/asomiyapratidin/media/media_files/2025/09/06/ddsdsssferer-2025-09-06-16-44-54.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সমাগত বিটিচি নিৰ্বাচন। ৰৌতা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে কঁকালত টঙালি বান্ধি নিৰ্বাচন প্ৰচাৰ অভিযান তুংগত কৰিছে বিপিএফ দলে ।
শনিবাৰে ৰৌতা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলায় বিপিএফ দলৰ প্ৰাৰ্থী চৰণ বড়ো সমন্বিতে দলৰ কাৰ্যকৰ্তাই। প্ৰচাৰ অভিযানৰ মাজতে প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে দলটোৱে। "বিগত সময়চোৱাত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বড়োলেণ্ডক চুইজাৰলেণ্ড বনোৱাৰ সপোন আজিলৈকে বাস্তৱত ৰূপায়িত নহল। বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বতহে ৰাস্তা ঘাট আদি বিভিন্ন উন্নয়নমূলক কামৰ জৰিয়তে বড়োভূমিৰ উন্নয়ন হৈছিল" বুলি মন্তব্য কৰে।
ইফালে, ৰৌতা পৰিষদীয় সমষ্টিত বিপিএফ দলে অনায়াসে বিজয়ী হব বুলি দলটোৱে উল্লেখ কৰে। পুনৰ হাগ্ৰামা মহিলাৰী নেতৃত্বত চৰকাৰ হলে নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিশ্বনাথ জিলাৰ ৰৌতা পৰিষদীয় সমষ্টিৰ যথেষ্ট উন্নয়ন কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে দলটোৱে।