/asomiyapratidin/media/media_files/2025/09/18/d20c6c23-b7ac-4594-afe4-72b984474b43-2025-09-18-10-01-16.jpeg)
ডিজিটেল সংবাদ, বাক্সাঃ বিটিচিৰ পঞ্চম পৰিষদীয় নির্বাচনৰ ভোট গ্রহণৰ চমু চাপি অহাৰ লগে লগে ক্রমাৎ আকর্ষণীয় হৈ উঠিছে বাক্সা জিলাৰ অন্তৰ্গত ২৩ নং দিহিৰা পৰিষদীয় সমষ্টি। উল্লেখ্য যে ২০০৫ চনত অনুষ্ঠিত বিটিচিৰ প্ৰথম আৰু ২০১০ চনত অনুষ্ঠিত দ্বিতীয় পৰিষদীয় নিৰ্বাচনত সমষ্টিটোৰ পৰা বিপিএফ দলৰ প্ৰাৰ্থী মুন সিং ব্ৰহ্ম জয়ী হৈ বিপিএফে নিজৰ দখলত ৰাখিছিল। তাৰ পৰৱৰ্তী সময়ত দহ বছৰ গণ সুৰক্ষা পাৰ্টীৰ দখলত আছে সমষ্টিটো ।
এই সমষ্টিটো পুনৰুদ্ধাৰৰ কাৰণে প্ৰচাৰ অভিযান তীব্রতৰ কৰি তুলিছে বিপিএফে। আদিবাসী সমাজৰ এগৰাকী নিষ্ঠাৱান কর্মী তথা বিগত কেইবাবছৰ ধৰি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ লগত জড়িত হৈ নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দি জনগোষ্ঠীটোৰ লগতে সকলোৰে প্রিয়ভাজন হৈ উঠা বিপিএফৰ মনোনীত প্রার্থী আগাষ্টুছ টিগ্গাৰ প্ৰচাৰ অভিযান তীব্রতৰ হৈ উঠা দেখা গৈছে। যিকোনো প্রকাৰে দিহিৰা সমষ্টি পুনৰ নিজৰ দখলত ৰখাৰ বাবে দলীয় কর্মকর্তা তথা সকলো জাতি-জনগোষ্ঠীৰ লোকে দিনে-নিশাই চলাই গৈছে প্ৰচাৰ অভিযান।
আনকি বিপিএফ দলৰ মুৰব্বী তথা সভাপতি হাগ্ৰামা মহিলাৰীয়ে নিজে দিহিৰা সমষ্টিটো এইবাৰ কোনো কাৰণতে এৰি নিদিয়াৰ পণ লৈ সমষ্টিটোৰ বিভিন্ন এলেকাত প্ৰচাৰ অভিযানত নামি পৰা দেখা গৈছে। দলীয় প্ৰাৰ্থী আগাষ্টুছ টিগ্গাইও যিখন গাঁৱতে প্ৰচাৰ চলাবলৈ গৈছে, তাতে হিলদল ভাঙি ৰাইজক ওলাই অহা পৰিলক্ষিত হৈছে । সকলো জাতি-জনগোষ্ঠীৰ লোকে সমর্থন আগবঢ়োৱা আগাষ্টুছ টিগ্গাক বড়ো জনগোষ্ঠীয় অধ্যুষিত গাঁওসমূহৰ ভোটাৰেও বিশেষভাৱে আদৰি লোৱা দেখা গৈছে। জয়ী হ'ব বুলি দৃঢ় বিশ্বাসী প্ৰাৰ্থী গৰাকীও ।