/asomiyapratidin/media/media_files/2025/09/21/chirang-21-2025-09-21-22-57-40.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ সোমবাৰে পঞ্চম বাৰৰ বাবে অনুষ্ঠিত হব বহুচৰ্চিত বিটিচি পৰিষদীয় নিৰ্বাচন । চিৰাং জিলাৰ ৭ টা পৰিষদীয় সমষ্টিৰ মুঠ ৫১০ টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হব ।
কাইলৈ অনুষ্ঠিত হব লগা ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ২২২০ গৰাকী পোলিং বিষয়া, কৰ্মচাৰী নিয়োগ কৰিছে জিলা নিৰ্বাচন বিভাগে। আজি কাজলগাঁৱৰ ইউএন ব্ৰহ্ম কলেজ চৌহদ আৰু বিজনী কলেজ চৌহদ স্থাপন কৰা নিৰ্বাচন পৰিচালনা শিবিৰৰ পৰা সকলো পোলিং বিষয়া কৰ্মচাৰীয়ে ইতিমধ্যে নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে যোৱাৰ বাবে জিলা প্ৰশাসনৰ পৰা পূৰ্বৰে পৰা সুব্যৱস্থা কৰি ৰাখিছিলে ।
পোলিং বিষয়া কৰ্মচাৰী আৰু নিৰাপত্তা বাহিনীয়ে ভোটগ্ৰহণ কেন্দ্ৰৰ সুব্যৱস্থাৰে যাতায়াতৰ বাবে ইতিমধ্যে ১১৩ টা বাছ, ১৮৭ টা মেজিক গাড়ী,৩৫ টা মিনি বাছ ৰিজাৰ্ভ কৰি কামত লগোৱা হৈছে। লক্ষ্যনীয় বিষয় যে ৫১০ টা সমষ্টিৰ ভিতৰত ১৯২ টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ চিহ্নিত কৰা হৈছে আৰু কোনোধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতি নোহোৱাকৈ যাতে শান্তিপূৰ্ণ ভাবে ভোটগ্ৰহণ অনুষ্ঠিত কৰিব পাৰি তাৰ বাবে ৬৮ জন মাইক্ৰো অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে ।
ইয়াৰে ৩৫ গৰাকী কাজলগাঁও মহকুমা আৰু ৩৩ জন বিজনী মহকুমাৰ। তদুপৰি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত আধা ছেকচনকৈ অৰ্ধ নিৰাপত্তা বাহিনীৰ জোৱান নিয়োগ কৰা বুলি জিলা জ্যেষ্ঠ আৰক্ষী বিষয়া অক্ষত গাৰ্গে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।
জিলাখনত ১৫ টা জ'ন আৰু ৬১ টা ছেক্টৰ থকাৰ কথা জনায় জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী যতীন বৰাই। জিলাখনৰ দুই ঠাইত ষ্ট্ৰং ৰুম আৰু ভোট গণণাৰ ব্যাৱস্থা কৰিছে কাজলগাঁও মহকুমাৰ বাবে কাজলগাঁও স্থিত উপেন্দ্ৰ নাথ ব্ৰহ্ম কলেজ আৰু বিজনী মহকুমাৰ বাবে বিজনী কলেজ।