বিটিচি নিৰ্বাচনঃ ৩০জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ...

আগন্তুক বিটিচি নিৰ্বাচনক লক্ষ্য ৰাখি বিপিএফ আৰু ইউপিপিএল দলে তেওঁলোকৰ প্ৰথমটো প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত আজি চিৰাং জিলাৰ কাজলগাঁৱত বিটিচি নিৰ্বাচনৰ ৩০ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে

author-image
Asomiya Pratidin
New Update
ujjjddd

ডিজিটেল সংবাদ, চিৰাংঃ আগন্তুক বিটিচি নিৰ্বাচনক লক্ষ্য ৰাখি বিপিএফ আৰু ইউপিপিএল দলে তেওঁলোকৰ প্ৰথমটো প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত আজি চিৰাং জিলাৰ কাজলগাঁৱত বিটিচি নিৰ্বাচনৰ ৩০ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল চমুকৈ ভিপিআই দলে।

Advertisment

কাজলগাঁও স্থিত চিৰাং জিলা প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল চমুকৈ ভিপিআই দলৰ সৰ্বভাৰতীয় উপ সভাপতি ললিত পেগুয়ে অসম ৰাজ্যিক সভাপতি তাৰিণী বসুমতাৰী সহ দলৰ অন্যান্য নেতা সকলৰ উপস্থিতিত আগন্তুক বিটিচি ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হবলগা ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ  প্ৰথমটো প্ৰাৰ্থী তালিকা আনুষ্ঠানিক ভাবে ঘোষনা কৰে।

তালিকা ঘোষণা কৰাৰ প্ৰাকক্ষণত সংবাদ মাধ্যমৰ আগত ললিত পেগুয়ে কয় যে যোৱা ২০১২ চনৰ পৰা আমি ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেল দলে নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছো । তেতিয়াৰ পৰা আমি লক্ষ্য কৰিছো তেতিয়াৰ শাসকীয় দল বিপিএফৰ নেতা কৰ্মী সকলে আমাৰ ওপৰত বহুত দমনমূলক নীতি অৱলম্বন কৰি আমাৰ দলৰ কৰ্মী সকলক হাৰাশাস্তি কৰিছিল । যাৰ প্ৰতিফল যোৱা ২০২০ চনৰ নিৰ্বাচনত বিপিএফ দলে পাইছে ।

এইবেলি নিৰ্বাচনত ইউপিপিএল দলেও যাতে আমাৰ লগত এই ব্যবহাৰ নকৰে সেই আশা আমি কৰিছো । আমি প্ৰতিটো ৰাজনৈতিক দলে এই নিৰ্বাচনত বিটিচিৰ উন্নয়ন, শান্তিৰ বাবে কাম কৰাৰ লক্ষ্য লৈ নিৰ্বাচনত অৱতীৰ্ণ হবলৈ আহ্বান জনায় । এই নিৰ্বাচনত যাতে ভোটাৰ ৰাইজৰ লাভ হয় সেই লক্ষ্যৰে আমিও বিটিচি নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হবলৈ গৈ আছো । ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ প্ৰাৰ্থী সকল ক্ৰমে ১) ২ নং গোমা পৰিষদীয় সমষ্টিত আনোৱাৰ আলী, ২) ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত চুমাই মূৰ্মূ ,৩) ৫ নং ছৰাইবিল সমষ্টিত মেধী ৰাভা , ৪) ৬ নং কচুগাঁও সমষ্টিত প্ৰবাজিৎ মুছাহাৰী , ৫) ৮ নং দতমা

 সমষ্টিত বিশ্বনাথ বসুমতাৰী ৬) ১০ নং দেবৰগাঁও সমষ্টিত ছানিয়া নাৰ্জাৰী, ৭) ১১ নং বাওখুংগ্ৰী সমষ্টিত নিৰ্মল বসুমতাৰী, ৮) ১২ নং ছালাকাটি সমষ্টিত টুনন দৈমাৰী, ৯) ১৩ নং চিৰাং সমষ্টিত বিমলা ওৱাৰী, ১০) ১৪ নং চিৰাং দুৱাৰ সমষ্টিত বিনোদ নাৰ্জাৰী, ১১) ১৫ নং কাজলগাঁও সমষ্টিত তাৰিণী বসুমতাৰী , ১২) ১৬ নং নিচিমা সমষ্টিত তাৰিণী বসুমতাৰী, ১৩) ১৭ নং ছুবাইঝাৰ সমষ্টিত প্ৰাণেশ্বৰী গয়াৰী, ১৪) ১৮ নং মানাস ছেৰফাং সমষ্টিত সমেশ্বৰ বসুমতাৰী, ১৫) ২০ নং মথনগুৰী আবু তালেব আহমেদ ,১৬) ২১ নং শালবাৰী সমষ্টিত জয়ৰাম বসুমতাৰী ,

 ১৭) ২২ নং ককলাবাৰী সমষ্টিত লৱ কুমাৰ বসুমতাৰী, ১৮) ২৩ নং দিহিৰা সমষ্টিত অতুল চন্দ্ৰ দাস, ১৯) ২৪ নং মুছলপুৰ সমষ্টিত ঊৰ্মিলা দাস, ২০) ২৬ নং দৰঙ্গাজুলি সমষ্টিত ধৰতি ৰাভা, ২১) ২৮ নং গয়বাৰী সমষ্টিত জুনমণি ৰাভা, ২২) ২৯ নং শুক্লাই ছেৰফাং সমষ্টিত ৰূপন বসুমতাৰী, ২৩) ৩০ নং গোৰেশ্বৰ সমষ্টিত বিজুলী নাৰ্জাৰী, ২৪) ৩১ নং খৈৰাবাৰী সমষ্টিত দীনেশ্বৰ বড়ো, ২৫) ৩২ নং ভেৰগাঁও সমষ্টিত ফুলন কছাৰী, ২৬) ৩৫ নং মুদৈবাৰী সমষ্টিত তৰুণ কুমাৰ, ২৭) ৩৬ নং হৰিশিঙা সমষ্টিত অনিলা ৰাভা, ২৮) ৩৭ নং ধনশ্ৰী সমষ্টিত বসুদেব বসুমতাৰী, ২৯) ৩৮ নং ভৈৰৱকুণ্ড সমষ্টিত মৃণালিনী দৈমাৰী, ৩০) ৪০ নং ৰৌতা সমষ্টিত সমবাৰু বসুমতাৰী ।

বি টি আৰ