/asomiyapratidin/media/media_files/2025/09/26/btc-26-2025-09-26-20-50-49.jpg)
ডিজিটেল ডেস্কঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে। এই পৰ্যন্ত বিপিএফৰ ৪ গৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ লগতে ইউ পি পি এলৰ দুজন আৰু বিজেপিৰ এজন প্ৰাৰ্থী জয়ী হৈছে।
এই মুহূৰ্তলৈকে লাভ কৰা তথ্য অনুসৰি বি পি এফ হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাওঁ সমষ্টিৰ পৰা বিজয়ী হৈছে।অৱশ্যে তেওঁ চিৰাং দুৱাৰ সমষ্টিত পৰাস্ত হৈছে।
চিৰাং দুৱাৰ সমষ্টিত জয়ী হৈছে একালৰ বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন ডেপুটি চি ই এম খাম্পা বৰগয়াৰী। তেওঁ ইউ পি পি এলৰ পৰা সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈছে।
সেইদৰে নিচিমা সমষ্টিৰ পৰা বি পি এফৰ প্ৰাৰ্থী জেমছ বসুমতাৰী, কচুগাওঁ সমষ্টিৰ পৰা বিধায়ক ৰবিৰাম নাৰ্জাৰী, পানীৰাম ব্ৰহ্ম আৰু বাওখুংগ্ৰী সমষ্টিৰ পৰা ধনেশ্বৰ গয়াৰীয়ে বিজয় সাব্যস্ত কৰিছে।
গৈবাৰী সমষ্টিৰ পৰা বিজয়ী হৈছে প্ৰমোদ বড়ো। বাতৰি লিখাৰ সময়লৈকে দতোমাত প্ৰমোদ বড়ো বি পি এফৰ প্ৰাৰ্থীগৰাকীৰ সৈতে তীব্ৰ যুঁজ চলি আছে। দৰংগাজুলিৰ পৰা আকৌ বিজেপিৰ প্ৰাৰ্থী বিজিত গোৰাই জয় লাভ কৰিছে।
ইতিমধ্যে বহু কেইটা সমষ্টিত অষ্টম ৰাউণ্ডৰ ভোটগণনা চলি আছে। প্ৰাপ্ত তথ্য অনুসৰি এই পৰ্যন্ত বিপিএফ ২২ খন আসনত আগবাঢ়ি আছে। ইউ পি পি এল আগবাঢ়ি আছে ৭ খন আসনত। বিজেপি আগবাঢ়ি আছে ১১ খন আসনত।
ইয়াৰে কেইবাখনো আসনৰ ফলাফল যিকোনো সময়তে ইফাল-সিফাল হোৱাৰ সম্ভাৱনা প্ৰৱল। ইতিমধ্যে বিপিএফে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। অৱশ্যে দলটোৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নে নাই সেয়া আৰু কিছু সময়ৰ পাছতে স্পষ্ট হৈ পৰিব।