/asomiyapratidin/media/media_files/2025/09/09/chirang-9-2025-09-09-20-52-48.jpg)
ডিজিটেল সংবাদ, চিৰাং: ইউ পি পি এল আৰু বি পি এফ দলৰ পিছত এতিয়া বিজেপি দলেও নিৰ্বাচনী প্ৰচাৰ অধিক জোৰদাৰ কৰিবলৈ ১৩ নং চিৰাং পৰিষদীয় সমষ্টি ভিত্তিত বিজেপিৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় উদ্বোধন কৰে। চিৰাং জিলাৰ বাসুগাঁও চহৰত মুখ্যপথত ১৩ নং চিৰাং পৰিষদীয় সমষ্টি ভিত্তিত বিজেপিৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় উদ্বোধন কৰে প্ৰাক্তন সাংসদ তথা চিৰাং জিলা প্ৰভাৰী পল্লৱলোচন দাস আৰু জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়ে।
উল্লেখযোগ্য যে অহা ২২ ছেপ্তেম্বৰ তাৰিখত অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন। বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই বিটিচিৰ ৰাজনৈতিক দলসমূহে নিজ নিজ শক্তি প্ৰদৰ্শন কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।
ইতিমধ্যে বিটিচিৰ শাসকীয় দল প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বতাধীন বিপিএফ দলে ব্যাপক প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় দল বিজেপিয়েও ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আজি বাসুগাঁৱত বিজেপি দলৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাবে উদ্বোধন কৰি দলৰ প্ৰাক্তন সাংসদ তথা চিৰাং জিলাৰ প্ৰভাৰী পল্লৱলোচন দাসে বিটিচিৰ সাধাৰণ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলক ভোট প্ৰদান কৰাৰ বাবে আহ্বান জনায়।
অনুষ্ঠানতেই বিজেপি দলৰ ১৩ নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী সৌমখৌৰ ব্ৰহ্মই এইবাৰ চিৰাং জিলাত বিজেপি দল এক নম্বৰত থাকিব বুলি মন্তব্য প্ৰকাশ কৰে। লগতে তেওঁ কয় যে এতিয়া চিৰাং জিলাত বিজেপি দলৰ সন্মুখত কোনো প্ৰতিদ্বন্দি নাই যাৰ বাবে ১৩ নং চিৰাং পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী সৌমখৌৰ ব্ৰহ্মৰ বিজয় ১০০ শতাংশ নিশ্চিত বুলিও তেঁও মন্তব্য প্ৰকাশ কৰে।
চিৰাং জিলাৰ ৭ টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিজেপি দলে ৪ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু চাৰিখন আসনতে বিজেপি দলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰে জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়ে। চিৰাং জিলাত বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰায়বোৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আহিব বুলি জিলা সভাপতিজনে সদৰি কৰে।