/asomiyapratidin/media/media_files/2026/01/27/ujjjf-2026-01-27-17-37-50.jpg)
ডিজিটেল ডেস্কঃ আপুনি বি এছ এন এলৰ গ্ৰাহক নেকি! যদিহে হয় তেন্তে এই খবৰ আপোনাৰ বাবেই। BSNLএ আৰম্ভ কৰিছে এক নতুন প্লেন। এই প্লেন অনুসৰি আপুনি মাত্ৰ ৭টকাতেই এদিনৰ বাবে কৰিব ২.৫ জি বি ডাটা আৰু কথা পতাৰ সুবিধা। লগতে দৈনিক ১০০ মেছেজৰ সুবিধাও লাভ কৰিব।
গণৰাজ্য দিৱসৰ দিনটোত বি এছ এন এলে আৰম্ভ কৰিছে এই নতুন প্লেনটো। নাম দিয়া হৈছে- BSNL Bharat Connect 26 plan! এই প্লেনটোৰ সুবিধা লাভ কৰিবলৈ গ্ৰাহকসকলে এটা বছৰৰ বাবে একলগে ৰিছাৰ্জ কৰিব লাগিব। এই ৰিছাৰ্জ প্লেনটোৰ মূল্য ৰখা হৈছে ২,৬২৬ টকা। ২৬জানুৱাৰীৰ সৈতে সংগতি ৰাখি প্লেনটো আৰম্ভ কৰিছে বি এছ এন এলে।
আগন্তুক ২৪ফেব্ৰুৱাৰী, ২০২৬লৈকে এই প্লেনটো অব্যাহত থাকিব। এবাৰ ৰিৰ্ছাজ কৰিলে সম্পূৰ্ণ ৩৬৫দিনৰ বাবে লাভ কৰিব এই প্লেনটোৰ সুবিধা। এনেকৈ হ'লে এটা দিনত মাত্ৰ ৭টকা খৰছ কৰিয়েই গ্ৰাহকে লাভ কৰিব এই সুবিধা। যদিহে আপুনিও বি এছ এন এলৰ গ্ৰাহক তেন্তে এই প্লেনৰ সুবিধা লাভ কৰিব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us