/asomiyapratidin/media/media_files/2025/09/06/btc-2025-09-06-15-32-35.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। নিৰ্বাচনৰ প্ৰাকক্ষণত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ দ্বাৰা বাক্সা জিলাৰ বাবে নিৰ্বাচন পৰ্যবেক্ষক হিচাপে নিযুক্ত ACS বিষয়াৰ দলটো বাক্সাত উপস্থিত হয়। দলটোত আছে অৰিন্দম বৰুৱা, প্ৰাঞ্জল চৌধুৰী আৰু দিগন্ত দাস।
মুছলপুৰ আৰু বাগানপৰা সমষ্টিৰ পৰ্যবেক্ষক হিচাপে নিযুক্ত প্ৰাঞ্জল চৌধুৰীয়ে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া গৌতম দাসৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয়। এই বৈঠকৰ মূল বিষয় আছিল নিৰ্বাচন সুস্থভাৱে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা।
ইফালে, মথনগুৰি আৰু শালবাৰী সমষ্টিৰ পৰ্যবেক্ষক ACS বিষয়া শ্ৰী অৰিন্দম বৰুৱাই শালবাৰী মহকুমা আৰক্ষী অধিকাৰী আৰু অন্যান্য বিষয়াসকলৰ সৈতে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰে। বৰুৱাই বাঁহবাৰী আউত পষ্টৰ ওচৰৰ Forest IB ৰ অবজাৰ্ভাৰ চেলত জনসাধাৰণৰ সৈতে সাক্ষাৎকাৰৰ বাবে উপলব্ধ থাকিব।
আনহাতে, কোকলাবাৰী আৰু দিহিৰা সমষ্টিৰ পৰ্যবেক্ষকৰ দায়িত্ব প্ৰাপ্ত ACS বিষয়া দিগন্ত দাস বৰ্তমান বাক্সা চাৰ্কিট হাউছস্থিত অবজাৰ্ভাৰ চেলত উপস্থিত থাকিব। একেদৰে, মুছলপুৰ আৰু বাগানপৰা সমষ্টিৰ পৰ্যবেক্ষক প্ৰাঞ্জল চৌধুৰীও বাক্সা চৰ্কিট হাউছস্থিত অবজাৰ্ভাৰ চেলত উপস্থিত থাকিব। সাধাৰণ নাগৰিক, প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহে প্ৰত্যেক দিনাই পুৱা ১১ বজাৰ পৰা ৩ বজা পৰ্যন্ত নিজ নিজ অবজাৰ্ভাৰ চেলত পৰ্যবেক্ষকসকলৰ সৈতে সাক্ষাৎ কৰিব পাৰিব।