মণিপুৰত বিএছএফ আৰু আৰক্ষীৰ‌ অভিযান...

ৰাষ্ট্ৰপতি শাসন চলি থকা তথা অশান্ত জৰ্জৰ মণিপুৰত‌ অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে

author-image
Asomiya Pratidin
New Update
394

ডিজিটেল সংবাদ, শিলচৰ : ৰাষ্ট্ৰপতি শাসন চলি থকা তথা অশান্ত জৰ্জৰ মণিপুৰত‌ অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। গোপন সূত্ৰৰ পম খেদি বিএছ এফৰ মিজোৰাম-কাছাৰ ফ্ৰন্টিয়াৰৰ চোৰাংচোৱা আৰু মণিপুৰ আৰক্ষীয়ে পশ্চিম ইম্ফল জিলাত অভিযান চলাই বুধবাৰে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ, বিষ্ফোৰক আৰু সক্ৰিয় গুলি জব্দ কৰে।

অভিযানকালত ৩টা ৰাইফল, ২টা পিষ্টল, ১টা হেণ্ড গ্ৰেনেড, ১০টা কাৰ্টিজ ৪টা ৱা-টকি আৰু বিভিন্ন মাৰণাস্ত্ৰৰ‌ 
 বুজণ পৰিমাণৰ সক্ৰিয় গুলি জব্দ কৰে। জব্দকৃত মাৰণাস্ত্ৰসমূহ কোনো‌ উগ্ৰপন্থী সংগঠনৰ বুলি সন্দেহ কৰা হৈছে।

মণিপুৰ