বাক্সা জিলাৰ চাৰিটা পৰিষদীয় সমষ্টিত ১৭ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

বিটিচি পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিনাত বাক্সা জিলাৰ চাৰিটা পৰিষদীয় সমষ্টিত ১৭ জন বিভিন্ন দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

author-image
Asomiya Pratidin
New Update
xxxxxxxxxxxxxxxxxxx

ডিজিটেল সংবাদ, বাক্সাঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিনাত বাক্সা জিলাৰ চাৰিটা পৰিষদীয় সমষ্টিত ১৭ জন বিভিন্ন দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে নিজ নিজ সমৰ্থক সহিতে এক উৎসৱমুখৰ পৰিৱেশত বাক্সা জিলাৰ মুছলপুৰৰ বাথৌফুৰীত থকা বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে। 

Capture hhhhh

উল্লেখ্য যে জিলাখনৰ ২২ নং কোকলাবাৰী, ২৩ নং দিহিৰা, ২৪ নং মুছলপুৰ আৰু ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিত পৃথকে পৃথকে প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰে। তথ্য অনুসৰি, বিজেপি দলৰ হৈ ২৩ নং দিহিৰা সমষ্টিত মানস প্ৰতীম কলিতা, ২৪ নং মুছলপুৰ সমষ্টিত ৰিদীপ কুমাৰ ডেকা, ২৫ নং বাগানপাৰা সমষ্টিত অসমৰ প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, ২২ নং কোকলাবাৰী সমষ্টিত প্ৰাৰ্থী ৰমেন মদাহিয়ে মনোনয়ন দাখিল কৰে। 

Capturefffffff

সেইদৰে বিপিএফ দলৰ হৈ ক্ৰমে ২২ নং কোকলাবাৰী সমষ্টিত সোমখোৰ বড়ো, ২৩ নং দিহিৰা সমষ্টিত আগষ্টুচ টিগ্গা, ২৪ নং মুছলপুৰ সমষ্টিত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অনসুমৈ খুংগুৰ বড়ো আৰু ২৫ নং বাগানপাৰা সমষ্টিত বিটিচিৰ প্ৰাক্তন এমচিএলএ বনমালী বড়োৱে মনোনয়ন দাখিল কৰে। ইয়াৰেপৰি কংগ্ৰেছ, এপিবি, ৰাইজৰ দলৰ উপৰিও নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। 

বাক্সা