বিটিচি নিৰ্বাচনৰ বাবে বন্ধ থাকিব ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশ দ্বাৰ...

চুবুৰীয়া ভূটান ৰাষ্ট্ৰৰ গৃহ মন্ত্ৰালয়ৰ পৰা সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ সীমান্ত এলেকাৰ প্ৰৱেশ দ্বাৰ সমূহ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কাজলগাঁওঃ চুবুৰীয়া ভূটান ৰাষ্ট্ৰৰ গৃহ মন্ত্ৰালয়ৰ পৰা সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ সীমান্ত এলেকাৰ প্ৰৱেশ দ্বাৰ সমূহ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

চুবুৰীয়া ভূটান ৰাষ্ট্ৰৰ চৰকাৰী সুত্ৰই প্ৰকাশ কৰা মতে, বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ ২২ ছেপ্টেম্বৰ আৰু ভোট গণনা ২৬ ছেপ্টেম্বৰ অনুষ্ঠিত কৰাৰ বাবে ক্ৰমে ১৯ ছেপ্টেম্বৰৰ গধুলি ছয় বজাৰ পৰা ২৩ ছেপ্টেম্বৰলৈ পুৱা ছয় বজালৈ প্ৰৱেশ দ্বাৰ বন্ধ থাকিব ৷

একেদৰে ২৫ ছেপ্টেম্বৰৰ গধূলি ছয় বজাৰ পৰা ২৭ ছেপ্টেম্বৰৰ পুৱা ছয় বজালৈ সীমান্তৰ প্ৰৱেশ দ্বাৰ বন্ধ থাকিব বুলি সুত্ৰটেত প্ৰকাশ ৷ আন্তঃ ৰাষ্ট্ৰীয় প্ৰৱেশ দ্বাৰ সমূহ হৈছে জমছতংখা (Jomotshangkha), ছানদ্ৰুপজামখাৰ( Samdrupjongkhar), নামলাং (Nganglam), পাণবাঙ (Panbang)  গেলেফু (Gelephu) আৰু  নাহৰণি( Maharani ).

নিৰ্বাচন বিটিচি কাজলগাওঁ ভূটান