বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা...

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে দলটোৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা আজি ঘোষণা কৰিছে। ১৯ নং থুৰিবাৰী আৰু ২৪ নং মুছলপুৰ সমষ্টিৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থী।

author-image
Asomiya Pratidin
New Update
বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা...

ডিজিটেল ডেস্কঃ বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে দলটোৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা আজি ঘোষণা কৰিছে। দ্বিতীয়খন প্ৰাৰ্থী তালিকা অনুসৰি চিৰাং জিলাৰ ১৯ নং থুৰিবাৰী সমষ্টিৰ বাবে অজয় কুমাৰ ৰয় আৰু বাক্সা জিলাৰ ২৪ নং মুছলপুৰ সমষ্টিৰ বাবে ৰিদিপ কুমাৰ ডেকাৰ নাম ঘোষণা কৰিছে। 

ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক তথা বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাই স্বাক্ষৰ কৰা এক জাননীৰ জৰিয়তে ঘোষণা কৰা এই প্ৰাৰ্থী তালিকাত উল্লেখ কৰা অনুসৰি ৰাজ্যিক নিৰ্বাচন কমিটীৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই প্ৰাৰ্থী দুগৰাকীৰ নাম ঘোষণা কৰিছে। 

ইয়াৰ লগে লগে বি টি চি পৰিষদীয় সমষ্টিত দলটোৰ প্ৰাৰ্থীৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বে দলটোৱে ২৮ টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছিল। আনহাতে ইউ পি পি এল, বি পি এফ আৰু কংগ্ৰেছে ৪০ টাকৈ সমষ্টিতে প্ৰাৰ্থী ঘোষাণা কৰিছে। 

উল্লেখ্য, ২ ছেপ্টেম্বৰ, ২০২৫ মঙলবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন। এই অন্তিম দিনটোতেই আজি ঘোষণা কৰা প্ৰাৰ্থী দুগৰাকীয়ে মনোনয়ন দাখিল কৰিব। 

বিটিচি বিজেপি