গণতন্ত্ৰৰ বৃহৎ উৎসৱটিত বি টি আৰবাসীয়ে যোগদান কৰকঃ মুখ্যমন্ত্ৰী

জুবিনৰ মহাপ্ৰয়াণৰ পাছতে ম্লান পৰিছে বি টি চি নিৰ্বাচনৰ বতাহ। প্ৰিয় শিল্পীজনক শেষবাৰৰ বাবে চোৱাৰ হেঁপাহেৰে গুৱাহাটীৰ সৰুসজাইলৈ আজিও ৰাওনা হৈছে বহুলোক।  

author-image
Asomiya Pratidin
New Update
web ap btr

ডিজিটেল ডেস্কঃ আজি বিটিচি নিৰ্বাচন। পুৱাৰে পৰা আৰম্ভ গৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰ পৰাই ভিৰ দেখিবলৈ পোৱা গৈছে। পিছে কিছু কিছু ভোটকেন্দ্ৰত এতিয়াও ভোটাৰৰ সেৰেঙা উপস্থিতি। জুবিনৰ মহাপ্ৰয়াণৰ পাছতে ম্লান পৰিছে বি টি চি নিৰ্বাচনৰ বতাহ। প্ৰিয় শিল্পীজনক শেষবাৰৰ বাবে চোৱাৰ হেঁপাহেৰে গুৱাহাটীৰ সৰুসজাইলৈ আজিও ৰাওনা হৈছে বহুলোক।  

ইয়াৰ মাজতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে ভোটাৰক জনাইছে আহ্বান। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে- বি টি আৰৰ প্ৰতিগৰাকী সন্মানীয় ভোটাৰক আজি ওলাই আহি নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনালোঁ। গণতন্ত্ৰৰ বৃহৎ উৎসৱটিত বি টি আৰবাসীয়ে যোগদান কৰক৷ আপোনালোকৰ বহুমূলীয়া এটি এটি ভোট এখন সমৃদ্ধিশালী বি টি আৰ নিৰ্মাণৰ মূল চাবিকাঠী হিচাপে পৰিগণিত হ'ব।

উল্লেখযোগ্য যে, বিজেপিৰ পৰা আদি কৰি সকলো ৰাজনৈতিক দলে জুবিন নোহোৱা হোৱাৰ খবৰ পোৱাৰ লগে লগে আধাতে সামৰিব লগা হৈছিল প্ৰচাৰ অভিযান। ইফালে, প্ৰচাৰ অভিযান সামৰাৰ পাছতে বি টি চিত হাগ্ৰামা আৰু প্ৰমোদ বড়োৱে ঠায়ে ঠায়ে আয়োজন কৰিছিল জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী