
    • সমষ্টিটোত হাগ্ৰামাতকৈ খাম্পা বৰগয়াৰী আগবাঢ়ি আছে ১১১৯ টা ভোটত। 



  • Sep 26, 2025 18:35 IST

    ভেৰগাওঁ সমষ্টিত অন্ত পৰিছে ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা সম্পন্ন

    • ভেৰগাওঁ সমষ্টিত অন্ত পৰিছে ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা। 
    • সেই অনুসৰি সমষ্টিটোত আগবাঢ়ি আছে ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকী। 
    • তেওঁ লাভ কৰিছে ৮৮৫৭ টা ভোট। 
    • বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৮৭৪১ টা ভোট। 
    • বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৪৯১০ টা ভোট।
    • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকী আগবাঢ়িছে মাত্ৰ ১১৬ টা ভোটত। 



  • Sep 26, 2025 18:33 IST

    শালবাৰীত আগবাঢ়িছে বি পি এফ

    • শালবাৰীত আগবাঢ়িছে বি পি এফৰ প্ৰাৰ্থীগৰাকী।
    • তেওঁ লাভ কৰিছে ১২২২৩ টা ভোট। 
    • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৯৪৭৩২ টা ভোট। 
    • বিজেপিয়ে লাভ কৰিছে ৯৭৯০ টা ভোট। 



  • Sep 26, 2025 18:31 IST

    বাগানপাৰা সমষ্টিত তৃতীয় ৰাউণ্ডত আগবাঢ়িছে ইউ পি পি এল

    • বাগানপাৰা সমষ্টিত তৃতীয় ৰাউণ্ডত আগবাঢ়িছে ইউ পি পি এল।
    • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৮৮৫১ টা ভোট। 
    • বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৬১৬৯ টা ভোট।
    • বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰিছে ৮৪৭৭ টা ভোট। 



  • Sep 26, 2025 18:30 IST

    মুছলপুৰত আগবাঢ়ি আছে ইউ পি পি এল

    • মুছলপুৰত আগবাঢ়ি আছে ইউ পি পি এল। 
    • চতুৰ্থ ৰাউণ্ডৰ অন্তত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৪৬৯১ টা ভোট। 
    • বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১২৫৭৬ টা ভোট। 
    • বিজেপিয়ে লাভ কৰিছে ৮০৮১ টা ভোট। 



  • Sep 26, 2025 18:28 IST

    ওদালগুৰি জিলাৰ ১০ টা সমষ্টিৰ শেহতীয়া আপডেট

    ওদালগুৰি জিলাৰ ১০ টা সমষ্টিৰ শেহতীয়া আপডেট

    ৩১ নং খৈৰাবাৰী (এছ টি)

    BJP: 17+1137+1320+1511+1676+2101+1526=9288

    BPF: 57+1881+1695+ 1349+1535+1466+1759=9742

    UPPL: 36+1528+1517+1298+1460+727+1079=7645

    ৩২ নং ভেৰগাওঁ (এছ টি)
    BJP: 1263+1329+940+1792=5324
    BPF: 1053+752+
    UPPL: 1824+3432+2147+1558=8961

    ৩৩ নং নোনাই চেৰফাং 
    BJP: 1092+1024=2116
    BPF: 678+685=1363
    UPPL:442+491=933

    ৩৪ নং খালিংদুৱাৰ (এছ টি)
    BJP: 1818+1744+1127=4689
    BPF: 791+1023+1358=3172
    UPPL: 1651+1757+1579=4987
    ৩৫ নং মুদৈবৰী
    BJP: 26+1564+1530+1985=5105
    BPF: 18+2151+1476+1507=5152

    ৩৬ নং হৰিশিঙা (এছ টি)
    BPF: 86+3654+3689+2683+3407+4295=17814
    UPPL: 39+2112+2731+2120+2008+1988=10998

    ৩৭ নং ধনশ্ৰী (এছ টি)
    BPF: 96+4030+3301+5950+5220+3639+3161=25397
    UPPL: 66+2195+3193+2978+2422+2385+2598=15837

    ৩৮ নং ভৈৰৱকুণ্ড (এছ টি)
    BJP-34+1057+851+805+1527=4274
    BPF-61+1141+1967+2041+2179=7389
    UPPL-27+1003+922+777+954=3683

    ৩৯ নং পাচনৈ চেৰফাং (NON ST)
    BJP-7+1449+1925+1787+1242=6410+1266
    BPF-31+1068+1539+1582+1927+1779

    ৪০ নং ৰৌতা
    BPF: 67+3763+4055++4816+4225=16926+4125=21051
    UPPL: 52+3264+3245+3471+2740=12772+3421=16193

     



  • Sep 26, 2025 18:15 IST

    দিহিৰাত বিপিএফ প্ৰাৰ্থীৰ অগ্ৰগতি

    • দিহিৰা সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্তত আগবাঢ়ি আছে বিপিএফ।
    • সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৯৬৮৫  টা ভোট।
    • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৭৮৯৫ টা ভোট। 
    • ইউ পি পি এলে লাভ কৰিছে ৩৭৩২ টা ভোট। 
    • জি এছ পিয়ে লাভ কৰিছে ১৬১৭ টা ভোট। 



  • Sep 26, 2025 17:55 IST

    বিপিএফৰ প্ৰথমগৰাকী প্ৰাৰ্থীৰ জয়লাভ

    • ঞ্চম বিটিচি পৰিষদীয় নিৰ্বাচানৰ ভোটগণনা অব্যাহত।
    • নিচিমা সমষ্টিৰ পৰা বিপিএফৰ প্ৰথমগৰাকী প্ৰাৰ্থীৰ জয় লাভ। 
    • বিজয়ী প্ৰাৰ্থীগৰাকী জেমছ বসুমতাৰী।



  • Sep 26, 2025 17:31 IST

    ৫ বজালৈকে ১৯ খন আসনত আগবাঢ়ি আছে বিপিএফ

    সন্ধিয়া ৫ বজালৈকে বিটিচি নিৰ্বাচনৰ ভোটগণনা অনুসৰি মুঠ ৪০ টা সমষ্টিৰ ভিতৰত ১৯ টা সমষ্টিতে অগ্ৰগতি লাভ কৰিছে বিপিএফ দলে। ইয়াৰ বিপৰীতে ইউ পি পি এলে ১১ খন আসনত আৰু বিজেপিয়ে ১০ খন আসনত অগ্ৰগতি লাভ কৰিছে। 

     



  • Sep 26, 2025 17:16 IST

    ওদালগুৰিত পঞ্চম ৰাউণ্ডৰ ভোটগণনাৰ ফলাফল

    বিটিচিৰ নিৰ্বাচনৰ অব্যাহত থকা ভোটগণনাৰ তথ্য অনুসৰি ওদালগুৰি জিলাৰ মুঠ ১০ টা পৰিষদীয়া সমষ্টিৰ কেইবাটাও সমষ্টিত পঞ্চম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে। 

    ৩১ নং খৈৰাবাৰী (ST) সমষ্টিত পঞ্চম ৰাউণ্ডলৈকে বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছে ৭৭৬২ টা ভোট। 
    বিপিএফ প্ৰাৰ্থীগৰাকীয়ে ৭৯৮৩ টা ভোট লাভ কৰি ২২১ টা ভোটত অগ্ৰগতি লাভ কৰিছে।
    ইউ পি পি এল প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৬৫৬৬ টা ভোট। 

    ৩৬ নং হৰিশিঙা (ST) সমষ্টিত পঞ্চম ৰাউণ্ডত আগবাঢ়ি আছে বি পি এফ প্ৰাৰ্থীগৰাকী। 
    তেওঁ লাভ কৰিছে ১৭৮১৪ টা ভোট। 
    ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১০৯৯৮ টা ভোট। 

    ৩৭ নং ধনশ্ৰী (ST) সমষ্টিত বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে ৮৯৯৭ ভোটত অগ্ৰগতি লাভ কৰিছে। 
    পঞ্চম ৰাউণ্ডলৈকে তেওঁ লাভ কৰিছে ২২২৩৬ টা ভোট। 
    ইউ পি পি এল প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৩২৩৯ টা ভোট। 

    ৩৮ নং ভৈৰৱকুণ্ড (ST) সমষ্টিত চতুৰ্থ ৰাউণ্ডত আগবাঢ়ি আছে বিপিএফৰ প্ৰাৰ্থীগৰাকী। 
    তেওঁ ৩১১৫ টা ভোটৰ অগ্ৰগতিৰে লাভ কৰিছে ৭৩৮৯ টা ভোট। 
    বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৪২৭৪ টা ভোট। 
    ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৩৬৮৩ টা ভোট। 

    ৪০ নং ৰৌতা সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ অন্তত বিপিএফৰ প্ৰাৰ্থীগৰাকী ৪১৫৪ টা ভোটত আগবাঢ়ি আছে। 
    তেওঁ লাভ কৰিছে ১৬৯২৬ টা ভোট। 
    ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১২৭৭২ টা ভোট। 

     



  • Sep 26, 2025 17:04 IST

    ককলাবাৰী সমষ্টিত আগবাঢ়িছে ইউ পি পি এল

    • ২২ নং ককলাবাৰী সমষ্টিত আগবাঢ়িছে ইউ পি পি এল. 
    • সমষ্টিটোত তৃতীয় ৰাউণ্ডৰ অন্তত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৮১২৩ টা ভোট। 
    • বিপিএফে লাভ কৰিছে ৭৬৭৬ টা ভোট। 
    • বিজেপিয়ে লাভ কৰিছে ৬৯৫৭ টা ভোট। 



  • Sep 26, 2025 16:58 IST

    দোতমা সমষ্টিত আগবাঢ়িছে প্ৰমোদ বড়ো

    • দোতমা সমষ্টিত আগবাঢ়িছে প্ৰমোদ বড়ো।
    • তৃতীয় ৰাউণ্ডলৈকে আগবাঢ়ি থকা বিজেপি প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মক অতিক্ৰম প্ৰমোদ বড়োৰ। 
    • চতুৰ্থ ৰাউণ্ডত প্ৰমোদ বড়ো আগবাঢ়ি আছে ৫৩১ টা ভোটত। 
    • বড়োৱে লাভ কৰিছে ৬২১৪ টা ভোট। 
    • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৫৬৮৩ টা ভোট। 
    • বিপিএফে লাভ কৰিছে ৫৬৫২ টা ভোট।



  • Sep 26, 2025 16:56 IST

    মুছলপুৰত ৩ নং ৰাউণ্ডৰ ভোট গণনা সম্পন্ন

    • বাক্সাৰ মুছলপুৰত ৩ নং ৰাউণ্ডৰ ভোট গণনা সম্পন্ন।
    • সমষ্টিটোত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১১৩০৪ টা ভোট। 
    • বিজেপিয়ে লাভ কৰিছে ৬৪২৮ টা আৰু বি পি এফে ৯১৭৯  টা ভোট। 
    • বাগানপাৰা সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্তত আগবাঢ়ি আছে ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকী। 
    • তেওঁ লাভ কৰিছে ৮৮৫১ টা ভোট। 
    • বিজপি প্ৰাৰ্থীগৰাকীয়ে ৮৪৭৭ আৰু বিপিএফে ৬১৯৬ টা ভোট লাভ কৰিছে। 



  • Sep 26, 2025 15:37 IST

    ওদালগুৰিৰ কেইবাটাও সমষ্টিত বি পি এফৰ অগ্ৰগতি

    • ৩৯ নং পাচনৈ চেৰফাং সমষ্টিত তৃতীয় ৰাউণ্ডৰ ভোট গণনা সম্পন্ন।
    • তৃতীয় ৰাউণ্ডত বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৭৮৭ টা ভোট। 
    • কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২৮৫ টা ভোট। 
    • বি পি এফ প্ৰাৰ্থীগৰাকীয়ে লাভ ককিছে ১৫৮২ টা ভোট। 
    • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৬৮২ টা ভোট। 
    • নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২০৩৩ টা ভোট। 
    • সমষ্টিটোত মুঠ ৫১৬৮ টা ভোট লাভেৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে অগ্ৰগতি লাভ কৰিছে। 
    • ৩৬ নং হৰিশিঙা সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ ভোট গণনা সম্পন্ন। 
    • চতুৰ্থ ৰাউণ্ডত সমষ্টিটোত বি পি এফ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৩৪০৭ টা ভোট। 
    • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২০০৮ টা ভোট।
    • সমষ্টিটোত আগবাঢ়ি আছে বি পি এফৰ প্ৰাৰ্থীগৰাকী। 
    • ৩৮ নং ভৈৰৱকুণ্ড সমষ্টিত তৃতীয় ৰাউণ্ডৰ ভোট গণনা সম্পন্ন।
    • তৃতীয় ৰাউণ্ডত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ৭৭৭ টা ভোট লাভ কৰিছে। 
    • বিজেপিয়ে লাভ কৰিছে ৮০৫ টা ভোট।
    • বি পি এফ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২০৪১ টা ভোট। 
    • সমষ্টিটোত বি পি এফ প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে।
    • ৩২ নং ভেৰগাওঁ সমষ্টিত তৃতীয় ৰাউণ্ডৰ ভোটগণনাৰ অন্তত আগবাঢ়ি আছে ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকী। 
    • তেওঁ তৃতীয় ৰাউণ্ডত লাভ কৰিছে ২১৪৭ টা ভোট। 
    • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৯৪০ টা ভোট।
    • ৪০ নং ৰৌতা সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্তত আগবাঢ়ি আছে বি পি এফ। 
    • সমষ্টিটোত বি পি এফ প্ৰাৰ্থীগৰাকীয়ে  তৃতীয় ৰাউণ্ডত লাভ কৰিছে ৪৮১৬ টা ভোট.
    • ইউ পি পি এল প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৩৪৭১ টা ভোট। 



  • Sep 26, 2025 15:26 IST

    দোতমা সমষ্টিত তৃতীয় ৰাউণ্ডতো বিজেপিৰ অগ্ৰগতি

    • দোতমা সমষ্টিত তৃতীয় ৰাউণ্ডতো বিজেপিৰ অগ্ৰগতি। 
    • তৃতীয় ৰাউণ্ডলৈ বিজেপিৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম ৫০৩ টা ভোটত আগবাঢ়ি আছে ৷
    • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে- ৫০৪৫ টা ভোট।
    • ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে  ৪৫৪২ টা ভোট।
    • বিপিএফ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে - ৩৫৯৫ টা ভোট। 



  • Sep 26, 2025 15:25 IST

    দেৱৰগাঁও সমষ্টিত চতুৰ্থ ৰাউণ্ডতো পিছ পৰি আছে হাগ্ৰামা মহিলাৰী

    • দেৱৰগাঁও সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ ভোট গণনা সম্পন্ন।
    • চতুৰ্থ ৰাউণ্ডৰ অন্ততো পিছ পৰি আছে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী।
    • সমষ্টিটোত আগবাঢ়ি আছে ইউপিপিএলৰ খাম্ফা বৰগয়াৰী।
    • চতুৰ্থ ৰাউণ্ডলৈ খাম্ফা বৰগয়াৰী ৭৪১ টা ভোটত আগবাঢ়ি আছে ৷
    • তেওঁ লাভ কৰিছে- ১০৫৩০ টা ভোট।
    • হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে  ৯৭৮৯ টা ভোট। 



  • Sep 26, 2025 15:23 IST

    শ্ৰীৰামপুৰ সমষ্টিত দ্বিতীয় ৰাউণ্ডত আগবাঢ়ি আছে বি পি এফৰ প্ৰাৰ্থী

    • শ্ৰীৰামপুৰ সমষ্টিত দ্বিতীয় ৰাউণ্ডত আগবাঢ়ি আছে বি পি এফৰ প্ৰাৰ্থী
    • বিপিএফৰ মোখলেছুৰ ৰহমানে পাইছে ৭৪৯৩ ভোট 
    • ইউপিপিএলৰ উইলচন হাছদাই লাভ কৰিছে ২২৫৮ ভোট
    • আনহাতে কংগ্ৰেছে লাভ কৰিছে ৪৮ ভোট
    • বিপিএফৰ মোখলেছুৰ ৰহমানে ৫২৩৫ ভোটত আগবাঢ়ি আছে।
    • শুকুৰ আলিয়ে লাভ কৰিছে ১০ টা  ভোট ।



  • Sep 26, 2025 15:21 IST

    ৩৯ নং পাচনৈ চেৰফাং সমষ্টিত আগবাঢ়ি বিজেপি

    • ৩৯ নং পাচনৈ চেৰফাং NON ST সমষ্টিত আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থীগৰাকী। 
    • সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে এই পৰ্যন্ত লাভ কৰিছে মুঠ 3381 টা ভোট। 
    • বিপিএফ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 2638 টা ভোট। 
    • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ ৰৰিছে ৩০৫ টা ভোট।
    • ৭৪৩ ভোটত অগ্ৰগতি বিজেপিৰ প্ৰাৰ্থীগৰাকী।



  • Sep 26, 2025 15:19 IST

    ৩২ নং ভেৰগাওঁ সমষ্টিত আগবাঢ়ি আছে দাওবইছা বড়ো

    • ৩২ নং ভেৰগাওঁ সমষ্টিত দুটা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন। 
    • বিজেপি প্ৰাৰ্থীগৰাকীয়ে দুটা ৰাউণ্ডত লাভ কৰা ভোট ক্ৰমে- 1263+1329
    • বি পি এফ প্ৰাৰ্থীগৰাকীয়ে দুটা ৰাউণ্ডত লাভ কৰা ভোট ক্ৰমে-1053+752
    • ইউ পি পি এল প্ৰাৰ্থীগৰাকীয়ে লাভ কৰ ভোট ক্ৰমে- 1824+3432
    • সমষ্টিটোত আগবাঢ়ি আছে ইউ পি পি এলৰ দাওবইছা বড়ো। 



  • Sep 26, 2025 15:17 IST

    ৩১ নং খৈৰাবাৰী এছ টি সমষ্টিত বি পি এফৰ অগ্ৰগতি

    • চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা সম্পন্ন।
    • বিপিএফ প্ৰাৰ্থীগৰাকী ১৪৩৩ টা ভোটত আগবাঢ়ি আছে বি পি এফৰ লৌমশ্ৰাও দৈমাৰী।
    • সমষ্টিটোত বি পি এফ প্ৰাৰ্থীগৰাকীয়ে চাৰিটা ৰাউণ্ডত লাভ কৰিছে ক্ৰমে- 57+1881+1695+ 1349+1535
    • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ক্ৰমে 57+1881+1695+ 1349+1535
    • ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 36+1528+1517+1298+1460।



  • Sep 26, 2025 14:24 IST

    ককলাবাৰীত বিজেপি, মুছলপুৰত ইউ পি পি এলৰ অগ্ৰগতি...

    ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ দ্বিতীয় ৰাউণ্ডৰ ফলাফল- 

    • UPPL - 5363
    • BPF - 4803
    • BJP - 5473

    মুছলপুৰ পৰিষদীয় সমষ্টিৰ দ্বিতীয় ৰাউণ্ডৰ ফলাফল- 

    • BJP-4149
    • BPF- 6231
    • UPPL-6966



  • Sep 26, 2025 13:29 IST

    কোকৰাঝাৰ জিলাৰ কোন সমষ্টি কোনটো দল আগবাঢ়ি আছে, চাওক সবিশেষ...

    কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ ভিতৰত বিয়লি ১-০০ বজালৈ কোনটো সমষ্টিত কোন দলে অগ্ৰগতি লাভ কৰি আছে চাওক সবিশেষ-

    • ১ নং পৰ্বতঝোৰা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্ম 
    • ২ নং গুমা সমষ্টিত বিজেপিৰ সজল কুমাৰ সিংহ 
    • ৩ নং শ্ৰীৰামপুৰ সমষ্টিত বিপিএফৰ মুকলেশ্বৰ ৰহমান 
    • ৪ নং যমদুৱাৰ সমষ্টিত বিপিএফৰ উইলিয়াম নাৰ্জাৰী
    • ৫ নং শৰাইবিল সমষ্টিত ইউপিপিএলৰ ৰাজু নাৰ্জাৰী 
    • ৬ নং কচুগাঁও সমষ্টিত বিপিএফৰ ৰবিৰাম নাৰ্জাৰী 
    • ৭ নং ফকিৰাগ্ৰাম সমষ্টিত বিজেপিৰ অৰূপ কুমাৰ দে 
    • ৮ নং দোতমা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম
    • ৯ নং বনৰগাঁও সমষ্টিত ইউপিপিএলৰ ৰবিৰাম ব্ৰহ্ম
    • ১০ নং দেৱৰগাঁও সমষ্টিত ইউপিপিএলৰ খাম্ফা বৰগয়াৰী 
    • ১১ নং বাওঁখুংগ্ৰী সমষ্টিত বিপিএফৰ ধনেশ্বৰ গয়াৰী 
    • ১২ নং ছালাকাটি সমষ্টিত ইউপিপিএলৰ লৰেন্স ইছলাৰীয়ে অগ্ৰগতি লাভ কৰি আছে ৷
       



  • Sep 26, 2025 13:19 IST

    পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত দ্বিতীয় ৰাউণ্ডত বিপিএফৰ প্ৰাৰ্থীৰ অগ্ৰগতি...

    পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত দ্বিতীয় ৰাউণ্ডত BPF দলৰ প্ৰাৰ্থীৰ অগ্ৰগতি। দ্বিতীয় ৰাউণ্ডৰ অন্তত বিপিএফ প্ৰাৰ্থী মুন মুন ব্ৰহ্মই নিকটতম প্ৰাৰ্থী ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মতকৈ ১১২৯ ভোটত আগবাঢ়ি আছে।

    প্ৰথম আৰু দ্বিতীয় ৰাউণ্ড মিলি বিপিএফৰ প্ৰাৰ্থী মুন মুন ব্ৰহ্মই মুঠ ৪২৪৪ টা ভোট লাভ কৰাৰ বিপৰীতে ইউ পি পি এল দলৰ প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মই মুঠ ভোট লাভ কৰে ৩১১৫টা। একেদৰে বিজেপি দলৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰীয়ে মুঠ ভোট লাভ কৰে ৩০১২ টা ভোট।



  • Sep 26, 2025 12:38 IST

    প্ৰথম ৰাউণ্ডত পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত বিপিএফ প্ৰাৰ্থী মুন মুন ব্ৰহ্মৰ অগ্ৰগতি

    প্ৰথম ৰাউণ্ডত পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত বিপিএফ প্ৰাৰ্থী মুন মুন ব্ৰহ্মৰ অগ্ৰগতি...

    পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত পোষ্টাল বেলট আৰু প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত ৩২৭ভোটত বিপিএফ প্ৰাৰ্থী মুন মুন ব্ৰহ্মই অগ্ৰগতি লাভ কৰিছে।

    প্ৰথম ৰাউণ্ডত পৰ্বতঝোৰা সমষ্টি

    বিপিএফ  ২০২১
    ইউ পি পি এল ১৭০৮
    বিজেপি ১২১০

    মুছলপুৰ সমষ্টি

    ইউ পি পি এল ২৯৩১
    বিপিএফ ৩০৯১
    বিজেপি ২১১৩



  • Sep 26, 2025 12:34 IST

    প্ৰথম ৰাউণ্ডৰ ভোটগণনাত শালবাৰীত ইউ পি পি এলৰ অগ্ৰগতি...

    বিটিআৰ নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডৰ ভোটগণনাত শালবাৰীত ইউ পি পি এলৰ অগ্ৰগতি।

    ২১ নং শালবাৰী পৰিষদীয় সমষ্টি

    ইউ পি পি এল  ৩১৪৯
    বিপিএফ ৩৫৪৪
    বিজেপি  ১১০৩



  • Sep 26, 2025 12:27 IST

    দ্বিতীয় ৰাউণ্ডত ওদালগুৰিত বিপিএফৰ অগ্ৰগতি

    দ্বিতীয় ৰাউণ্ডত ওদালগুৰিত বিপিএফৰ অগ্ৰগতি

    দ্বিতীয় ৰাউণ্ডৰ শেহতীয়া খবৰ অনুসৰি ৩১ নং খৈৰাবাৰী সমষ্টিত বি পি এফে এতিয়ালৈকে ১৬৯৫টা ভোট লাভ কৰি অগ্ৰগতি লাভ কৰিছে। ইউ পি পি এলে ১৫১৭ ভোটত পাইছে। অৱশ্যে এই সমষ্টিটোত বিজেপিয়ে ১৩২৯টা ভোটত পিছ পৰি আছে। 

    ইয়াৰ উপৰি ৩৭ নং ধনশ্ৰী সমষ্টিত বিপিএফে ৩৩০১ ভোটত আগবাঢ়ি আছে। তাৰ পাছতে আছে ইউ পি পি এল। দলটোৱে ৩১৯৩ ভোট লাভ কৰি আছে। দুয়োটা দলৰ মাজৰ ভোট ব্যৱধানৰ সংখ্যা হৈছে ১৯৪৩টা।

    ৩৬ নং হৰিশিঙাত বিপিএফ আগবাঢ়ি আছে। বাতৰি লিখা পৰ্যন্ত দলটোৱে ৩৬৮৯টা ভোট লাভ কৰিছে। একেদৰে ইউ পি পি এলে ২৭৩১টা ভোট লাভ কৰিছে। আনহাতে অঞ্জলী দৈমাৰীৰ এ পি বিয়ে ৬৩১টা ভোট লাভ কৰিছে।



  • Sep 26, 2025 12:00 IST

    বি টি আৰ নিৰ্বাচন : মুছলপুৰ, খৈৰাবাৰী, শালবাৰীত ইউ পি পি এলৰ অগ্ৰগতি

    বি টি আৰ নিৰ্বাচন : মুছলপুৰ, খৈৰাবাৰী, শালবাৰীত ইউ পি পি এলৰ অগ্ৰগতি...

    ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰথম ৰাউণ্ড

    ইউ পি পি এল  ২৯৩১
    বি পি এফ  ৩০৯১
    বিজেপি  ২১১৩

    খৈৰাবাৰী সমষ্টি
    ইউ পি পি এল ১৯১৭
    বি পি এফ ১৫৮৫
    বিজেপি ১১৫৪

    ভেৰগাঁও সমষ্টি

    বিজেপি ১৩০৯
    ইউ পি পি এল ১৮৬৬
    বিপিএফ ১০৮৯

    ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰথম ৰাউণ্ড

    ইউ পি পি এল  ৩১৩৯
    বি পি এফ ৩৫৪৪
    বিজেপি  ১১০৩



  • Sep 26, 2025 11:33 IST

    ভোটগণনাৰ প্ৰথম ৰাউণ্ডত ওদালগুৰিত বিপিএফৰ অগ্ৰগতি...

    ভোটগণনাৰ প্ৰথম ৰাউণ্ডত ওদালগুৰিত বিপিএফৰ অগ্ৰগতি

    প্ৰথম ৰাউণ্ডৰ অন্তত ৪০ নং ৰৌতা এছ টি সমষ্টি

    বিপিএফ- চৰণ বড়ো ৩৭৬৩
    ইউ পি পি এল- ড০ নিলোৎ স্বৰ্গীয়াৰী ৩২৬৪
    কংগ্ৰেছ- চোৰাংচা দৈমাৰী ৮২

    ৩৮ নং ভৈৰৱকুণ্ড এছ টি

    বিজেপি- মিনন মুছাহাৰী ১০৫৭
    বিপিএফ- ৰিহন দৈমাৰী ১১৪১
    ইউ পি পি এল- গোবিন্দ বসুমতাৰী ১০০৩

    ৩৭ নং ধনশ্ৰী এছ টি সমষ্টি
    বিপিএফ- ফ্ৰেছ মুছাহাৰী ৪০৩০
    ইউ পি পি এল - ৰুজুগ্রা মুছাহাৰী ২১৯৫
    কংগ্ৰেছ- ৰিলন মুছাহাৰী ৩০৯

    ৩৯ নং পাচনৈ চেৰফাং সমষ্টি

    বিজেপি- দিপক মৌৰ ১৪৪৯
    বিপিএফ - শ্যাম চুণ্ডী ১০৬৮
    ইউ পি পি এল- ৰামকৰণ গৌড় ৩০২
    নির্দলীয়- ৰাজু ধাকাল ৯২০
    জয় ভাৰত পাৰ্টী- সুমিত মিঞ্জ ১৪১৭



  • Sep 26, 2025 11:10 IST

    দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি

    কোকৰাঝাৰৰ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি ৷ প্ৰথম ৰাউণ্ডত বিপিএফৰ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী ৬৫৯ টা ভোটত আগবাঢ়ি আছে ৷

    দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে ২৭৭৯ টা ভোট লাভ কৰাৰ বিপৰীতে ইউপিপিএলৰ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰীৰে একালৰ ঘনিষ্ঠ খাম্ফা বৰগয়াৰীয়ে লাভ কৰিছে ২১২০ টা ভোট ৷ সমষ্টিটোত বিপিএফ - ২৭৭৯টা আৰু ইউপিপিএলে ২১২০ ভোট লাভ কৰিছে। 



  • Sep 26, 2025 10:27 IST

    কোকৰাঝাৰৰ বনৰগাঁও সমষ্টিত পোষ্টেল বেলট ভোটত বিপিএফৰ অগ্ৰগতি

    কোকৰাঝাৰৰ বনৰগাঁও সমষ্টিত পোষ্টেল বেলট ভোটত বিপিএফৰ অগ্ৰগতি ৷

    বনৰগাঁও সমষ্টিত ভোটদান হোৱা মুঠ ৩৩১ টা পোষ্টেল বেলেট ভোটৰ ভিতৰত 

    বিপিএফ - ১৩৪ টা 

    ইউপিপিএল - ১৩২ টা 

    বিজিপি -  ৫২ টা 

    কংগ্ৰেছ -  ৪ টা 
    এ বি পি - ২ টা ভোট লাভ কৰিছে ৷



  • Sep 26, 2025 09:51 IST

    ছালাকাটি সমষ্টিত বিপিএফৰ প্ৰাৰ্থী দেৰহাছাৎ বসুমতাৰীৰ অগ্ৰগতি

    ছালাকাটি সমষ্টিত পোষ্টেল বেলেট ভোটত বিপিএফৰ প্ৰাৰ্থী দেৰহাছাৎ বসুমতাৰীৰ অগ্ৰগতি ৷


    ছালাকাটি সমষ্টিৰ ২৩৯ টা পোষ্টেল ভোটৰ ভিতৰত 

    বিপিএফ - ১৪০ টা

    ইউপিপিএল - ৭০ টা 

    বিজেপি - ২৬ টা 

    কংগ্ৰেছ - ১ টা 

    অন্যান্য - ২ টা পোষ্টেল বেলেট ভোট লাভ কৰিছে ৷



বিটিচি