আজি বিটিচিৰ পৰিষদীয় নিৰ্বাচনঃ ৭ বজাৰ পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ...

আজি অনুষ্ঠিত হ’ব বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ। জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য স্থবিৰ হৈ পৰিছে যদিও আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। 

author-image
Asomiya Pratidin
New Update
BTC 22

ডিজিটেল ডেস্কঃ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই আজি অনুষ্ঠিত হ’ব বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ। জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য স্থবিৰ হৈ পৰিছে যদিও আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। 

নিৰ্বাচন আয়োগৰ পূৰ্ব নিৰ্বাধিৰত সূচী অনুসৰি পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পাছত বিয়লি ৪ বজাত অন্ত পৰিব। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ২৬ ছেপ্তেম্বৰত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল। 

ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য মতে বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যা ২৬,৫৭,৯২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৩,২৩,৩৯৯ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৩,৩৪,৫২১ গৰাকী। অন্যান্য ভোটাৰৰ সংখ্যা ১৭ গৰাকী। ২০২০ বৰ্ষৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল ২৩,৮৭,০৪৬ গৰাকী।

মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৩৩৫৯ টা। ২০২০ চনৰ নিৰ্বাচনত এই সংখ্যা আছিল ৩১৪৬ টা। মুঠ আসন হৈছে ৪০ খন। ইয়াৰে ৩০ খন আসন অনুসূচীত জনজাতিৰ বাবে, ৫ খন আসন অনুসূচীত অ-জনজাতীয় লোকৰ বাবে আৰু ৫ খন আসন সকলোৰে বাবে মুকলি।

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৪০ টা পৰিষদীয় সমষ্টি হৈছে ক্ৰমে পৰ্বতঝোৰা (ST),বাওখুংগ্ৰী (ST), শালবাৰী (ST), খৈৰাবাৰী (ST), গুমা (Open), চালাকাটি (ST), কোকলাবাৰী (ST), ভেৰগাঁও (ST), শ্ৰীৰামপুৰ (Non ST) , চিৰাং (ST), দিহিৰা (Open), ননৈ ছেৰফাং (Non ST), যমদুৱাৰ (ST), চিৰাং দুৱাৰ (ST),মুছলপুৰ(ST), খালিং দুৱাৰ (ST), চৰাইবিল (ST), কাজলগাঁও (ST), বাগানপাৰা (ST), মুদৈবাৰী (Open), কচুগাঁও (ST), নিচিমা (ST), দৰঙাজুলি (ST), হৰিশিঙা (ST), দোতমা (ST), সোবাইঝাৰ (ST), নাগ্ৰীজুলি (Non ST), ধনশ্ৰী (ST), ফকিৰাগ্ৰাম (Non ST), মানস ছেৰফাং (ST), গইবাৰী (ST), ভৈৰৱকুণ্ড (ST), বনৰগাঁও (ST), ঠুৰিবাৰী (Open), ছুক্লাই ছেৰফাং (ST), পাঁচনৈ ছেৰফাং (Non ST), দেবৰগাঁও (ST), মথনগুৰি (Open), গোৰেশ্বৰ (ST), ৰৌতা (ST)।
 

নিৰ্বাচন বি টি চি