জামুগুৰিহাটৰ ধলাইবিল বৰমতা গাঁৱত নৃশংস হত্যাকাণ্ড

জামুগুৰিহাটৰ ধলাইবিল বৰমতা গাঁৱত শুকুৰবাৰে সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। গাঁৱখনৰ বম বাহাদুৰ পাছকোটি (৭০) নামৰ এজন ব্যক্তিৰ সৈতে ঘৰৰ কাষৰে ৰাজু কেৰ্কেটা (কালু) নামৰ এজন যুৱকৰ জংঘল কটাক কেন্দ্ৰ কৰি কাজিয়া সূত্ৰপাত হয়

author-image
Asomiya Pratidin
New Update
270

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ধলাইবিল বৰমতা গাঁৱত শুকুৰবাৰে সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। গাঁৱখনৰ বম বাহাদুৰ পাছকোটি (৭০) নামৰ এজন ব্যক্তিৰ সৈতে ঘৰৰ কাষৰে ৰাজু কেৰ্কেটা (কালু) নামৰ এজন যুৱকৰ জংঘল কটাক কেন্দ্ৰ কৰি কাজিয়া সূত্ৰপাত হয় ৷ 

পিছত এই কথাকলৈয়ে ৰাজু কেৰ্কেটাই নিশা ঘৰত শুই থকা অৱস্থাত চোকা অস্ত্ৰৰে ঘপিওৱাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল বম বাহাদুৰ পাছকোটি নামৰ লোকজন৷ স্থানীয় লোকে গুৰুতৰভাৱে আহত লোকজনক ততাতৈয়াকৈ উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও নিশাই ব্যক্তিজনৰ মৃত্যু হয়।

ইফালে জামুগুৰি আৰক্ষীয়ে মূল অভিযুক্ত ৰাজু কেৰ্কেটাক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তদন্তৰ খাতিৰতে যুৱকজনক শনিবাৰে বিয়লিৰ ভাগত নিজৰ ঘৰলৈ অনাৰ সময়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। স্থানীয় ৰাইজে হত্যাকাৰীৰ উচিত শাস্তিৰ দাবী জনাই উত্তপ্ত পৰিবেশ সৃষ্টি কৰে৷

জামুগুৰিহাট